স্বাধীনতা দিৱস দিনটোৰ লগত জড়িত কেইটামান বিশেষ তথ্য

১৯৪৭ চনৰ ১৫ আগষ্টৰ আজিৰ দিনটোতে ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈ ভাৰত এখন স্বাধীন দেশ হিচাপে প্ৰতিষ্ঠিত হৈছিল, এই বিষয়ে প্ৰতিজন ভাৰতীয় নাগৰিকে জানে, গতিকে এই সম্পৰ্কে বহলাই আলোচনা নকৰি আজি পবিত্ৰ দিনটোৰ লগত জড়িত কেইটামান নতুন কথা জানো আহক 

Some special information related to Independence Day in Assamese language

Some special information related to Independence Day in Assamese language

  • ১৫ আগষ্ট ১৯৪৭ চনত lord Mountbatten এ ভাৰত স্বাধীন বুলি ঘোষণা কৰিছিল বা স্বীকৃতি দিছিল । ইয়াৰ ২ বছৰৰ আগতে ঠিক এই ১৫ আগষ্ট দিনটোতে জাপানে দ্বিতীয় বিশ্বযুদ্ধত হাৰি আত্মসমৰ্পণ কৰিছিল । সেইবাবে loud Mountbatten এই দিনটোকে সিদ্ধান্ত কৰি লৈছিল।
  • ১৯৪৭ চনৰ ১৪ আগষ্ট ৰাতি ১২ টা বজাত জৱাহৰলাল নেহৰুয়ে স্বাধীনতাৰ India's tryst with destiny নামেৰে ভাষণ দিছিল , কিন্তু কিয় ৰাতি ১২ টা বজাত এই ভাষণ দিছিল ৰাতিপুৱাও তো এই ভাষণ দিব পাৰিলে হয় ? ইয়াৰ কাৰণ যে lord Mountbatten বাবে ১৫ আগষ্ট দিনটো শুভ দিন আছিল কিন্তু আমাৰ ভাৰতীয় হিন্দু কেলেণ্ডাৰ আৰু জ্যোতিষী সকলৰ বাবে এই দিনটো অশুভনীয় দিন বুলি গণ্য কৰা হৈছিল কাৰণ হিন্দু কেলেণ্ডাৰ অনুসৰি বেলি ওলালে দিন বুলি ধৰা হয় সেইবাবে ১৪ আগষ্ট ৰাতিয়ে ১২ টা বজাত জৱাহৰলাল নেহৰুয়ে ভাৰত স্বাধীনতা  India's tryst with destiny ৰ ভাষণ দিছিল ।
  • ১৯৪৭ চনৰ ১৫ আগষ্ট স্বাধীনতা দিৱস সভাত মহাত্মা গান্ধী উপস্থিত নাছিল । কাৰণ এফালে স্বাধীনতা দিৱস পালন কৰা হৈছিল আৰু আনফালে বেঙ্গলত হিন্দু আৰু মুছলিমৰ সংঘৰ্ষ হৈছিল সেই সংঘৰ্ষ ৰুদ্ধ কৰিবলৈ মহাত্মা গান্ধী স্বাধীনতা সভাত উপস্থিত থাকিব পৰা নাছিল ।
  • ১৯৪৭ চনৰ ১৬ আগষ্ট তাৰিখে ভাৰতৰ জাতীয় পতাকা প্ৰথমে জৱাহৰলাল নেহৰুয়ে লালকিল্লা উত্তোলন কৰিছিল ।
  • ভাৰতৰ জাতীয় পতাকাখন "Pingali Venkayya" দেবে তৈয়াৰ কৰি উলিয়াইছিল ।
  • আপুনি জানেনে যে ১৫ আগষ্ট ভাৰতৰ স্বাধীনতা দিৱস পালন কৰা উপৰিও congo , south korea , Brahmin আদিতো ১৫ আগষ্ট তাৰিখে নিজৰ স্বাধীনতা দিৱস পালন কৰে ।
  • ভাৰতৰ ৰাষ্ট্ৰ  সংগীত  "জন গণ মন" ১৯১১ চনতে ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল কিন্তু এই ৰাষ্ট্ৰীয় সংগীত ১৯৫০ চনৰলৈকে স্বাধীনতা দিৱসত গোৱা হোৱা নাছিল কাৰণ ইয়াক ৰাষ্ট্ৰ সংগীত হিচাপে প্ৰথমে স্বীকৃতি দিয়া নাছিল । ১৯৫০ চনত জন গণ মন ৰাষ্ট্ৰ সংগীত হিচাপে স্বীকৃতি দিয়ে ।
  • ভাৰত আৰু পাকিস্তান সীমান্তত যি ৰেখা চিত্ৰ অঙ্কন কৰিছিল বা বনাইছিল তেওঁ হৈছে লণ্ডনৰ "Cyril Radcliffe "
  • যেতিয়া ভাৰত স্বাধীন হৈছিল তেতিয়া সোণৰ মূল্য ১ গ্ৰামত ৮৮.৬২ টকা আছিল ।
  • ১৫ আগষ্ট ১৯৭২ চনত ভাৰতত পোন প্ৰথমে ডাক ঘৰৰ ৬ টা অঙ্কৰ পিন নম্বৰৰ ব্যৱস্থা কৰা হৈছিল ।
  • ১৯৯৫ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতত প্ৰথম BSNL দ্বাৰা ইন্টাৰনেট সেৱা জনসাধাৰণৰ বাবে মুকলি কৰা হৈছিল ।
  • ভাৰতৰ জাতীয় পতাকাৰ অশোক চক্ৰত ২৪ ডাল দণ্ড যেনেদৰে আছে তেনেদৰে ভাৰতে প্ৰতি ২৪ ঘন্টাত আগুৱাই গৈ আছে আৰু ভবিষ্যতেও আগুৱাই যাব । বৰ্তমান ২০৪ খন দেশৰ ভিতৰতে ভাৰতবৰ্ষ চতুৰ্থখন শক্তিশালী দেশ হয়তো আৰু কিছুদিনৰ ভিতৰতে প্ৰথম বা দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হ'ব ।


তলত আপলোড কৰা জাতীয় পতাকাখন হৈছে ভাৰতত প্ৰথম ১৫ আগষ্টত অৰ্থাৎ স্বাধীনতা দিৱস দিন উত্তোলন কৰা জাতীয় পতাকা। এই পতাকাখন বৰ্তমানেও সংৰক্ষণ কৰি ৰখা হৈছে।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।