মন যায় - জুবিন গাৰ্গ || কিছু কথা জানোঁ আহক



সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক


পৰিচালকএম মণিৰাম
লেখকএম মনিৰাম
চিত্ৰনাট্যএম মনিৰাম
প্ৰযোজকএম মনিৰাম
সবিতা সনম
জয়ন্ত গোস্বামী
অভিনয়তজুবিন গাৰ্গ
পবিত্ৰ মাৰ্ঘেৰিটা
জ্ঞানেন্দ্ৰ পল্লব
নৱদ্বীপ বৰগোঁহাই
নিশিতা গোস্বামী
ৰিম্পী দাস
চিত্ৰগ্ৰহণকাৰীসুমন দুৱৰা
সম্পাদনাগৌতম ঘোষ
সংগীত পৰিচালকজুবিন গাৰ্গ
প্ৰযোজনা
কোম্পানী
মৈৰঙঠম মুভিজ
পৰিবেশকদৰ্পন চিনে প্ৰডাকচন
ছনম মিডিয়া
মুক্তি
১২ ছেপ্টেম্বৰ, ২০০৮
দৈৰ্ঘ্য
১৭৮ মিনিট
দেশভাৰত 
ভাষাঅসমীয়া
মন যায়ৰ পোষ্টাৰ


মন যায় - Mon Jai

(ক) ২০০৮ চনৰ ১২ ছেপ্টেম্বৰত মুক্তি লাভ কৰিছিল জুবিন গাৰ্গৰ অভিনীত অসমীয়া চলচ্চিত্ৰ জগতৰ এখন চিৰসেউজ ছবি “মন যায়”।

(খ) ‘মৈৰঙঠম মুভিজৰ বেনাৰত নিৰ্মিত আৰু এম মণিৰাম পৰিচালিত এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে-
১/ জুবিন গাৰ্গ
২/ পবিত্ৰ মাৰ্ঘেৰিটা
৩/ জ্ঞানেন্দ্ৰ পল্লৱ
৪/ নৱদ্বীপ বৰগোহাঁই
৫/ নিশিতা গোস্বামী
৬/ ৰিম্পী দাস ইত্যাদি।

(গ) “মন যায়” ছবিখনে ‘৫৬-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ৰ ‘শ্ৰেষ্ঠ অসমীয়া ছবি’ৰ সন্মান লাভ কৰে। ছবিখন আছিল এজন "মানৱ" নামৰ নিবনুৱা ল’ৰাৰ জীৱনৰ ওপৰত আধাৰিত।

(ঘ) “মন যায়” ছবিখনত অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সমস্যাসমূহ স্পষ্টকৈ জিলিকি উঠিছিল। "মানৱ" নামৰ চৰিত্ৰটোৰ মাজত সকলো নিবনুৱা ল’ৰাই নিজক বিচাৰি পাইছিল।

(ঙ) “মন যায়” ছবিখন মুক্তি লাভ কৰাৰ পিছতে দৰ্শকৰ পৰা ছবিখনে লাভ কৰিছিল বিপুল সহাঁৰি। সকলো ব্যক্তিৰ অন্তৰ চুই গৈছিল এই ছবিখনে। ব্যক্তিৰ মুখে মুখে এটাই শব্দ শুনিবলৈ পোৱা হৈছিল “মন যায়”।

(চ) বৰ্তমা সময়তো এই “মন যায়” শব্দটো বহুত বেছি জনপ্ৰিয়।

Post a Comment

0 Comments