ভাৰতৰ পূৰ্ব মহর্ষি সুশ্রুত আৰু প্লাষ্টিক চাৰ্জাৰি বিষয়ে জানো আহক

সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক

বিশ্বৰ প্ৰথম প্লাষ্টিক চাৰ্জাৰি জনক হৈছে ভাৰতৰ "মহর্ষি সুশ্রুত"। তেওঁৰ বিষয়ে আজি আমি কিছু কথা জানো আহক। বহুত হাজাৰ বছৰ পূৰ্বে হিন্দু ধৰ্মৰ মহর্ষি সুশ্রুত দেৱে ভাৰতৰ নাম বিশ্বৰ বুকুত জিলিকাই গৈছে।


বিজ্ঞান আৰু বিজ্ঞানী সৃষ্টি নোহোৱা আগতেই আমাৰ হিন্দু গ্ৰন্থ সমূহত বৰ্তমান আৱিষ্কাৰ, চিকিৎসা বিজ্ঞানৰ বহুখিনি কথা উল্লেখ আছিল কিন্তু দূৰ্ভাগ্য কথা যে যিবোৰ গ্ৰন্থত আৱিষ্কাৰ বা চিকিৎসা বিজ্ঞানৰ সম্পৰ্কে চিত্ৰ অংকন আৰু লিখিত ভাবে আছিল সেইসমূহ বহু বছৰ পূৰ্বে অন্যান্য দেশৰ জ্ঞানী বিজ্ঞ লোকসকলে লুপ্ত কৰি পাছত বিভিন্ন বস্তু সৃষ্টি আৱিষ্কাৰ কৰিলে।


যি কি নহওক এতিয়া আমি ভাৰতৰ পূৰ্ব মহর্ষি সুশ্রুত আৰু প্লাষ্টিক চাৰ্জাৰি বিষয়ে জানো-


প্লাষ্টিক চাৰ্জাৰি হ'ল চিকিৎসা বিজ্ঞানৰ এটা শাখা যাৰ প্ৰধান কাম শৰীৰৰ বিভিন্ন অংশ পুনৰুদ্ধা কৰা। প্লাষ্টিক চাৰ্জাৰি শব্দটো আহিছে গ্ৰিক ভাষাৰ plastikē শব্দৰ পৰা ইয়াৰ অৰ্থ  the art of modelling ১৫৯৮ পৰা এই শব্দটো প্ৰচলন হয়।


পোন প্ৰথমে প্লাষ্টিক সাৰ্জাৰি ইতিহাস যদি আমি জানিব বিচাৰো তেনে আমাৰ এইখন ভাৰতবৰ্ষতে আৱিষ্কাৰ হৈছিল। খ্ৰীষ্টপূৰ্ব ৬ শতিকাৰ সুশ্রুত নামেৰে এজন ভাৰতীয় শৈল্য চিকিৎসক আছিল, তেওঁৰ জন্ম হয় আজিৰ পৰা প্ৰায় ২৬০০ বছৰ পূৰ্বে অৰ্থাৎ ৬০০ খ্ৰীষ্টপূৰ্বত, গংগা নদীৰ পাৰৰ কাশী বৰ্তমান বেনাৰস (Benares) চহৰত জন্মগ্ৰহন কৰে । আৰু সেই স্থানত শৈল্য চিকিৎসাৰ বিভিন্ন কলা কৌশলৰ এখন চিকিৎসালয় আছিল সেই চিকিৎসালয়লৈ বহু হাজাৰ হাজাৰ লোকে চিকিৎসা গ্ৰহণৰ বাবে আহিছিল। সুশ্রুতে এই শৈল্য চিকিৎসাৰ ওপৰত "সুশ্রুত সংহিতা" (Sushruta samhita) নামেৰ এখন গ্ৰন্থ লিখিছিল এই গ্ৰন্থখনতে প্লাষ্টিক সাৰ্জাৰি, আয়ুৰ্বেদ পৰা ধৰি মানুহৰ শৰীৰত দেখা দিয়া বিভিন্ন বেমাৰৰ নিৰ্মূল কৰা উপায় উল্লেখ কৰা আছিল। এই সুশ্রুত সংহিতা গ্ৰন্থখনত মুঠ ১৮৪ পৃষ্ঠা আছিল, সম্পূৰ্ণ গ্ৰন্থখনত ১১২০ বিধ বেমাৰ ৭০০ বিধ ঔষধ, ১২০ বিধ চিকিৎসা পদ্ধতিৰ যন্ত্ৰ সজুলি বিষয়ে উল্লেখ কৰা হৈছে অৰ্থাৎ এই গ্ৰন্থখনত মানুহৰ দেহত দেখা দিয়া প্ৰায়সমূহ বেমাৰ নিৰ্মূল কৰা বিষয়ে উল্লেখ কৰা আছিল । 

এই সুশ্রুত সংহিতা গ্ৰন্থখন ৭৫০ খ্ৰীষ্টাব্দত আৰবী, লেটিন  ভাষালৈ অনুবাদ কৰা হয় ইয়াৰ পিছত ১৯০৭ ইংৰাজীলৈ অনুবাদ কৰা হয় ।


বৰ্তমান চিকিৎসা বিজ্ঞানী সকলেও এই কথা স্বীকাৰ কৰে যে, প্ৰাচীন ভাৰতবৰ্ষত হিন্দুসকলৰ আয়ুৰ্বেদ, যোগব্যাম, শৈল্য চিকিৎসাৰ আদি ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ অৱদান আছে।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।