মানসিক চাপৰ কাৰণ আৰু উপশমৰ উপায় - Causes of stress and ways to relieve stress

Health tips in Assamese Language
মানুহৰ জীৱন নানা সমস্যাৰে ভৰা। ব্যক্তি এজনে যেতিয়া জীৱনত সন্মুখীন হোৱা কোনো সমস্যাৰ সমাধান নিজা সামৰ্থ্যৰে কৰিব নোৱাৰে, তেতিয়াই মানসিক চাপত ভোগা দেখা যায়। সাধাৰণতে অলপ মানসিক চাপত ভোগাটো মানুহৰ শৰীৰ আৰু মনৰ বাবে ক্ষতিকাৰক নহয়। বৰং কম পৰিমাণৰ মানসিক চাপে ব্যক্তি এজনৰ মনত ধনাত্মক চিন্তাৰ পয়োভৰ ঘটায়। এই চাপ অতিক্ৰম কৰি ব্যক্তিজনক জীৱনত কৃতকাৰ্য হোৱাত সহায় কৰে। কিন্তু অতিমাত্ৰা মানসিক চাপ ব্যক্তি এজনৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। অত্যধিক মানসিক চাপে ব্যক্তি এজনৰ আৱেগিক আৰু মানসিক সমস্যাৰ সৃষ্টি কৰাৰ উপৰি নানা গুৰুতৰ শাৰীৰিক সমস্যাকে ধৰি হৃৎপিণ্ডৰ ৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, পাকস্থলীৰ ঘা, ষ্ট্ৰ’ক আৰু কৰ্কট ৰোগপৰ্যন্ত সৃষ্টি কৰিব পাৰে। বৰ্তমানৰ প্ৰতিযোগিতামূলক সমাজখনত এই সমস্যা প্ৰতিদিনে বাঢ়ি আহিছে।


Causes of stress and ways to relieve stress in Assamese

কিশোৰ-কিশোৰীৰ পৰা আৰম্ভ কৰি ডেকা, মধ্যবয়সীয়া, বৃদ্ধ-বৃদ্ধা সকলো বয়সৰ লোকেই মানসিক চাপত ভোগা দেখা যায়। অৱশ্যে ব্যক্তি আৰু বয়স ভেদে মানসিক চাপত ভোগাৰ কাৰণবোৰ ভিন্ন ভিন্ন হয়। কিশোৰ-কিশোৰীয়ে হয়তো পৰীক্ষাৰ সময়ত, সাক্ষাৎকাৰৰ সময়ত, অধ্যয়ন আৰু পৰীক্ষাত আশানুৰূপ ফল নাপালে, বন্ধুত্বৰ সম্পৰ্কত ভাঙোন আহিলে, পিতৃ-মাতৃৰ পৰা অৱহেলিত হ’লে মানসিক চাপত ভুগিব পাৰে। ডেকা এজনে হয়তো মন:পূত কৰ্মসংস্থান নোপোৱা, কামত অধিক হেঁচা, অৰ্থনৈতিক দুৰৱস্থা, প্ৰেম, পৰিয়ালৰ বিভিন্ন কাৰণত মানসিক চাপত ভুগিব পাৰে। সেইদৰে বৃদ্ধকালত পৰিয়ালৰ পৰা গুৰুত্ব নোপোৱা, অৰ্থনৈতিক স্বাৱলম্বিতাৰ অভাৱ আৰু নানা ৰোগৰ বাবে বৃদ্ধ-বৃদ্ধাসকল মানসিক চাপত ভুগিব পাৰে।


মানসিক চাপত ভোগাৰ লক্ষণ

1. বিহেভিওৰেল লক্ষণ

বাৰে বাৰে চিগাৰেট অথবা অন্য ধপাত সেৱন কৰা, মাদক দ্ৰব্য সেৱন কৰা, বাৰে বাৰে চাহ বা কফি খোৱা, নখ কামুৰি থকা, আঁঠু লৰাই থকা, নিজৰ চুলিকে টানি থকা, অসাৱধানতাৰে গাড়ী চলোৱা, নিজকে সামাজিকভাৱে আঁতৰাই আনি অকলশৰে থাকিবলৈ ভাল পোৱা ইত্যাদি।


2. কগনিটিভ্‌ লক্ষণ

স্মৃতিশক্তি হ্ৰাস পোৱা, কথা পাহৰি যোৱা, ভাবিবলৈ টান পোৱা, ভয়াতুৰ হোৱা, অসংযত হোৱা ইত্যাদি।


3. আৱেগিক লক্ষণ

তৎক্ষণাত খং উঠা, খিংখিঙীয়া হোৱা, অকাৰণতে খং উঠা, হতাশাত ভোগা, মানসিক উদ্বেগতা বঢ়া, অকাৰণতে ভয় খোৱা, অনবৰতে টোপনি লাগি থকা ইত্যাদি।


4. শাৰীৰিক লক্ষণ

পিঠি, ডিঙি আদিৰ পেশীৰ বিষ অনুভৱ, অনিয়মিত শ্বাস-প্ৰশ্বাস হোৱা, মুখ শুকাই যোৱা, হাতৰ তলুৱা ঘমা, পেট বিষোৱা, আঙুলি ঠাণ্ডা হৈ পৰা, হাত-ভৰিৰ কঁপনি হোৱা, সঘনাই প্ৰস্ৰাৱ-পাইখানাৰ অনুভৱ হোৱা ইত্যাদি।


কাৰণ


শাৰীৰিক আৰু মানসিকভাৱে অত্যধিক হেঁচা পোৱা কামত অত্যধিক হেঁচা, অধিক সময় কাম কৰিবলগীয়া হোৱা, অধিক কথা বা খবৰ মনত ৰাখিবলগীয়া হোৱা, জীৱনত অধিক বস্তুৰ প্ৰয়োজন হোৱা, শাৰীৰিকভাৱে অধিক ৰোগ হোৱা ইত্যাদি। মনত ৰাখিব লাগে সকলোৰে অত্যধিক বেয়া। জীৱনত অত্যধিক বিচাৰিলেই মানসিক চাপত ভুগিবই লাগিব।

জীৱন আৰু সংসাৰৰ প্ৰভাৱ, পৰিয়াল আৰু নিজৰ ওপৰত টকা-পইচাৰ প্ৰভাৱ, জীৱিকা আৰু কৰ্মসংস্থাপনৰ প্ৰভাৱ, পৰিয়াল আৰু আত্মীয়ৰ সহযোগিতা আৰু প্ৰভাৱ, ব্যক্তিগত ইগ’, বন্ধু-বান্ধৱীৰ মানসিক অসযোগিতা, বেয়া স্বাস্থ্য, কম বিনোদন কৰা, কামৰ পৰা কম ছুটী লোৱা, সামাজিক আৰু আধ্যাত্মিক প্ৰভাৱ, অবন্ধুসুলভ জীৱনৰ লগৰী, সমাজৰ দুৰ্নীতি, আতিশয্য দিয়া কৰ্মসংস্থানকাৰী(শাৰীৰিক, মানসিক, যৌন আতিশয্য), নষ্ট হোৱা জীৱন লগৰী অথবা পুত্ৰ-কন্যা ইত্যাদি।

কিছুমান শাৰীৰিক ৰোগ আৰু সেৱন কৰা ঔষধৰ প্ৰভাৱ, ৰক্তহীনতা, শৰীৰত আইৰণৰ অভাৱ, থাইৰয়ড হৰম’নৰ সমস্যা, ডায়েবেটিছ, Cushing Syndrome, মেদবহুলতা, মোনোনিউক্লিঅ’ছিছ, অতিমাত্ৰা ষ্টেৰয়ড সেৱন কৰা, কৰ্কট ৰোগৰ দৰবৰ পাৰ্শ্বক্ৰিয়া ইত্যাদি। এনে পৰিবেশত ব্যক্তিজনৰ মস্তিষ্কৰ লিম্বিক ছিষ্টেমে চেৰিব্ৰেল কৰ্টেক্স অংশটি পৰিচালিত কৰি মানসিক চাপত ভোগায়।



পৰিত্ৰাণৰ উপায়

  • যিবোৰ কথাই মানসিক চাপ দিয়ে, সেইবোৰ চিনাক্ত কৰি তেনে পৰিবেশ আৰু কথাবোৰক গুৰুত্ব নিদি পৰিত্যাগ কৰিব লাগে। মানসিক চাপত ভোগা ব্যক্তিয়ে এই চাপক ধনাত্মকভাৱে লৈ ইয়াৰ বিৰুদ্ধে যুঁজিব লাগে। এবাৰত অকৃতকাৰ্য হৈ মানসিক চাপত ভুগিলেও পিছত নতুন উদ্যমেৰে এই চাপ অতিক্ৰম কৰি কৃতকাৰ্য হ’ব পাৰি।
  • মানসিক চাপৰ পৰা মুক্তি পাবলৈ আনৰ সহায় ল’ব লাগে। নিজৰ মানসিক চাপৰ কাৰণ পাৰিয়ল, আত্মীয়, বন্ধু-বান্ধৱ, শিক্ষক আৰু চিকিৎসকক কৈ তেওঁলোকৰ সহযোগত মানসিক চাপৰ পৰা মুক্তি পাব পাৰি। কিশোৰ-কিশোৰীসকলে পিতৃ-মাতৃ, আত্মীয় আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সহায় লৈ মানসিক চাপ আঁতৰাব পাৰে। অভিভাৱকসকলে সদায় সন্তানৰ কথা মনোযোগেৰে শুনি তাক দূৰ কৰাৰ ব্যৱস্থা ল’ব লাগে। মানসিক চাপত ভোগা ব্যক্তিৰ কথা মনোযোগেৰে শুনাটোৱে ৰোগীজনৰ বাবে মহৌষধৰ কাম কৰে।
  • মানসিক চাপ কমোৱাত সুস্বাস্থ্য বজাই ৰখাটো যথেষ্ট প্ৰয়োজনীয়। জাংক ফুড, শীতল পানীয়, ধঁপাত সেৱন, মাদক দ্ৰব্য সেৱন, ড্ৰাগছ্‌ সেৱন, টোপনি ক্ষতি আদি কৰিব নালাগে। এইবোৰ অভ্যাসে মানসিক চাপ কমোৱাৰ পৰিৱৰ্তে বঢ়ায়হে। সেয়েহে সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় সন্তুলিত পুষ্টিকৰ আহাৰ, ভিটামিন, মিনাৰেল, বিশুদ্ধ পানী খাব লাগে আৰু নিয়মিতভাৱে ভালদৰে শুব লাগে।
  • চিকিৎসকৰ ওচৰত শৰীৰ পৰীক্ষা কৰাব লাগে। ওপৰত উল্লেখ কৰা ৰোগবোৰৰ কাৰণে মানসিক চাপ হ’লে, তাৰ উচিত চিকিৎসা লৈ মানসিক চাপ আঁতৰাব পাৰি।
  • শাৰীৰিক ব্যায়াম, শাৰীৰিক শ্ৰম আদি মানসিক চাপ দূৰ কৰাৰ বাবে মহৌষধ। নিয়মিতভাৱে ব্যায়াম কৰা, খোজ কঢ়া, দৌৰা, টেনিছ খেলা, বেডমিণ্টন খেলা, ফুটবল আৰু ভলীবল খেলা আদি কৰি মানসিক চাপ আঁতৰাই ৰাখিব পাৰে।
  • নিজে ভাল পোৱা কামবোৰ কৰিব লাগে। বন্ধুৰ সৈতে আড্ডা মৰা, বাগিচাত খোজ কঢ়া, ব্যায়াম কৰা, চিনেমা চোৱা, গান শুনা, নতুন বন্ধু বনোৱা, সামাজিক কামত নিজকে ব্যস্ত ৰখা আদি ইয়াৰ ভিতৰত পৰিব পাৰে।
  • আনক সহায় কৰিবলৈ শিকক। আনক আৰু সমাজত সহায় কৰি পোৱা আনন্দই মানসিক চাপ বহুখিনি আঁতৰাব পাৰে।
  • এৰোবিক্‌ছ, যোগ, চাইক’থেৰাপি, মেডিটেচন, মাছাজ, এৰ’মা থেৰাপি, ফিজিঅ’থেৰাপি আদিৰ সহায় লৈও মানসিক চাপ কমাব পাৰি।
  • ধাৰ্মিক স্থান ভ্ৰমণ, ধাৰ্মিক অনুষ্ঠানত অংশগ্ৰহণ, ধৰ্মগুৰুৰ উপদেশ লোৱা আৰু প্ৰাৰ্থনা আদি কৰিলেও মানসিক চাপ কিছু পৰিমাণে কমাব পাৰি।


লেখক: ড° ধৰ্মকান্ত কুম্ভকাৰ, অসমীয়া প্ৰতিদিন।

https://as.vikaspedia.in/health/ManashikSwasthya/9ae9be9a89b89bf995-99a9be9aa9f0-9959be9f09a3-9869f09c1-9899aa9b69ae9f0-9899aa9be

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।