গৰম চাহ খােৱাৰ পাছত পানী নাখায় কিয়?

Interesting facts about Tea in Assamese language

Facts about tea in Assamese Language


1/ খােৱা বস্তু আমি কিয় বহি খাব লাগে?

- যিকোনাে বস্তু খাওঁতে আমি ধীৰে-সুস্থিৰে খাব লাগে। কাৰণ, যদি খােৱা বস্তু খাওঁতে হঠাৎ শ্বাস নলীত সােমাই যায়, তেন্তে আমাৰ বিপদ ঘটিব পাৰে। আনকি, কেতিয়াবা মানুহৰ মৃত্যুও হ'ব পাৰে। সেয়ে, খােৱা বস্তু খাওঁতে সদায় বহি সুস্থিৰ অৱস্থাত খাব লাগে।


2/ গাখীৰ গৰম কৰিলে ওফন্দি উঠে কিয়?

- গাখীৰত কলােয়েড নামৰ এবিধ আঠা জাতীয় ৰাসায়নিক পদার্থ লগতে প্ৰটিন, চর্বি আৰু চেনি থাকে। গাখীৰ গৰম কৰিলে প্ৰটিন আৰু চর্বিখিনি গাখীৰৰ জুলীয়া অংশৰপৰা পৃথক হয়। ইহঁত গাখীৰতকৈ পাতল বাবে এইবােৰ চামনিৰ আকাৰত গাখীৰৰ ওপৰত ভাহি উঠে। গৰম কৰিলে গাখীৰত থকা কিছু পানী জলীয় বাষ্পলৈ পৰিণত হয়। গাখীৰ যিমানেই গৰম কৰা যায় সিমানেই জলীয় বাষ্পৰ পৰিমাণ বাঢ়ি যায়। জলীয় বাষ্পই ওপৰৰ চামনি ঠেলি যেতিয়া ওলাই আহিব বিচাৰে তেতিয়াই গৰম গাখীৰ ওফন্দি উঠে।


3/ তুলসী গছৰ বেদীত সদায় পানী কিয় দিয়ে?

- বিজ্ঞানসম্মত ভাৱে কোৱা হয় যে তুলসী গছৰ বতাহ গাত লাগিলে নানা বেমাৰৰ বীজাণু ধ্বংস হয়। সেয়ে, এনে উপকাৰী গছৰ গুৰিত পানী ঢালি জীয়াই ৰখাটো একান্ত প্রয়ােজন।


4/ জোনাকী পৰুৱাৰ পােহৰবােৰ ক'ৰ পৰা আহে?

- বর্তমান ফ্লেট-অট্টালিকাৰে ভৰি পৰা মহানগৰীবােৰত জোনাকী পৰুৱা দেখিবলৈ পােৱা নাযায়। কাৰণ জোনাকী পৰুৱাই বাস কৰিব পৰা ফুটুকানি, সৰু-সুৰা জোপােহাৰে ভৰা ঠাইবােৰ চহৰবােৰত পােৱা নাযায়, তেনে ঠাই গাঁও অঞ্চলতহে থাকে। জোনাকী পৰুৱাবােৰৰ তলপেটত এক বিশেষ অংশ থাকে। এই অংশত লুছিফেৰিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থৰ সৰু ভৰাল এটা থাকে। এই লুছিফেৰিনৰ লগতে জোনাকী পৰুৱাৰ দেহত লুছিফেৰেজ নামৰ এবিধ পদার্থও থাকে। লুছিফেৰেজৰ সৈতে লুছিফেনি নামৰ পদার্থবিধ যেতিয়া বতাহত থকা অক্সিজেনৰ প্ৰভাৱলৈ আহে, তেতিয়াই ই পােহৰ দিবলৈ ধৰে। পিছে, আমি মন কৰিবলগীয়া বিশেষ কথাটো হ'ল – জোনাকী পৰুৱাৰ পৰা বাহিৰ হােৱা পােহৰখিনিত কিন্তু উত্তাপ, বা তাপ নাথাকে। মাইকী জোনাকী পৰুৱাৰ পাখি নাথাকে। ইহঁতৰ যৌগিক চকুকেইটাও মতা জোনাকী পৰুৱাৰ তুলনাত সৰু। আমি যদি জোনাকী পৰুৱাৰ তলপেটটো সমানে সাত ভাগত ভগাই লওঁ, তেন্তে মতা জোনাকী পৰুৱাৰ ছয় আৰু সাত ভাগত আৰু মাইকী জোনাকী পৰুৱাৰ সাত নম্বৰ ভাগত পােহৰ ওলায়। বতাহৰ যােগান, অর্থাৎ, অক্সিজেনৰ যােগানক নিয়ন্ত্রিত কৰাৰ ফলতে জোনাকী পৰুৱাৰ গাৰ পৰা ঢিমিক-ঢামাক পােহৰ ওলােৱা আমি দেখিবলৈ পাওঁ। কিছুমান জোনাকী পৰুৱাৰ ক্ষেত্ৰত কণী, পলু আৰু লেটাবােৰৰ পৰাও পােহৰ ওলাই থাকে।

5/ গৰম চাহ খােৱাৰ পাছত পানী নাখায় কিয়?

- গৰম চাহ খাই লগে লগে পানী খালে দাঁতৰ এনামেল নষ্ট হয়। দাঁতৰ শক্তি কমি যায়। তদুপৰি, দাঁতত পায়ােৰিয়া ৰােগে আক্রমণ কৰে।
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।