আদি যুগ - মধ্য যুগ - শংকৰী যুগ - উত্তৰ শংকৰী যুগ

সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক

আদি যুগ

আদি যুগৰ সাহিত্য (১০ম শতিকাৰ পৰা ১৪শ শতিকালৈ) : এই কালচোৱাৰ একমাত্র নিদর্শন হ’ল –চর্যাপদসমূহ । চর্যাপদসমূহ হৈছে বৌদ্ধ সহজযান পন্থৰ ধর্ম সাধনৰ গীত। প্রত্যেকটো চর্যা সাঁথৰৰ দৰে ; ইয়াৰ বাহ্যিক অর্থ অতি সহজ; কিন্তু গূঢ়ার্থ বা মমার্থ বুজা কঠিন। সেইবাবে ইয়াক সান্ধ্য ভাষা বুলিও কোবা হ্য় ।চর্যাগীত সমূহ গাবৰ কাৰণে ৰচিত । সেইবাবে প্রত্যেকটো চর্যাতে পৰবর্তী কালৰ বৰগীত থকাৰ দৰে ৰাগ সংযোগ কৰা আছে। প্রত্যেকটো পদৰ দ্বিতীয় চৰণটো ধ্রুপদ অর্থাৎ দোহাৰি গাব লাগে । ১৯০৪ চনত মহামহোপাধ্যায় হৰপ্রসাদ শাস্ত্রী দেৱে নেপাল ৰাজদৰবাৰৰ গ্রন্থালয়ৰপৰা ‘চর্যাচর্যবিনিশ্চয়’ নামৰ এখন পুথি উদ্ধাৰ কৰি আনি ‘হাজার বছরর পুরাণ বঙ্গলা ভাষার বৌদ্ধ গানত দোহা’ এই নামেৰে ১৯১৬ চনত প্রকাশ কৰে। এইপুথিত ২৪ জন সিদ্ধাচার্যৰ দ্বাৰা ৰচিত ৪৬ টা গীত বা দোহা পোৱা যায়। এই পুথিৰ মীননাথ, লুইপা, সৰহপাদ, মৎস্যেন্দ্রনাথ আদি গীতিকাৰ সকল পুৰণি কামৰূপৰ। চর্যাপদৰ ভাষাৰ আমাৰ অসমীয়া ভাষাৰ প্রাচীনতম নিদর্শনৰ সৈতে বহুখিনি মিল থকা দেখা যায় বাবেই এই গীতসমূহক আমাৰ অসমীয়া ভাষাৰ প্রথম লিখিত নিদর্শন বুলি কোৱাৰ যথেষ্ট থল আছে। মুঠতে, এই যুগৰ সাহিত্যিক ফচল কেৱল চর্যাগীত সমূহ ।


এই যুগৰ সাহিত্যৰ ঘাই বিশেষত্ব সমূহ হৈছে এনেধৰণৰ –

ক) এই যুগ ঘাইকৈ গীতি সাহিত্যৰ যুগ। এই যুগৰ লিখিত সাহিত্যৰ নিদর্শন হিচাপে যি গীত পোৱা গৈছে, সেইবোৰ কেৱল গাবৰ বাবেই ৰচিত।

খ) গীতবোৰত পটমঞ্জৰী, বৰাড়ী, মল্লাৰ আদি বিভিন্ন ৰাগৰ উল্লেখ আছে। তদুপৰি গীতবোৰত গীতিকাৰৰ নামো লিপিবব্ধ থকা দেখা যায়।

গ) প্রতীক বা ৰূপকৰ প্রয়োগ এই যুগৰ সাহিত্যৰ আন এটা অন্যতম বিশেষত্ব ।

ঘ) মাত্রাবৃত্ত ছন্দত ৰচিত এই গীতবোৰত অন্ত্যানুপ্রাস এটা মন কৰিবলগীয়া বিশেষত্ব।

ঙ) সংকেতময়ী ভাষাৰ প্রয়োগ বা ভাষাৰ ইংগিতময়তা এই যুগৰ সাহিত্যৰ আন এটা মন কৰিবলগীয়া বিশেষত্ব।


মধ্য যুগ (১৩০০-১৪৯০)

অসমীয়া সাহিত্যৰ সোণালী যুগ বুলি কোৱা হয় শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ সময়খিনিক আৰু শংকৰদেৱৰ এই সাহিত্য চৰ্চাৰ সময়খিনিক ভিত্তি কৰিয়েই যিটো যুগৰ সৃষ্টি হৈছিল তাকেই অসমীয়া সাহিত্যৰ মধ্য যুগ বুলি সাহিত্যৰ পণ্ডিতসকলে নামাকৰণ কৰিছে। সেই অনুসৰিয়েই শংকৰদেৱৰ পূৰ্বৱৰ্তী সময়ছোৱাক প্ৰাক-শংকৰী যুগ বুলি অভিহিত কৰিব পাৰি। প্ৰাক-শংকৰী যুগৰ সময় নিৰ্ধাৰণ কৰা হয় ১৩০০-১৪৯০ খ্ৰীষ্টাব্দ। প্ৰাক-শংকৰী অসমীয়া কবিতা আৰু সাহিত্যৰ ভেটি প্ৰতিষ্ঠাৰ সময়।

এই যুগটোত প্ৰধানকৈ পাঁচগৰাকী কবিয়ে কাব্য সাধনা কৰিছিল।

তেওঁলোক হ’ল- (১) হেম সৰস্বতী (২) ৰুদ্ৰ কন্দলী (৩) হৰিহৰ বিপ্ৰ (৪) কবিৰত্ন সৰস্বতী আৰু (৫) মাধৱ কন্দলী।


প্ৰাক-শংকৰী যুগত এইকেইজন কবিয়ে কাব্যসাধনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছিল। বিশেষকৈ মাধৱ কন্দলিৰ যিখন অনূদিত ৰামায়ণ তাৰ প্ৰাসংগিকতা বৰ্তমান সমাজতো দেখিবলৈ পোৱা যায়। গতিকে অসমীয়া সাহিত্যৰ ইতিহাসত এই যুগটোৰ ঐতিহ্য আৰু যথেষ্ট গুৰুত্ব আছে।


এই যুগৰ সাহিত্যৰাজিৰ কেতবোৰ বিশেষত্ব হৈছে –

ক) এই যুগৰ সাহিত্য ঘাইকৈ  কাব্যধর্মী ।

খ) এই যুগৰ সাহিত্য ঘাইকৈ অনুবাদ মূলক ।

গ) এই যুগৰ সাহিত্য চর্চাৰ বাবে ৰাজ পৃষ্ঠপোষকতাৰ ব্যৱস্থা ৰখা হৈছিল ।

ঘ) উপমা অলংকাৰৰ তীব্রতা এই যুগৰ সাহিত্যৰ আন এটা উল্লেখযোগ্য বিশেষত্ব বুলি ধৰা হয় ।

ঙ) এই যুগৰ সাহিত্ব উদ্দেশ্যধর্মী নাছিল ।

চ) এই যুগৰ সাহিত্যত বীৰ ৰসৰ প্রাধান্য বেছি ।


শংকৰী যুগ

খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ শেষভাগৰ পৰা সপ্তদশ শতিকাৰ আদিভাগলৈ ৰচনা কৰা সাহিত্যক শংকৰী যুগৰ সাহিত্য বোলা হয়। এই যুগৰ সাহিত্যক নৱ বৈষ্ণৱ সাহিত্য বুলিও কোৱা হয়। কাৰণ এই যুগৰ সাহিত্যৰাজিত ভক্তিৰ স্বৰূপ মূৰ্তিমান হৈ আছে। এই যুগটোৰ সাহিত্যক শংকৰদেৱে প্ৰবলভাৱে প্ৰভাৱান্বিত কৰিছিল বাবেই এই যুগটোক শংকৰী যুগ আখ্যা দিয়া হয়।

 

        এই যুগৰ অসমীয়া সাহিত্য সৰ্বভাৰতীয় ভক্তি আন্দোলনৰ লগত জড়িত। প্ৰাক-বৈদিক যুগতে ভক্তিতত্বৰ উৎসৰ সন্ধান পোৱা যায় বুলি পণ্ডিতসকলে মত পোষণ কৰিছে। ঋক্ বেদত বৰুণ, সবিতা আৰু ঊষাৰ প্ৰাৰ্থনা পোৱা যায়। এই প্ৰাৰ্থনা মন্ত্ৰবোৰত ভক্তিৰ বীজ অন্তৰ্লীন হৈ আছে। উপনিষদ সমূহৰ কেইখনমান ভক্তিতত্বৰ আভাস পোৱা যায়।


        ভক্তিধৰ্মৰ মূল লক্ষ্য আছিল লোকজীৱনৰ সকলো দিশতে উন্নতি কৰা। ভক্তিমাৰ্গত তিনিটা শব্দই বিশেষ স্থান লাভ কৰে। এই শব্দ কেইটা হ'ল ভগৱৎ, ভক্তি আৰু ভক্ত। পণ্ডিতসকলে মত পোষণ কৰিছে যে এই তিনিটা পদে আদিম জনজাতীয় গোষ্ঠী বিশেষৰ সম্পত্তিৰ অধিকাৰী (ভাগৱৎ, প্ৰভু), সম্পত্তিৰ অংশ (ভক্তি) আৰু সম্পত্তি লাভ কৰা ব্যক্তি বিশেষক (ভক্ত) বুজায়। সময়ৰ গতিশীলতাত ভগৱতক ঈশ্বৰ ৰূপে শ্ৰদ্ধা কৰিবলৈ লোৱা হ'ল আৰু ভক্তক ঈশ্বৰৰ সেৱকৰূপে জ্ঞান কৰা হ'ল।


শংকৰী যুগৰ সাহিত্য মূলতঃ ভক্তি-ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচিত হৈছিল। হিন্দু ধৰ্মগ্ৰন্থসমূহ সাধাৰণতে সংস্কৃত ভাষাত ৰচিত। ইয়াৰ তত্বসমূহ সৰ্বসাধাৰণৰ বোধগম্য হোৱাকৈ শ্ৰৱণ-কীৰ্তনৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্ৰচাৰৰ অৰ্থে ৰচিত হৈছিল। এই যুগৰ সাহিত্য আদৰ্শবাদী ভাৱধাৰাৰ ওপৰত প্ৰতিষ্ঠিত। সেইবাবেই ইয়াত সাধাৰণ লোকৰ মনৰ কথা বা আৰ্থ-সামাজিক চিত্ৰ প্ৰতিফলিত হোৱা দেখা নাযায়। ভগৱানৰ অৱতাৰ লীলা বা কৃষ্ণ ভক্তিৰ মাহাত্মহে সেই সময়ৰ সাহিত্যৰ মাজেৰে উদ্ভাসিত হৈছে। সাহিত্যৰাজিৰ মাজত বিভিন্ন ৰসৰ প্ৰকাশ ঘটিলেও ভগৱতৰ ভক্তিৰসত সকলো ৰস বিলীন হৈ যায়। অন্ত:সলিলা ফল্গুৰ দৰে সকলোৰে অন্তৰালত বৈ থাকে কৃষ্ণৰতি বা ভক্তিৰস।


        এই যুগৰ সাহিত্যৰ এটা বৈশিষ্ট হ'ল সমগ্ৰ সাহিত্যৰাজিয়েই আছিল মূলতঃ অনুবাদমূলক। কবিসকলে কাব্য-নাটৰ বাবে সমল সংগ্ৰহ কৰিছিল শ্ৰীমদ্ভাগৱত পুৰাণ আৰু আন আন ভক্তিমূলক পুৰাণৰ পৰা। অৱশ্যে অনুবাদমূলক বা সমল আধাৰিত হ'লেও এইবোৰৰ মাজতো কবিসকলৰ মৌলিক প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে।


উত্তৰ শংকৰী যুগ

উত্তৰ শংকৰী বা শংকৰোত্তৰ যুগ বুলিলে সপ্তদশ শতিকাৰ পৰা বৃটিছ যুগৰ আৰম্ভণিৰ সময় (১৮২৬ চন) লৈকে ধৰা হয়। শংকৰোত্তৰ যুগৰ সাহিত্যৰ প্ৰধান অৱলম্বন আছিল ঘাইকৈ সত্ৰসমূহৰ লগতে আহোম, কোচ, কছাৰী ৰজাসকলৰ পৃষ্ঠপোষকতা। সপ্তদশ শতিকাৰ মাজ সময়ছোৱাত অসমীয়া সাহিত্যত কোনো বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা নগৈছিল। কিন্তু অষ্টাদশ শতিকাৰ আৰম্ভণিৰে পৰা অসমীয়া সাহিত্যত নতুন পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। গীত, কাব্য আৰু নাটক আদি সাহিত্যৰ শাখাসমূহ ফলে-ফুলে জাতিষ্কাৰ হৈ পৰা দেখা যায়।


উত্তৰ-শংকৰী যুগৰ কবিসকলে শংকৰদেৱৰ সাহিত্যৰ আদৰ্শকে সাৰোগত কৰি কবিতা ৰচনা কৰিছিল। শংকৰদেৱৰ কবিতাৰ মূল আদৰ্শ আছিল ভক্তি ধৰ্মৰ প্ৰচাৰ আনহাতে শংকৰোত্তৰ যুগৰ কবিসকলৰ লিখনিৰ গুৰুজনাৰ ভক্তিধৰ্মৰ আদৰ্শই প্ৰসাৰতা লাভ কৰিছিল যদিও ই পূৰ্বৰ গভীৰতা হেৰুৱাই পেলাইছিল। এই যুগৰ কবিসকলৰ কাব্য ৰচনাৰ আধাৰ আছিল- ব্ৰহ্মবৈৱৰ্ত পুৰাণ, পদ্মপুৰাণ, ধৰ্মপুৰাণ, মহাভাৰত আদি সংস্কৃত গ্ৰন্থসমূহ।


শংকৰোত্তৰ যুগৰ কেইজনমান উল্লেখযোগ্য কবি হৈছে- গোপাল আতা, পদ্মপ্ৰিয়া, গোপাল মিশ্ৰ, গোবিন্দ মিশ্ৰ, দামোদৰ দাস, ৰামমিশ্ৰ, বিষ্ণু ভাৰতী, অনিৰুদ্ধ আৰু কবিৰাজ চক্ৰৱৰ্তী।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।