লাভলীনা বৰগোহাঁই || Lovlina Borgohain Biography in Assamese

Lovlina Borgohain Biography in Assamese

লাভলীনা বৰগোহাঁই বা লাভলীনা বৰগোহাঞি (Lovlina Borgohain) এগৰাকী ভাৰতীয় ৱেল্টাৰৱেইট শ্ৰেণীৰ বক্সাৰ। তেওঁ অসমৰ গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ আঁতৰৰ বাৰমুখীয়া গাঁৱত জন্ম হৈছিল।তেওঁ ২০১৬ চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে।

Lovlina Borgohain Biography in Assamese
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰত
জন্ম ২ অক্টোবৰ, ১৯৯৭ (২৩ বছৰ) গোলাঘাট, অসম
উচ্চতা ১.৭৭ মিটাৰ (৫’–১০”)
ওজন ৬৮ কেজি (১৫০ পাউণ্ড)
ক্ৰীড়া
ক্লাব ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ প্ৰশিক্ষণ কেন্দ্ৰ
প্ৰশিক্ষক সন্ধ্যা গুৰুং, পদুম বড়ো, শিৱ সিং
মেডেল অভিলেখ
মহিলাৰ অপেশাদাৰী বক্সিং প্ৰতিনিধিত্ব কৰা দেশ ভাৰত
অলিম্পিক
২০২০ টকিঅ' ৱেল্টাৰৱেইট
বিশ্ব চেম্পিয়নশ্বিপ
২০১৮ নতুন দিল্লী ৱেল্টাৰৱেইট
২০১৯ উলান উড ৱেল্টাৰৱেইট
এছিয়ান চেম্পিয়নশ্বিপ
২০১৭ হো চি মিন চিটি ৱেল্টাৰৱেইট
২০২১ ডুবাই ৱেল্টাৰৱেইট


প্ৰাৰম্ভিক জীৱন

১৯৯৭ চনৰ ২ অক্টোবৰ তাৰিখে অসমৰ গোলাঘাট জিলাত লাভলীনা বৰগোহাঁইৰ জন্ম হৈছিল। তেওঁৰ পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁই। তেওঁৰ পিতৃ এজন মধ্যম বৰ্গৰ ব্যৱসায়ী। তেওঁৰ যমজ বায়েক দুগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং খেলুৱৈ।


বক্সিং জীৱন

লাভলীনা ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে এদিন দেউতাকে ঘৰলৈ মিঠাই বান্ধি অনা বাতৰি কাকতখনত বক্সাৰ মহম্মদ আলিৰ বিষয়ে প্ৰকাশিত প্ৰবন্ধ এটা আছিল। সেই প্ৰবন্ধটো দেউতাকে লাভলীনাক পঢ়িবলৈ দিয়ে। লাভলীনাই লেখনিটো পঢ়ি মহম্মদ আলিৰ বিষয়ে জানিব পৰাৰ লগতে বক্সিঙৰ প্ৰতি আকৰ্ষিত হ'ল। সেইয়াই আছিল লাভলীনাৰ বক্সিং সম্পৰ্কে প্ৰথম ধাৰণা। দেউতাকেও বক্সাৰ হ’বলৈ উৎসাহ দিয়ে। বায়েক দুগৰাকীৰ দৰে লাভলীনায়েও প্ৰথমতে কিক বক্সাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। সৰুতে মুৱাথাই খেলিবলৈ লোৱা লাভলীনাই এগৰাকী সম্পৰ্কীয় বায়েকৰ প্ৰেৰণাত বক্সিং গ্লোভচ হাতত তুলি লৈছিল।ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে বৰপথাৰ ছোৱালী হাইস্কুলত অনুষ্ঠিত কৰা অনুশীলনীত তেওঁ প্ৰশিক্ষক পদুম বড়োৰ চকুত পৰে আৰু ২০১২ চনৰ পৰা তেওঁ লাভলীনাক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে।


পিছলৈ ভাৰতীয় মহিলা বক্সিঙৰ মুখ্য প্ৰশিক্ষক শিৱ সিঙে তেওঁক প্ৰশিক্ষণ দিয়ে।


২০১৮ চনৰ AIBA মহিলা বক্সিং বিশ্ব (IOS)

লাভলীনাই প্ৰথম বাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰে নতুন দিল্লীত অনুষ্ঠিত হোৱ ২০১৮ চনৰ AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপত। ইয়াত তেও মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।


২০১৯ চনৰ AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপ

২০১৯ চনত লাভলীনা ২য় বাৰৰ বাবে ৰাছিয়াত অনুষ্ঠিত AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপৰ বাবে পোনপটীয়াকৈ নিৰ্বাচিত হয়। তেও ৬৯ কিলোগ্ৰাম শাখাৰ চেমি ফাইনেলত চীনৰ য়াং লিউৰ হাতত ২-৩ ব্যৱধানত পৰাস্ত হয়।


২০১৯ চনত লাভলীনা ইনফিনিটি অপ্তিমেল চলিউচনচ (IOS) নামৰ ক্ৰীড়া ব্যৱস্থাপনা সংস্থা এটাৰ সৈতে তেওৰ ব্যৱসায়িক লেনদেন বিলাক চোৱাচিতা কৰিবৰ বাবে চুক্তিৱদ্ধ হয়।

Lovlina Borgohain Biography in Assamese


২০২০ চনৰ এচিয়া আৰু অচেনিয়া অলিম্পিক নিৰ্বাচন প্ৰতিযোগিতা

২০২০ চনৰ মাৰ্চ মাহত লাভলীনাই উজবেকিস্তানৰ মফতুনাখন মেলিভাক ৫-০ ব্যৱধানত পৰাস্ত কৰি টকিঅ অলিম্পিকত অংশগ্ৰহণ কৰিবৰ বাবে যোগ্যতা অৰ্জন কৰে। লগতে তেও অলিম্পিকৰ বাবে নিৰ্বাচিত হোৱা অসমৰ প্ৰথম মহিলা খেলুৱৈ ৰূপে পৰিগণিত হয়। এই খেলত তেও চীনৰ গু হ্ঙৰ হাতত ৫-০ ত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে।


টকিঅ' অলিম্পিক ২০২০

২০২১ চনত জাপানত অনুষ্ঠিত টকিঅ' অলিম্পিক ২০২০ (২০২০ গ্ৰীষ্মকালীন অলিম্পিক) ত লাভলীনাই অংশগ্ৰহণ কৰি অলিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ হিচাপে ইতিহাস ৰচে। ২০২০ চনৰ মাৰ্চ মাহতেই জৰ্ডানত অনুষ্ঠিত হোৱা এছিয়া এণ্ড ওছেনিয়া বক্সিং অলিম্পিক কোৱালফিকেচন টুৰ্ণামেণ্টখনত লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত উজবেকিস্তানৰ মাফটুনাখন মেলেইভাক ৫-০ ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰাৰ লগে লগেই লাভলীনাৰ টকিঅ’ যাত্ৰা নিশ্চিত হৈ পৰিছিল। টকিঅ’ অলিম্পিকত বক্সিংৰ ৬৯ কেজি শাখাত লাভলীনাই দেশক প্ৰতিনিধিত্ব কৰে। এই শাখাত লাভলীনাৰ স্থান বিশ্ব ক্ৰমত ৩।


প্ৰি কোৱাৰ্টাৰ ফাইনেল

২৭ জুলাইত অনুষ্ঠিত অলিম্পিকৰ প্ৰি-কোৱাৰ্টাৰত লাভলীনাই জাৰ্মানীৰ প্ৰতিপক্ষ নাডীয়া এপেজক ৩-২ ব্যৱধানত পৰাস্ত কৰে।প্ৰথমৰে পৰা নাডীয়াক লাভলীনাৰ তুলনাত আক্ৰমণাত্মক দেখা গৈছিল। লাভলীনাক প্ৰত্যাহ্বান জনাই তেওঁ প্ৰথমটো ছেট নিজৰ পক্ষত ৰাখিবলৈ সক্ষম হয়। পিছৰ তিনিটা ছেট লাভলীনাই দখল কৰে যদিও শেষৰটো ছেটত পুনৰ নাডীয়াই প্ৰত্যাৱৰ্তন কৰে। অৱশ্যে লাভলীনাই চূড়ান্ত সময়ত বিজয়ী হয়। ইয়াৰ লগে লগে অলিম্পিকত বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা তেওঁ অসমৰ প্ৰথমগৰাকী বক্সাৰ হিচাপে পৰিগণিত হয়। ৩০ জুলাইত পুৱা ৮:৪৮ বজাত কোৱাৰ্টাৰ ফাইনেল মেচ চাইনীজ টাইপেইৰ চেন নিয়েন চিনৰ সৈতে অনুষ্ঠিত হয়।


কোৱাৰ্টাৰ ফাইনেল

৩০ জুলাইত কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই চাইনীজ টাইপেইৰ চেন নিয়েন চিনক ৪-১ ব্যৱধানত পৰাজিত কৰি জয় লাভ কৰে। ইয়াৰ জৰিয়তে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে লাভলীনাই ব্ৰঞ্জৰ পদক নিশ্চিত কৰে। লাভলীনা অলিম্পিকৰ পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। ছেমিফাইনেলৰ বাবে লাভলীনাৰ প্ৰতিদ্বন্দ্বী হয় তুৰস্কৰ খেলুৱৈ।


ছেমিফাইনেল

৪ আগষ্টত অনুষ্ঠিত ছেমিফাইনেলত তুৰস্কৰ বুজেনাছ চাৰ্মেলেনীৰ হাতত লাভলীনা বৰগোহাঁই ৫-০ ব্যৱধানত পৰাস্ত হয়। ইয়াৰ ফলত লাভলীনাই ব্ৰঞ্জৰ পদক লাভ কৰিবৰ সক্ষম হয়। তেওঁ হৈছে অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি।


Info Source: Wikipedia

Post a Comment

5 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. ২০২ও চনৰ মাৰ্চ মাহত লাভলীনাই উজবেকিস্তানৰ মফতুনাখন মেলিভাক

    Ei sentence tut 2020 tu misspelled hoise

    ReplyDelete

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।