Over thinking ৰ সমস্যা || (Part of Psychology) in Assamese

সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক

Over thinking (Part of Psychology) in Assamese

Over thinking ৰ সমস্যা || Helth tips in Assamese Language


যিসকলে প্ৰতিটো মূহুৰ্ততে কিবা নহয় কিবা এটা ভাবি থাকে অৰ্থাৎ Over think কৰি থকা সকলে, এইটো কথা জানেনে যে মানুহে অতিমাত্ৰা ভাবি চিন্তি থকা ব্যক্তিৰ IQ মাত্ৰ কম হৈ যায় আৰু যিসকলে খুব কমকৈ ভাবে তেওঁলোকৰ IQ মাত্ৰা বেছি হয় । গতিকে অতিমাত্ৰা ভাবি থকা ব্যক্তিৰ বাবে ই এক ভয়ানক ৰোগৰ দৰে হৈ পৰে ।

যি সকল ব্যক্তিয়ে অতিমাত্ৰা ভাবি চিন্তি থাকে তেওঁলোকৰ মনটো এনেধৰণৰ যে, কোনোবা কথা এটা গম্ভীৰ ভাৱে ভাবি আছে ঠিক সেই সময়তে আকৌ অন্য এটা গুৰুত্বপূৰ্ণ কথা মনলৈ আহে পুনৰ সেই কথাটো ভাবি নৌহওঁতে অন্য এটা কথা ভাবিব আৰম্ভ কৰে এনেদৰে ইটোৰ পাছত সিটো ভাব চিন্তাৰে ব্যক্তিজনক হতাশ কৰি পেলায় । বিজ্ঞানৰ অনুসৰি অতিমাত্ৰা চিন্তা ভাবনাই মানুহক দুৰ্বল কৰি পেলায়, অতিৰিক্ত চিন্তাই মানুহৰ সৃজনীশক্তি (creativity) কম কৰে আৰু মগজুৰ উচ্চ ক্ষমতা কম হয় ইয়াৰ ওপৰিও অতিৰিক্ত চিন্তাই মানুহ শক্তি কিছু পৰিমাণে হ্ৰাস কৰি পেলায়।


গতিকে অতিমাত্ৰা ভবা চিন্তা কম কৰিবলৈ আজি আমি উদাহৰণস্বৰূপে কেইটামান কথা জানো আহক :-


 "হেৰী সোদনী" নামৰ এজন ব্যক্তি আছিল তেওঁ কৈছিল যে মোক যদি তলা লগাই জেলত সোমোৱাই ৰাখে, মই এক ঘন্টাৰ ভিতৰত চাবি নোহোৱাকৈ জেলৰ তলা খুলি ওলাই আহিব পাৰিম। এই কথা শুনি পুলিচে তেওঁক বহু কেইখন জেলত তলা মাৰি ভৰাই ৰাখে যদিও প্ৰতিখন জেলৰ পৰা তেওঁ আচৰিত ভাবে চাবি নোহোৱাকৈ মুকলি হৈ আহিব সক্ষম হৈছিল । ইয়াৰ বাবে তেওঁৰ নাম সকলোতে জনপ্ৰিয় হৈ পৰে , এটা সময়ত হেৰী সোদনী নাম ব্যক্তিজনৰ কথা দেশৰ আটাইতকৈ ডাঙৰ জেলৰ পুলিচৰ কানত কথাটো পৰিলগৈ আৰু হেৰী সোদনীক সেইখন জেললৈ মাতি পঠিয়ালে। তেওঁক পুলিচে চেলেঞ্জ কৰি কয় তুমি যদি আমাৰ জেলৰ তলা খুলি দেখুওৱাব পৰা তেনে তোমাক সম্মানীয় পুৰস্কাৰ প্ৰদান কৰা হ'ব।

সেই কথা শুনি হেৰী সোদনীয়ে পুলিচৰ কথাত মান্তি হ'ল আৰু হেৰী সোদনী আহিল আৰু সকলোৱে হাত চাপৰিয়ে সম্বোধন কৰিলে। যেতিয়া হেৰী সোদনীক জেলৰ লকাপত সোমোৱাব ললে তেনেতে তেওঁৰ ওচৰৰ কয়দি এজনে হেৰী সোদনী কাণে কাণে ক'লে যে এইখন হৈছে দেশৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী সুৰক্ষিত জেল এইখন জেলৰ পৰা তলা খুলি জোৱাটো ইমান সহজ বা সম্ভৱ নহয় । এই কথা শুনি সোদনীয়ে অলপ থমকি ৰয় যদিও তেওঁৰ আত্মবিশ্বাসে আগুৱাই গ'ল, আৰু সোদনীক জেলত ভৰাই ৰ্দজা বন্ধ কৰি দিলে ইয়াৰ পাছত সোদনীয়ে নিজৰ কাম আৰম্ভ কৰিবলৈ ল'লে, ইয়াৰ আগতো তেওঁ হাজাৰটা তলা খুলিছিল আৰু সেইবাবে সকলোৱে ভাবিছিল যে এইবাৰো সীদনীয়ে এক ঘন্টাৰ ভিতৰত ৰ্দজা খুলি ওলাই আহিব । 

এনেদৰে তেওঁ এক ঘন্টা সময় জেলৰ ৰ্দজা খুলিব চেষ্টা কৰিও খুলিব পৰা নাছিল কাৰণ তেওঁৰ মনলে এটা কথা বাৰেপতি আহিছিল যিটো নেকি তেওঁক প্ৰথমে কৈছিল যে এইখন জেল দেশৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী জেল । তেনেদৰে দুঘণ্টা পাৰ হ'ল তেওঁ চেষ্টা পাছত চেষ্টা কৰিও খুলিব পৰা নাই অৱশেষত তেওঁ হাৰ মানি দিলে আৰু তেওঁ নিজকে খং কৰি জেলৰ ৰ্দজাখনত হাতেৰে ঘোচা মাৰি দিয়ে , আৰু যেতিয়াই ৰ্দজাখনত ঘোচাটো মাৰে তেতিয়া লগে লগে ৰ্দজাখন নিজেই খোলখায় যায় , তেতিয়া তেওঁ আৱাস হয় কাৰণ ৰ্দজাখনত প্ৰকৃততে তলা লগুৱাই নাছিল । কিন্তু তলা লগোৱা আছিল ক'ত জানেনে , তলা লাগি আছিল সোদনী মন মগজুত কাৰণ তেওঁ যেতিয়া তেওঁ জেলৰ ৰ্দজাখনত খুলিব চেষ্টা কৰি আছিল তেতিয়া তেওঁৰ মনত এটা কথা বাৰেপতি ভাবি আছিল সেইটো হৈছে প্ৰথমে কয়দি জনে কৈছিল "এইখন দেশৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী জেল ইয়াৰ পৰা তলা ভাঙি ওলাই যোৱাটো অসম্ভৱ" অৰ্থাৎ ইয়াৰ আচল কাৰণটো অত্যাধিক চিন্তা কৰা বাবে (over thinking) ।


বিজ্ঞান মতে দিনটোত মানুহৰ মন-মগজুট ৭০ হাজাৰ চিন্তা-ধাৰণা সৃষ্টি হয় কিন্তু ইয়াৰে ৯৫% কোনো কামত ব্যৱহাৰ নহয় । 

গতিকে অতিমাত্ৰা ভবা চিন্তা কৰিলে নিজৰে ক্ষতি হয় IQ মাত্ৰা কমি যায়। সঠিক সময়ত সঠিক চিন্তা বা সিদ্ধান্ত লওঁক ইংৰাজীত এটা কথা আছে Think less, live better - Think less, live more


মানুহে ভবা চিন্তা কৰিব লাগে যিবোৰ নেকি positive ,অৰ্থাৎ আপুনি কৰিব পাৰিব কিন্তু out of balance , over thinking is bad.


এই অতিমাত্ৰা চিন্তা ভাব সমূহ মনৰ পৰা আঁতৰাবলৈ কি কি কৰিব লাগে জানো আহক:-

১. প্ৰথমে আপোনাৰ ego মনোভাৱ আঁতৰাব লাগিব ।

২. অতীততে যি হৈ গ'ল তাক পুনৰ মনত পেলায় ভাবি থকা অভ্যাস এৰিব লাগিব।

৩. জীৱনত যিটো কাম কৰে সেইটো কামত গুৰুত্ব দিয়ক , যদি আজি এটা কালিলৈ এটা কাম কৰিব গ'লে মনলে বিভিন্ন চিন্তা ভাব আহে (focus on one thing)

৪. যদি আপুনি ক'ৰবাত গৈ থাকোঁতে বা ক'ৰবাত ৰখি থাকোঁতে মনলৈ ইটো সিটো বেয়া চিন্তা মনলৈ আহিছে তেতিয়া আপুনি ওচৰত থকা ইটো সিটো ভাল পৰিবেশৰ observe কৰক তেতিয়া আপোনাৰ মনলৈ অহা বেয়া চিন্তাবোৰ দূৰ হোৱা পৰিলক্ষিত হ'ব।


গীতাত উল্লেখ আছে :-

অৰ্জুনে শ্ৰীকৃষ্ণক সুধিছিল যে, বিহ কি ? তেতিয়া শ্ৰীকৃষ্ণই হাঁহি হাঁহি উত্তৰ দিছিল, জীৱনত প্ৰয়োজনতকৈ যিটো অধিক হয় সেইটোৱেই "বিহ"। লাগিলে সেইটো ক্ষমতা হওক ,ধনেই হওক ,ভোকেই হওক বা লোভেই হওক ,অভিমানেই হওক বা প্ৰেমেই হওক ,যদি অধিক হৈ যায় বিহ হৈ পৰে।


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।