What is the 5 Mahasagar (মহাসাগৰ) name in Assamese?

মহাসাগৰ (Ocean) হৈছে অতি বিশাল আৰু লবণযুক্ত বিপুল জলৰাশি যি পৃথিৱীক পৰিবেষ্টন কৰি আছে। পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৭০% জলৰাশিৰে আবৰা। এই বিপুল জলৰাশি আকৌ অনেক মহাসাগৰ আৰু সৰু সৰু সাগৰত বিভক্ত। মহাসাগৰৰ ইংৰাজী প্ৰতিশব্দ Ocean আহিছে গ্ৰীক ভাষাৰ শব্দ ‘অচিনোজ’ (Ὠκεανὸς)-ৰ পৰা। অচিনোজ হৈছে গ্ৰীক পুৰাণৰ বাৰজন টাইটানৰ এজন। তেওঁ আছিল সমস্ত সামুদ্ৰিক জলভাগৰ আদি দেৱতা। টাইটানসকলৰ পৰাজয়ৰ পাছত পোচাইডন সমুদ্ৰৰ দেৱতা হয়। মহাসাগৰৰ অৰ্ধেকতকৈ বেছি অংশৰ গড় গভীৰতা ৪,২৬৭ মিটাৰ (১৩,৯৯৯ ফুট)-তকৈ বেছি। বৈজ্ঞানিকসকলে হিচাপ কৰি দেখিছে যে, মহাসাগৰ প্ৰায় ২,৩০,০০০ সামুদ্ৰিক আৰু জলজ প্ৰাণী আছে। প্ৰকৃতপক্ষে ই নিৰ্ধাৰিত সংখ্যাতকৈ ১০ গুণ বেছি হ'ব পাৰে।

gif: wikimedia.org


5 Mahasagar (Ocean) name in Assamese Language

  1. প্ৰশান্ত মহাসাগৰ
  2. আটলাণ্টিক মহাসাগৰ
  3. ভাৰত মহাসাগৰ
  4. দক্ষিণ মহাসাগৰ বা এণ্টাৰ্কটিকা মহাসাগৰ
  5. উত্তৰ মহাসাগৰ
image: as.m.wikipedia.org


প্ৰচলিতভাবে বিভিন্ন ধৰণৰ মহাসাগৰৰ নাম দেখা যায়। কিন্তু এই সকলোবোৰ মহাসাগৰ হৈছে এক আন্তঃসংযোগকৃত লবণাক্ত জলৰাশিৰ অংশ। এই জলৰাশিক ‘বিশ্ব মহাসাগৰ’ ৰূপে নামকৰণ কৰা হয়।মহাসাগৰ মূলতঃ এখনেই। ভূগোলবিদসকলে অধ্যয়নৰ সুবিধাৰ্থে মহাসাগৰক ৫টা অংশৰ বিভক্ত কৰিছে। মহাসাগৰীয় বিভাজনসমূহ সংজ্ঞায়িত আৰু মূল্যায়িত হৈছে - মহাদেশ, মাটিৰ স্তৰ আৰু অন্যান্য চৰ্তাৱলীক কেন্দ্ৰ কৰি। এই পাঁচ বিভাজন হৈছে (আকাৰৰ হ্ৰাসমান ক্ৰমত):

  • প্ৰশান্ত মহাসাগৰ: আমেৰিকাক এছিয়া আৰু অষ্ট্ৰেলিয়াৰ পৰা বিভক্ত কৰিছে।
  • আটলাণ্টিক মহাসাগৰ: আমেৰিকাক ইউৰেছিয়া আৰু আফ্ৰিকাৰ পৰা বিভক্ত কৰিছে।
  • ভাৰত মহাসাগৰ: দক্ষিণ এছিয়াক আবৰি ৰাখিছে আৰু আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াক বিভক্ত কৰিছে।
  • দক্ষিণ মহাসাগৰ বা এণ্টাৰ্কটিকা মহাসাগৰ: ইয়াক কেতিয়াবা প্ৰশান্ত, আটলাণ্টিক আৰু ভাৰত মহাসাগৰৰ বহিৰাংশ হিচাবে গণ্য কৰা হয় যি এণ্টাৰ্কটিকা মহাদেশক আবৰি ৰাখিছে।
  • উত্তৰ মহাসাগৰ: ইয়াক কেতিয়াবা আটলাণ্টিক মহাসাগৰৰ এক সমুদ্ৰ হিচাবে গণ্য কৰা হয় যি সুমেৰুৰ অধিকাংশ অঞ্চল আৰু উত্তৰ আমেৰিকা আৰু ইউৰেছিয়াৰ একাংশ আবৰি ৰাখিছে।
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।