স্বাগতম পৰীক্ষা: পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰু পৰীক্ষা লিখাৰ পদ্ধতি

স্বাগতম পৰীক্ষা

‘পৰীক্ষাৰ বাবে প্ৰস্তুতি’ আৰু ‘পৰীক্ষা লিখাৰ পদ্ধতি’ৰ
বিষয়ে কিছুমান আৱশ্যকীয় কথা
সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক


স্বাগতম পৰীক্ষা Book PDF DOWNLOAD

সূচীপত্ৰ

❑ শিক্ষা পদ্ধতি আৰু পৰীক্ষা পদ্ধতি
❑ পৰীক্ষাৰ্থীৰ লক্ষ্য আৰু উদ্দেশ্য
❑ পৰীক্ষকেনো কি বিচাৰে
❑ শৰীৰৰ যত্ন— আহাৰ, জিৰণি, ব্যায়াম।
❑ অধ্যয়ন আৰম্ভণৰ আগকথা
❑ অতিৰিক্ত বিষয়, ঐচ্ছিক বিষয়
❑ পঢ়া কোঠাৰ পৰিবেশ আৰু ছাত্ৰ-ছাত্ৰী
❑ সফলতাৰ অন্যতম চৰ্ত— সময়-তালিকা বা ৰুটিন।
❑ অধ্যয়নৰ প্ৰথম স্তৰ টোকা প্ৰস্তুতি : অসমীয়া
❑ ইংৰাজীৰ টোকা প্ৰস্তুতি
❑ অংক বা গণিতৰ টোকা প্ৰস্তুতি
❑ পৰীক্ষাৰ বাবে প্ৰশ্ন বাছনি।
❑ পাঠ আয়ত্তকৰণৰ আগকথা
❑ পৰীক্ষাৰ প্ৰায়োগিক বা টেকনিকেল কথাখিনি
❑ দ্ৰুত লিখনৰ প্ৰয়োগ আৰু প্ৰয়োজনীয়তা
❑ পাঠ আয়ত্তকৰণ অধ্যয়নৰ অন্তিম স্তৰ
❑ পুনৰ অধ্যয়ন বা ৰিভাইছ
❑ পৰীক্ষাৰ দিনাখন
❑ প্ৰশ্নকাকত বিতৰণৰ পাছত আৰু সামৰণি



শিক্ষা পদ্ধতি আৰু পৰীক্ষা পদ্ধতি

 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। জয় জয়তে স্বাগতম পৰীক্ষালৈ তোমালোকক স্বাগতম জনাইছো। কোনো কাম আৰম্ভ কৰাৰ আগতে সেই কামটোনো কিয় কৰিবলৈ লোৱা হ’ল সেই সম্পৰ্কে চিন্তা কৰি চোৱা প্ৰয়োজন। কাৰণ কোনো কাম কৰাৰ যুক্তিযুক্ততাইহে কামটো কৰাৰ বাবে অনুপ্ৰেৰণা প্ৰদান কৰে। সেই হিচাপে এই ‘স্বাগতম পৰীক্ষা’ পুথিখন প্ৰকাশ কৰাৰ অথবা তোমালোকে ইয়াক অধ্যয়ন কৰাৰ যুক্তিযুক্ততাও বিচাৰ কৰি চাব লাগিব। আমি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি, ইয়াৰ ক্ৰমবিকাশ, তাৰকাৰাজ্যসমূহৰ পৰা আৰম্ভ কৰি বিশাল পৃথিৱীলৈকে—এইবোৰৰ উৎপত্তি, বৰ্তমান অৱস্থালৈ এইবোৰৰ বিকাশ, পৃথিৱীত প্ৰথম জীৱ-সৃষ্টিৰে পৰা মানৱলৈ হোৱা ক্ৰমবিকাশৰ ধাৰা, প্ৰাগৈতিহাসিক মানৱ সমাজৰ পৰা আধুনিক মানৱ সভ্যতালৈ উত্তৰণ আদিও অধ্যয়ন কৰিব লাগিব। ইয়াৰ লগতে মানুহৰ জীৱনৰ উদ্দেশ্য, কৰ্তব্য, সভ্যতাৰ ভৱিষ্যৎ, এই বিশাল বিশ্বৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিকাশৰ পথ সম্পৰ্কেও আমি চিন্তা কৰিব লাগিব। আৰু সৰ্বশেষত বিচাৰ কৰিব লাগিব এইবোৰৰ পৰিপ্ৰেক্ষিতত শিক্ষা তথা শিক্ষাব্যৱস্থা, ইয়াৰ উন্নয়নৰ পৰিকল্পনা আৰু ইয়াতে ‘স্বাগতম পৰীক্ষা’ৰ স্থান।


 কিন্তু এই সম্পৰ্কীয় আলোচনা আমি বৰ্তমান বাদ দি ধৰি ল’লো যে, ‘স্বাগতম পৰীক্ষা’ৰ প্ৰকাশ তথা অধ্যয়ন দুয়োটাই যুক্তিযুক্ত আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় কথা। এতিয়া কথা হ'ল– পৰীক্ষানো কাক বোলে? বিভিন্ন প্ৰশ্ন, বা কৰিবলৈ বিভিন্ন কাম দি ব্যক্তিবিশেষৰ জ্ঞান বা সামৰ্থ্য বিচাৰ কৰা পদ্ধতিয়েই হ’ল ‘পৰীক্ষা’। এই পদ্ধতিৰে যাক পৰীক্ষা কৰা হয় তেৱেই ‘পৰীক্ষাৰ্থী’ আৰু পৰীক্ষাৰ বাবে নিজকে সাজু কৰাজনকে আমি ‘ছাত্ৰ-ছাত্ৰী’ বুলি অভিহিত কৰিছো। মানৱ সভ্যতাৰ আৰম্ভণিৰ লগে লগে বিশ্বত শিক্ষাব্যৱস্থাৰো আৰম্ভণি আৰু লগে লগে উৎপত্তি হৈছিল পৰীক্ষাৰো। এই সভ্যতাৰ বিকাশৰ বিভিন্ন স্তৰত অসংখ্য ক্ষেত্ৰৰ লগতে শিক্ষা ক্ষেত্ৰৰো বিপুল পৰিবৰ্ধন তথা উত্তৰণ সাধিত হৈছে। লগে লগে পৰিবৰ্তন, পৰিবৰ্ধন তথা উত্তৰণ সাধিত হৈছে পৰীক্ষাৰো। প্ৰাচীন কালৰে পৰা মধ্যযুগৰ মাজৰে আধুনিক যুগলৈ বা অত্যাধুনিক যুগলৈ গঢ়ি উঠা পৰীক্ষাৰ ইতিহাস সম্পৰ্কে আলোচনা নকৰি আলোচনা কৰিব খুজিছো বৰ্তমানৰ ইয়াৰ স্বৰূপৰ বিষয়েহে মাথোন। বিভিন্নজনৰ মাজত বিতৰ্কৰ অৱকাশ থাকিলেও মানুহ আজি সভ্যতাৰ উচ্চ শিখৰত উপনীত হোৱা বুলি ক'ব পাৰি। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব দ্ৰুত উন্নতিয়ে মানুহৰ জীৱন ধাৰণৰ মান অকল্পনীয়ভাৱে বৃদ্ধি কৰিছে আৰু লগতে বৃদ্ধি কৰিছে মানৱ জীৱনৰ বৈচিত্ৰ্য। এই চমকপ্ৰদ বৈচিত্ৰ্যই মানৱ সমাজৰ শিক্ষাব্যৱস্থাতো বৰ্ণাঢ্য বিচিত্ৰতা আনি দিছে আৰু ইয়ে দিছে শিক্ষাব্যৱস্থাৰ অবিচ্ছেদ্য অংগ পৰীক্ষাতো নৱ নৱ ৰূপ।


 মানৱ সমাজৰ বক্ষস্থলত অজান শিশু এটি জন্মগ্ৰহণ কৰাৰ পিছত ইয়াৰ শাৰীৰিক আৰু মানসিক বিকাশৰ কালছোৱাত ইয়াক উপযুক্তভাৱে গঢ় দি সুনাগৰিক কৰি গঢ়ি তোলাই সাধাৰণ শিক্ষাৰ উদ্দেশ্য তথা লক্ষ্য। ইয়াত ‘সুনাগৰিক’ শব্দেৰে এনে মানৱ সন্তানকে বুজোৱা হৈছে যিসকলে মানৱ সমাজৰ বিভিন্ন ক্ৰিয়া-কলাপত দৃঢ়তাৰে অংশগ্ৰহণ কৰি মানৱ সমাজৰ বিকাশত সহায় কৰিব পাৰে, আৰু তাৰ জৰিয়তে নিজ সমাজক সুখী কৰাৰ লগতে নিজেও সুখী হ’ব পাৰে। কিন্তু সভ্যতাই চৰম শিখৰত উপনীত হোৱা অৱস্থাত মানৱ সমাজৰ ক্ৰিয়া-কলাপৰ বৈচিত্ৰ্যয়ো এক নৱৰূপ ধাৰণ কৰিছে আৰু তাৰ লগতে সংগতি ৰাখি শিক্ষাব্যৱস্থা তথা ইয়াৰ লগতে অংগাংগীভাৱে জড়িত পৰীক্ষা পদ্ধতিয়েও এক বহুমুখী ৰূপ পৰিগ্ৰহণ কৰিছে। আজিৰ যুগত পৰীক্ষাৰ ক্ষেত্ৰবোৰৰ ভিতৰত উপাধি দিয়াৰ বাবে পতা সাধাৰণ গতানুগতিক পৰীক্ষাবোৰৰ উপৰিও বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, প্ৰযুক্তিবিদ্যা বা গৱেষণাৰ অনুষ্ঠান অথবা এই প্ৰতিষ্ঠানসমূহে প্ৰদান কৰা বিভিন্ন বিশেষ পাঠ্যক্ৰমবোৰত ভৰ্তি হোৱাৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষা; বিভিন্ন বিশেষ পাঠ্যক্ৰম পঢ়িবৰ বাবে নাইবা গৱেষণাৰ বাবে ভিন ভিন অনুষ্ঠান-প্ৰতিষ্ঠান, স্মৃতিসভা, সংগঠন, সমিতি, চৰকাৰ আদিয়ে আগবঢ়োৱা বৃত্তিৰ বাবে পতা পৰীক্ষা; বিভিন্ন চাকৰিৰ প্ৰমোচনৰ বাবে বিভাগবোৰৰ মাজতে পতা পৰীক্ষা; অথবা জাতীয় বা আন্তৰ্জাতিক পৰ্যায়ত খেলা-ধূলা, সংগীত, নাটক আদিত যোগদানৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষা ইত্যাদি উদ্দেশ্যৰ বহুমুখিতা আজি কাৰো অবিদিত হৈ থকা নাই। উদ্দেশ্যৰ এনেবোৰ বৈচিত্ৰ্যৰ কথা আগত ৰাখি এই পৰীক্ষাবোৰৰ জৰিয়তে পৰীক্ষা কৰিব খোজা হৈছে পৰীক্ষাৰ্থীৰ বোধশক্তি, ধাৰণা কৰাৰ ক্ষমতা, যুক্তিযুক্ততাৰ ক্ষমতা, তুলনা কৰিব পৰা শক্তি, স্মৃতিশক্তি, তৎপৰতা, বৰ্ণনা কৰাৰ সামৰ্থ্য, দ্ৰুত লিখন-পঠন, দ্ৰুতভাৱে অংক কৰাৰ ক্ষমতা, মানসিক সুস্থতা, শাৰীৰিক সুস্থতা, শাৰীৰিক বল, দ্ৰুতভাৱে দৌৰাৰ ক্ষমতা, দূৰলৈ জপিওৱাৰ ক্ষমতা, ওপৰলৈ জপিওৱাৰ দক্ষতা, ওজন দঙাৰ ক্ষমতা, স্থিৰভাৱে লক্ষ্যভেদ কৰাৰ ক্ষমতা, বিভিন্ন ধৰণে সাঁতোৰা বা ডুব মৰাৰ ক্ষমতা, বিভিন্ন বাধাৰ মাজেৰে লক্ষ্যস্থানত উপনীত হোৱাৰ ক্ষমতা, বিভিন্ন যন্ত্ৰপাতি বা যান-বাহন চলোৱাৰ দক্ষতা, বিভিন্ন প্ৰতিকূল অৱস্থাত খাপ খোৱাৰ ক্ষমতা, গীত-নৃত্য, বাদ্য পৰিবেশন কৰাৰ দক্ষতা, বিভিন্ন চৰিত্ৰৰ অভিনয় কৰাৰ ক্ষমতা ইত্যাদি ইত্যাদি। ইয়াৰ বাবে অনুষ্ঠিত কৰা হৈছে লিখিত পৰীক্ষা, মৌখিক পৰীক্ষা, শাৰীৰিক তথা মানসিক শক্তি প্ৰদৰ্শনৰ পৰীক্ষা, স্মৃতিশক্তি তথা বুদ্ধি পৰীক্ষা ইত্যাদি। পৰীক্ষাৰ্থী, পৰীক্ষক, প্ৰশ্নকাকত, পৰীক্ষা লিখা বহী, পৰীক্ষাৰ বিভিন্ন সা−সঁজুলি আদিৰ উপৰিও আধুনিক বৈজ্ঞানিক যন্ত্ৰ পাতি আৰু বিশেষকৈ কম্পিউটাৰ আজিৰ পৰীক্ষা পদ্ধতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। এক বিশেষ উদ্দেশ্য আগত ৰাখি ছাত্ৰ−ছাত্ৰীসকলক কেনেধৰণে বেছি কাৰ্যকৰীভাৱে কম সময়তে সুবিধাজনকভাৱে নিৰ্দিষ্ট শিক্ষা প্ৰদান কৰিব পাৰি তাৰ বাবে নিতে ন ন পৰীক্ষা−নিৰীক্ষা, গৱেষণা আদি চলিয়েই আছে আৰু লগে লগে পৰীক্ষাৰ্থীসকলৰ দক্ষতা মূল্যাংকন কৰাৰ বাবে পৰীক্ষা পদ্ধতিবোৰৰ ওপৰতো প্ৰচুৰ চিন্তা−চৰ্চা চলি আছে। লিখিত বা মৌখিক পৰীক্ষা, নিৰ্দিষ্ট পাঠ্যক্ৰমৰ অন্তত এটাই মাত্ৰ শিক্ষান্ত পৰীক্ষা বা অবিৰত পৰীক্ষাৰ জৰিয়তে অবিৰত মূল্যাংকন, দলগতভাৱে পৰীক্ষা বা বেলেগ বেলেগ পৰীক্ষা আদিয়ে পৰীক্ষা পদ্ধতিক আজি আধুনিক সভ্যতাৰ এক বৈচিত্ৰ্যপূৰ্ণ অংগ কৰি গঢ়ি তুলিছে।


 এনেবোৰ ব্যাপক তথা বৈচিত্ৰ্যপূৰ্ণ পৰীক্ষা পদ্ধতিৰ গভীৰতালৈ আমি নাযাওঁ। এই প্ৰবন্ধলানিত আমি তোমালোকৰ ওচৰত দাঙি ধৰিম প্ৰধানতঃ অসমৰ বিদ্যালয়সমূহৰ সাধাৰণ শিক্ষাৰ পৰিপেক্ষিতত ‘পৰীক্ষাৰ বাবে প্ৰস্তুতি’ আৰু ‘পৰীক্ষা লিখাৰ পদ্ধতি’ৰ ওপৰত কিছুমান আৱশ্যকীয় কথা।



পৰীক্ষাৰ্থীৰ লক্ষ্য আৰু উদ্দেশ্য

 আগৰ অনুচ্ছেদত আমি সাধাৰণভাৱে বিভিন্ন পৰীক্ষাৰ ওপৰত এক বিহংগম দৃষ্টি নিক্ষেপ কৰিলো। মানৱ ইতিহাসৰ বিকাশৰ হাজাৰ হাজাৰ বছৰজোৰা কালছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰত বিভিন্ন সভ্যতাই বিকাশ লাভ কৰিছে আৰু বিকাশ লাভ কৰিছে সভ্যতাৰ এক অবিচ্ছেদ্য অংগ শিক্ষাব্যৱস্থায়ো। সংলীনন আৰু সংযোজন প্ৰক্ৰিয়াৰ জৰিয়তে আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ ভিন ভিন সংস্কৃতিৰে পৰিপূৰ্ণ ভিন ভিন সভ্যতাই ক্ৰমে এক নতুন বিশ্বসভ্যতা হ’বৰ বাবে আগবাঢ়িছে আৰু ইয়াত সৰ্বাধিক অৰিহণা প্ৰদান কৰিছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অকল্পনীয় উন্নতিয়ে। আন্তৰ্জাতিক দূৰসংযোগ, কৃত্ৰিম উপগ্ৰহ, দূৰদৰ্শন তথা অনাতাঁৰৰ কাৰ্যসূচী, লেজাৰ ৰশ্মিৰ সহায়ত দূৰ সংযোগৰ সম্ভাৱনীয়তা, সূক্ষ্ম তৰংগৰ জৰিয়তে দূৰ সংযোগ, ফেক্স, টেলিফোন, টেলেক্স, টেলিগ্ৰাফ আদিৰ সেৱা আৰু সৰ্বশেষত বাতৰি কাকত, কিতাপ বা আন্তৰ্জাতিক শিক্ষা, সংস্কৃতি, ৰাজনৈতিক, ক্ৰীড়া, গৱেষণা অথবা বাণিজ্যিক ব্যৱস্থাই মানুহক দ্ৰুতৰ পৰা দ্ৰুততৰ গতিৰে ওচৰ চপাই আনিছে। ফলস্বৰূপে সভ্যতাৰ এই বিশ্বজনীন বিস্ফোৰণৰ লগত সংগতি ৰাখি শিক্ষাব্যৱস্থাও ক্ৰমে ক্ৰমে বিশ্বজনীন তথা বহুমুখী হ’বলৈ বাধ্য হৈছে। আজিৰ বিশ্বৰ এই বহুমুখী গঠন, ধৰণ বা অসংখ্য উদ্দেশ্যধৰ্মী বিশাল পৰীক্ষা পদ্ধতিৰ গভীৰলৈ নগৈ মাত্ৰ সাৰ্বজনীন সাধাৰণ বিদ্যালয় পৰ্যায়ৰ বা কিছু ক্ষেত্ৰত মহাবিদ্যালয় পৰ্যায়ৰো পৰীক্ষা পদ্ধতিহে আমি আলোচনা কৰিবলৈ লৈছো।


 বিশ্বৰ দেশে দেশে বা এখন দেশতে প্ৰচলিত বিভিন্ন পদ্ধতি অনুযায়ী কিছু কিছু পাৰ্থক্য দেখা গ’লেও সাধাৰণভাৱে বিশ্বৰ বিদ্যালয় বা বহু ক্ষেত্ৰত মহাবিদ্যালয় পৰ্যায়তো সাধাৰণ পৰীক্ষা ব্যৱস্থা ‘লিখিত পৰীক্ষা’, ‘মৌখিক পৰীক্ষা’ আৰু ‘হাতে-কামে’ বা ‘প্ৰেক্টিকেল পৰীক্ষা’—এই তিনিবিধ ব্যৱস্থাৰে গঠিত। অৱশ্যে বহু ক্ষেত্ৰত ‘শিক্ষামূলক ভ্ৰমণ’ আৰু ‘শাৰীৰিক ব্যায়াম’কো আধুনিক যুগত ক্ৰমবৰ্ধমান ৰূপত শিক্ষাৰ অবিচ্ছেদ্য অংগ কৰি তুলিব বিচৰা হৈছে যদিও এনেবোৰ বিভাগৰ পৰীক্ষাৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে সাজু হোৱাৰ বাবে বিশেষ একো কৰিবলগীয়া নাথাকে আৰু আমাৰ আলোচনাৰ পৰা এনেবোৰ ক্ষেত্ৰ বাদ দিয়া হৈছে। পাঠ্যক্ৰমৰ অন্তত হোৱা শিক্ষান্ত পৰীক্ষাৰ উপৰিও সমগ্ৰ পাঠ্যক্ৰমৰ শিক্ষাৰ সময় জুৰি ছাত্ৰ-ছাত্ৰীসকলৰ অবিৰত মূল্যাংকনো আজিৰ পৰীক্ষা পদ্ধতি প্ৰচলিত হ’বলৈ আৰম্ভ কৰিছে। অৱশ্যে এই অবিৰত বা আকস্মিক পৰীক্ষাসমূহো যিহেতু লিখিত, মৌখিক আৰু প্ৰেক্টিকেল পৰীক্ষা প্ৰণালীৰেই অন্তৰ্গত হ’ব, ইয়াৰ বিষয়ে বিশদভাৱে আলোচনা কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাই। গতিকে আমাৰ আলোচ্য বিষয় থাকিল লিখিত পৰীক্ষা, মৌখিক পৰীক্ষা আৰু প্ৰেক্টিকেল পৰীক্ষা। তাৰ ভিতৰত বৰ্তমান কালত লিখিত পৰীক্ষাইহে যিহেতু সৰ্বাধিক গুৰুত্ব লাভ কৰি আহিছে আমিও এই পৰীক্ষা প্ৰণালীৰ ওপৰতেই অগ্ৰাধিকাৰ প্ৰদান কৰা উচিত হ’ব।


 শিক্ষা তথা পৰীক্ষাৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে আগতেই উনুকিয়াই অহা হৈছে। মানৱ জাতিয়ে সামগ্ৰিকভাৱে শাৰীৰিক তথা মানসিক সুখ উপভোগ কৰাৰ লগতে প্ৰতিজন মানৱ সন্তানে এই সুখ বৰ্ধিত কৰি তোলাৰ বাবে প্ৰচেষ্টা চলোৱাটোৱেই মানুহৰ সামগ্ৰিক লক্ষ্য আৰু উদ্দেশ্য। এই উদ্দেশ্য আগত ৰাখি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাভিত্তিক আজিৰ অত্যুন্নত মানৱ সমাজত বিভিন্ন দিশত বিভিন্ন বিশেষজ্ঞৰ প্ৰয়োজন হৈ পৰিছে আৰু তাৰ বাবে পৰীক্ষা পদ্ধতিও বৈচিত্ৰ্যময় হৈ পৰিছে। সাধাৰণভাৱে ক’বলৈ গ’লে পৰীক্ষাৰ উদ্দেশ্য হ’ল এটা নিৰ্দিষ্ট পাঠ্যক্ৰম আয়ত্ত কৰি পৰীক্ষাৰ্থীজনে সামাজিক সেৱাত নিজকে নিয়োজিত কৰাৰ যোগ্যতা অৰ্জন কৰিব পাৰিছেনে নাই তাৰ পৰীক্ষা কৰা। পৰীক্ষা পদ্ধতিৰ এই প্ৰণালীত যোগ্যতা অনুযায়ী পৰীক্ষাৰ্থীসকলক নম্বৰ অথবা স্তৰ বা গ্ৰেড দিয়াৰ ব্যৱস্থা কৰা হয়। বেছি নম্বৰ অথবা উচ্চ গ্ৰেড লাভ কৰাজনৰ যোগ্যতাও অধিক বুলি বিবেচনা কৰা হয়। আৰু সামাজিক সেৱাসমূহত সাধাৰণতে তেওঁকেই অগ্ৰাধিকাৰৰ ভিত্তিত বিবেচনা কৰা হয়। এই অগ্ৰাধিকাৰে এফালে যেনেদৰে সামাজিক সেৱাসমূহক সুন্দৰ গতিৰে পৰিচালিত কৰি মানৱ সমাজক সামগ্ৰিক সুখ প্ৰদান কৰে, তেনেদৰে সেই পৰীক্ষাৰ্থীজনকো অধিক সুবিধা প্ৰদান কৰি তেওঁক ব্যক্তিগত, শাৰীৰিক তথা মানসিক সুখ উপভোগৰ অধিক সুবিধা দিয়ে। গতিকে মানৱ সমাজৰ সামগ্ৰিক উদ্দেশ্য তথা লক্ষ্য আগত ৰাখি পৰীক্ষাত অধিক নম্বৰ লাভ কৰা বা উচ্চ গ্ৰেড আহৰণ কৰাই পৰীক্ষাৰ্থীৰ লক্ষ্য আৰু উদ্দেশ্য। অৱশ্যে এটা কথা মন কৰিবলগীয়া যে, পৰীক্ষা এটি অনুষ্ঠিত কৰোতে পৰীক্ষাৰ্থীসকলে কিছুমান নিয়ন্ত্ৰিত ব্যৱস্থাৰ মাজেৰে নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিবলগীয়া হয়। তেনে নিয়ন্ত্ৰিত ব্যৱস্থাসমূহ নাথাকিলে হয়তো পৰীক্ষাৰ্থীসকলে বেছি নম্বৰ বা উচ্চতৰ গ্ৰেড লাভ কৰিব পাৰিলেহেঁতেন। কিন্তু পৰীক্ষাৰ উদ্দেশ্যৰ লগত অথবা পৰীক্ষাৰ জৰিয়তে পৰীক্ষাৰ্থীৰ যেনে ধৰণৰ যোগ্যতা বিচাৰ কৰিবলৈ ইচ্ছা কৰা হৈছে, তাৰ লগত সেই নিয়ন্ত্ৰিত ব্যৱস্থাবোৰৰ সম্পৰ্ক আছে। তেনে নম্বৰ বা গ্ৰেডেহে পৰীক্ষাৰ্থীৰ যোগ্যতা নিৰূপণ কৰে আৰু সেই ব্যৱস্থাবোৰৰ মাজতে বেছি নম্বৰ লাভ কৰা বা উচ্চ গ্ৰেড লাভ কৰাটোৱেহে পৰীক্ষাৰ্থীৰ লক্ষ্য আৰু উদ্দেশ্য।



পৰীক্ষকেনো কি বিচাৰে

 পূৰ্বৰ অনুচ্ছেদত তোমালোকক পৰীক্ষাৰ্থীৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে কোৱা হ’ল। বিভিন্ন আলোচনাৰ পৰা আমি এই সিদ্ধান্তত উপনীত হ’লো যে পৰীক্ষাৰ সময়ত প্ৰদান কৰা বিভিন্ন সা-সুবিধা বা নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত থাকি বেছি নম্বৰ লাভ কৰা বা উচ্চ গ্ৰেড পোৱাটোৱেই হ’ল পৰীক্ষাৰ্থীৰ উদ্দেশ্য বা লক্ষ্য। গতিকে এই লক্ষ্যত উপনীত হ’বলৈ আমি কেনেদৰে আগবাঢ়িব লাগিব তাক আলোচনা কৰাই হ’ল মুখ্যতঃ এই পুথিখনিৰ প্ৰধান উদ্দেশ্য। অৱশ্যে আধুনিক বিশ্ব ব্যাপক শিক্ষাব্যৱস্থাৰ লগত সংগতি ৰাখি বিস্ফোৰিত হোৱা বৈচিত্ৰ্যময় পৰীক্ষা পদ্ধতিৰ আটাইবোৰৰ বিষয়ে আমি আলোচনা নকৰো। এই বৈচিত্ৰ্যময়তাৰ ভিতৰতো সৰ্বাধিকভাৱে প্ৰচলিত লিখিত, মৌখিক আৰু প্ৰেক্টিকেল পৰীক্ষা পদ্ধতিতে আমাৰ আলোচনা সীমাবদ্ধ থাকিল। তদুপৰি বিভিন্ন বিশেষ পৰীক্ষাবোৰৰ কথা আলোচনা নকৰি সাধাৰণ বিদ্যালয় আৰু কিছু ক্ষেত্ৰত মহাবিদ্যালয়ৰ পৰীক্ষাৰ কথাহে আলোচনা কৰা হ’ব।


 লিখিত, মৌখিক আৰু প্ৰেক্টিকেল এই তিনিবিধ পৰীক্ষা পদ্ধতিৰ ভিতৰত লিখিত পৰীক্ষাই সবাতোকৈ গুৰুত্বপূৰ্ণ তথা ব্যাপকতম স্থান লাভ কৰি আহিছে আৰু আমিও পোনতেই ইয়াক বিস্তাৰিত আলোচনাৰ মাজলৈ আনিম। লিখিত পৰীক্ষাৰ ক্ষেত্ৰত পৰীক্ষাৰ্থীয়ে উত্তৰ লিখা বহীখনহে মাথোঁ পৰীক্ষাৰ্থী আৰু পৰীক্ষকৰ মাজত সংযোগস্থল। সেই বহীখনৰ যোগেদিহে পৰীক্ষকে পৰীক্ষাৰ্থীক দেখা পায়। ব্যক্তিগতভাৱে তেওঁ পৰীক্ষাৰ্থীৰ বিষয়ে একো নাজানে। গতিকে পৰীক্ষকে বিচৰামতে পৰীক্ষাৰ্থীয়ে সকলোখিনি কথা বহীখনতে প্ৰকাশ কৰিব লাগিব। এইখিনিতে পৰীক্ষকেনো লিখিত পৰীক্ষাৰ যোগেদি পৰীক্ষাৰ্থীৰ পৰা কি বিচাৰে তাক কিছু আলোচনা কৰা হওক। তেওঁ বিচাৰে পৰীক্ষাৰ্থীৰ পাঠ্যক্ৰমৰ ওপৰত বিস্তাৰিত জ্ঞান, বৰ্ণনা কৰাৰ ক্ষমতা, চমুকৈ লিখা বা বিস্তাৰিতভাৱে লিখাৰ ক্ষমতা, সাৰাংশ বা মূলভাব লিখাৰ ক্ষমতা, কোনো বিষয়ৰ লগত সম্পৰ্ক থকা বিষয়বস্তুৰ জ্ঞান তথা এইবোৰ সংযোজিত কৰাৰ ক্ষমতা, পাঠ্যক্ৰমৰ বিষয়বস্তুৰ ধাৰণা কৰাৰ আৰু বুজাৰ ক্ষমতা, স্মৰণশক্তি, লিখাৰ গতি, লিখনৰ শৃংখলাবদ্ধতা তথা পৰিষ্কাৰ-পৰিচ্ছন্নতা, পৰিকল্পনা কৰাৰ ক্ষমতা ইত্যাদি। সেইবাবেই যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষকে বিচৰা কথাখিনি নিজৰ প্ৰশ্ন-উত্তৰ লিখা বহীখনৰ যোগেদি সুন্দৰভাৱে প্ৰকাশ কৰিব পাৰে, সেইসকল পৰীক্ষাৰ্থীয়ে বিভিন্ন পৰীক্ষাত বেছি নম্বৰ বা উচ্চ গ্ৰেড লাভ কৰাৰ আশা কৰিব পাৰে। আনহাতে মৌখিক পৰীক্ষাৰ যোগেদি পৰীক্ষকে বিচাৰে পৰীক্ষাৰ্থীৰ বিষয়বস্তুৰ ওপৰত জ্ঞান, স্মৰণশক্তি, ধাৰণা কৰা আৰু বুজাৰ ক্ষমতা, বাক্ পটুতা, তৎপৰতা, প্ৰত্যুৎপন্নমতিতা ইত্যাদি। অৱশ্যে ইয়াত বিদ্যালয় বা মহাবিদ্যালয়ৰ সাধাৰণ শিক্ষাৰ লগত জড়িত মৌখিক পৰীক্ষাৰ কথাহে আলোচনা কৰা হৈছে। আন বিশেষ উদ্দেশ্যসম্পন্ন পৰীক্ষাবোৰৰ লগত জড়িত মৌখিক পৰীক্ষাৰ কথা আলোচনা কৰা হোৱা নাই। প্ৰেক্টিকেল বা হাতে-কামে শিক্ষা সাধাৰণ শিক্ষাৰ বাবে অত্যন্ত আৱশ্যকীয় বুলি আধুনিক বিশ্বৰ শিক্ষাব্যৱস্থাই বিশ্বাস কৰে আৰু সেইবাবে বিশ্বৰ প্ৰায় সকলো শিক্ষাব্যৱস্থাতে প্ৰেক্টিকেল শিক্ষা বাধ্যতামূলক কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি প্ৰেক্টিকেল পৰীক্ষায়ো গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে– বিশেষকৈ বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ সাধাৰণ বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত। এই পৰীক্ষাৰ যোগেদি পৰীক্ষকে বিচাৰে, প্ৰধানকৈ পৰীক্ষাৰ্থীৰ হাতে-কামে কৰাৰ ক্ষমতা, যন্ত্ৰ-পাতি সম্পৰ্কে জ্ঞান, কোনো তত্ত্বৰ ধাৰণা কৰা আৰু বুজাৰ ক্ষমতা, তত্ত্বৰ লগত পৰীক্ষা সংগঠিত কৰাৰ ক্ষমতা, যন্ত্ৰপাতি চলোৱাৰ দক্ষতা ইত্যাদি। গতিকে যিসকল পৰীক্ষাৰ্থীয়ে লিখিত, মৌখিক আৰু প্ৰেক্টিকেল পৰীক্ষাত পৰীক্ষকে বিচৰা বিভিন্ন বিষয় সম্পৰ্কে আগতে অৱগত হৈ সেইমতে নিজকে প্ৰস্তুত কৰে, আৰু পৰীক্ষাত নিজকে সুন্দৰভাৱে দক্ষতাৰে উপস্থাপন কৰে তেৱেঁই অধিক নম্বৰ বা উচ্চ গ্ৰেড লাভ কৰে। সেইবাবে বিভিন্ন পৰীক্ষাত পৰীক্ষকে বিচৰা কথাখিনি সম্পৰ্কে সম্যকভাৱে উপলব্ধি কৰা আৰু সেইমতে নিজকে প্ৰস্তুত কৰা অত্যন্ত গুৰুত্বপূৰ্ণ কথা।


শৰীৰৰ যত্ন— আহাৰ, জিৰণি, ব্যায়াম

 পূৰ্বৰ অনুচ্ছেদত আমি পৰীক্ষকেনো কি বিচাৰে সেই সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰিলো। গতিকে বিভিন্ন পৰীক্ষাবোৰত লিখিত, মৌখিক আৰু প্ৰেক্টিকেল পৰীক্ষাত পৰীক্ষকে বিচৰাখিনি সুন্দৰভাৱে প্ৰদৰ্শন কৰিব পৰা পৰীক্ষাৰ্থীগৰাকীয়ে পৰীক্ষাৰ নিজস্ব উদ্দেশ্যত সফল হ’ব পাৰিব, অৰ্থাৎ বেছি নম্বৰ বা উচ্চ গ্ৰেড লাভ কৰিব পাৰিব। কিন্তু এই যোগ্যতা পৰীক্ষাৰ জৰিয়তে পৰীক্ষকক প্ৰদান কৰিবলৈ ছাত্ৰ- ছাত্ৰীসকলে নিজকে সাজু কৰিব পাৰিব লাগিব। আৰু তাৰবাবে ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন পৰিকল্পনা, অধ্যয়ন, অনুশীলন, অধ্যৱসায়, একাগ্ৰতা আদিৰ প্ৰয়োজন হ’ব আৰু সকলোৰে বাবে লাগিব এক সুস্থ স্বাস্থ্য, সুস্থ শৰীৰ আৰু সুস্থ মন।


 সুস্থ শৰীৰ সকলো কামৰে সফলতাৰ এক অন্যতম চৰ্ত। আৰু বিতৰ্কৰ অৱকাশ থাকিলেও বৰ্তমানলৈ জনামতে ‘মন’ হ’ল শৰীৰৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, প্ৰধানকৈ মগজুৰ মাজত চলি থকা এক জটিল ক্ৰিয়াকলাপৰ সমষ্টি আৰু সেইবাবে সুস্থ মনৰ কথা বেলেগকৈ আলোচনা কৰাৰ কোনো প্ৰয়োজন নাই। সুস্থ শৰীৰে সুস্থ মনকো সূচায়, অন্ততঃ আমি সেইভাবেই বিবেচনা কৰিছো। অৱশ্যে ইতিহাসৰ বিভিন্ন সময়ত দেখা যায় যে, শাৰীৰিকভাৱে অসুস্থ বহুতো ব্যক্তিয়েও বিভিন্ন ক্ষেত্ৰত চমকপ্ৰদ সফলতা অৰ্জন কৰিছে, বিশ্বজুৰি অভূতপূৰ্ব খ্যাতি লাভ কৰিছে, বিশ্বসভ্যতালৈ অমূল্য বৰঙণি আগবঢ়াইছে। তেনে কবি, সাহিত্যিক, বিজ্ঞানী, সংগীতজ্ঞ, খেলুৱৈ, শিল্পী আদিৰ অসংখ্য দৃষ্টান্ত আমাৰ সমাজত আছে। দুৰাৰোগ্য কৰ্কট ৰোগত ভুগিও ফ্ৰয়েডে মনোবিজ্ঞানলৈ অকল্পনীয় বৰঙণি আগবঢ়াইছে, দুষ্প্ৰাপ্য স্নায়ুৰোগত আক্ৰান্ত হৈও ষ্টিফেন হকিঙে তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ গৱেষণাত প্ৰচুৰ খ্যাতি অৰ্জন কৰিছে, শ্ৰৱণ শক্তিহীন হৈও বিথোভেনে সংগীতজগতত বিপ্লৱৰ সূচনা কৰিছে, অন্ধ কবি হোমাৰে কালজয়ী সাহিত্য সৃষ্টি কৰি গৈছে ইত্যাদি ইত্যাদি। এনে উদাহৰণ বিশ্ব ইতিহাসৰ পাতে পাতে পৰি আছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, সভ্যতাৰ বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ হ’লে তেওঁ শাৰীৰিকভাৱে অসুস্থ হ’বই লাগিব। কাৰণ বিশ্ব ইতিহাসৰ মহৎ প্ৰতিভাধৰসকলৰ ভিতৰত অসুস্থ ব্যক্তিতকৈ সুস্থ ব্যক্তিৰ সংখ্যা বহুগুণে বেছি। বহু ক্ষেত্ৰত উজ্জ্বল স্বাস্থ্য আৰু দীৰ্ঘ জীৱন একোজন ব্যক্তিৰ মহত্ত্ব বৃদ্ধিৰ অন্যতম কাৰণ। ব্যতিক্ৰম সকলোতে আছে। কিন্তু ব্যতিক্ৰমৰ কথা দৃষ্টান্ত হিচাপে নলৈ অব্যতিক্ৰম বা বেছি সম্ভাৱনাপূৰ্ণ উদাহৰণকহে আমি অনুসৰণ কৰাটো উচিত হ’ব। সেই অসুস্থ মহৎ লোকসকলৰ আন ক্ষেত্ৰত থকা বিৰল প্ৰতিভাইহে সেই অসুস্থতাকো অতিক্ৰম কৰি বিশ্বসভ্যতালৈ নিজ নিজ ক্ষেত্ৰত বৰঙণি যোগোৱাত সহায় কৰিছে। কিন্তু সেই বিৰল প্ৰতিভা সকলোৰে নাথাকিবও পাৰে আৰু শাৰীৰিক অক্ষমতা বেছিভাগ ব্যক্তিৰে প্ৰতিভা প্ৰকাশৰ অন্যতম বাধা হিচাপে থিয় হ’ব পাৰে। গতিকে এনেবোৰ কথা বিবেচনা কৰি সুস্থ শৰীৰ এটি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰাৰ এক অন্যতম চৰ্ত বুলি বিবেচনা কৰিব লাগিব আৰু সেই হিচাপে ছাত্ৰ-ছাত্ৰীসকলেও শৰীৰ সম্পূৰ্ণ সুস্থ, নিৰোগী কৰি এই উজ্জ্বল স্বাস্থ্য লাভ কৰিবলৈ প্ৰচেষ্টা চলাব লাগিব।


 যন্ত্ৰ এটি দক্ষতাৰে পৰিচালনা কৰি তাৰ পৰা সৰ্বোচ্চ সেৱা আদায় কৰাৰ বাবে যন্ত্ৰটোৰ গঠন, কাৰ্যপ্ৰণালী, নিৰ্দিষ্ট ইন্ধন, নিয়ন্ত্ৰক চাবি আদি সম্পৰ্কে সম্যক জ্ঞান থকা প্ৰয়োজন। একেদৰে মানুহৰ সবাতোকৈ মূল্যবান সম্পদ মানৱ-যন্ত্ৰ— ইয়াৰ শৰীৰটো সুন্দৰভাৱে পৰিচালনা কৰি জীৱনত সফলতা লাভ কৰাৰ বাবেও শৰীৰৰ গঠন, কাৰ্যপ্ৰণালী, খাদ্য, জিৰণি, ব্যায়াম আদি সম্পৰ্কে সন্তোষজনক জ্ঞান থকা দৰকাৰ। অৱশ্যে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাভিত্তিক জ্ঞানৰ বিস্ফোৰণৰ যুগত অকল্পনীয়ভাৱে বৃদ্ধি পোৱা শৰীৰ সম্পৰ্কেও বিস্তাৰিত সূক্ষ্মতৰ জ্ঞানবোৰ লাভ কৰা বা তাৰবাবে প্ৰচেষ্টা চলোৱাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কোনো আৱশ্যক নাই। যদিহে পাঠ্যক্ৰমৰ ই অন্তৰ্গত নহয়, মোটামুটি সাধাৰণ জ্ঞানেই যথেষ্ট। শৰীৰৰ প্ৰধান গঠন প্ৰণালী এনে ধৰণৰঃ শৰীৰৰ গঠন সদৃঢ়ভাৱে ধৰি ৰখাৰ বাবে অস্থিসজ্জা, বিভিন্ন অংগ-প্ৰত্যংগৰ সঞ্চালনৰ বাবে পেশীপ্ৰণালী, হৃদপিণ্ডকে ধৰি ৰক্ত সঞ্চালনতন্ত্ৰ, মগজুক লৈ স্নায়ুতন্ত্ৰ, পৰিপাকতন্ত্ৰ, শৰীৰৰ অদৰকাৰী বস্তু বাহিৰ কৰি দিয়া ৰেচনতন্ত্ৰ ইত্যাদি। এই প্ৰতিবিধ প্ৰণালীৰে নিজস্ব কাৰ্যপ্ৰণালী আছে আৰু নিজ নিজ ভূমিকাৰে শৰীৰটো সুস্থভাৱে পৰিচালনা কৰি থাকে। এই বিভিন্ন প্ৰণালীৰ অন্তৰ্গত বিভিন্ন অংগ-প্ৰত্যংগৰ প্ৰায়বোৰ আমাৰ জীয়াই থকাৰ বাবে অত্যন্ত আৱশ্যকীয়, অৰ্থাৎ তেনেবোৰ অংগ-প্ৰত্যংগৰ ক্ষতি হ’লে মানুহ জীয়াই থাকিব নোৱাৰে। অৱশ্যে কিছুমান অংগ-প্ৰত্যংগৰ আংশিক বা সম্পূৰ্ণ ক্ষতি হ’লেও মানুহ জীয়াই থাকিব পাৰে। কিন্তু এটা কথা নিশ্চিত যে, এজন সম্পূৰ্ণ সুস্থ স্বাভাৱিক মানুহৰ শৰীৰতকৈ সামান্যভাৱে ক্ষতিগ্ৰস্ত হোৱা অংগ-প্ৰত্যংগৰ শৰীৰ এটিয়েও যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সেইবাবে এই মহা মূল্যৱান শৰীৰটো সম্পূৰ্ণ সুস্থ ৰাখিবলৈ মানুহে যৎপৰোনাস্তি প্ৰচেষ্টা চলোৱা উচিত আৰু ছাত্ৰ- ছাত্ৰীসকলেও এই কথাত যথোচিত গুৰুত্ব আৰোপ কৰা উচিত। মানৱ শৰীৰৰ সুস্থতা তথা সৰ্বাধিক কৰ্মক্ষমতাৰ বাবে সবাতোকৈ গুৰুত্ব আৰোপ কৰিবলগীয়া বিষয়কেইটা হ’ল— খাদ্য, জিৰণি আৰু ব্যায়াম। খাদ্য বা আহাৰ মানুহৰ মৌলিক প্ৰয়োজনীয় বস্তুৰ ভিতৰত অন্যতম। অকল মানুহৰে নহয়; সকলো প্ৰাণী বা উদ্ভিদ বা সমগ্ৰ জীৱজগতৰেই প্ৰাথমিক আৱশ্যকীয় বস্তু। আহাৰৰ অন্বেষণ, উৎপাদন, সংৰক্ষণ, প্ৰস্তুতি, পৰিবেশন আদিৰ বিচিত্ৰতা, বৰ্ণাঢ্যতাই যুগ যুগ ধৰি মানৱ সভ্যতা আৰু মানৱ সংস্কৃতিত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। মানুহৰ সুখ প্ৰদানকাৰী এক প্ৰধান উপাদান হ’ল আহাৰ। শৰীৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সামগ্ৰিকভাৱে আহাৰক তিনিটা বহল ভাগত বিভক্ত কৰিব পাৰি— শ্বেতসাৰ বা কাৰ্বহাইড্ৰেট জাতীয়, মাংসসাৰ বা প্ৰ’টিন জাতীয় আৰু স্নেহপদাৰ্থ বা ফেট জাতীয়। তদুপৰি কম পৰিমাণে হ’লেও বিভিন্ন খনিজ লৱণ তথা মৌল আৰু খাদ্যপ্ৰাণ বা ভিটামিনো আমাৰ অত্যন্ত আৱশ্যকীয় খাদ্য। আনকি যথেষ্ট পানী আৰু অম্লজান বা অক্সিজেনো আমাৰ শৰীৰক আৱশ্যকীয় বাবে ইহঁতকো খাদ্যৰ অন্তৰ্ভুক্ত কৰিব পাৰি। ইয়াৰে শ্বেতসাৰ জাতীয় আহাৰে শক্তিদায়ক, মাংসসাৰ জাতীয় আহাৰে পৰিবৰ্ধক তথা পুষ্টিদায়ক আৰু স্নেহপদাৰ্থ জাতীয় আহাৰে শক্তিসংৰক্ষক হিচাপে শৰীৰত সাধাৰণতে কাম কৰে। অৱশ্যে আৱশ্যক অনুযায়ী মাংসসাৰ বা স্নেহপদাৰ্থ জাতীয় আহাৰেও শক্তিদায়ক হিচাপে কাম কৰিব পাৰে। অতি সহজভাৱে ক’বলৈ গ’লে শৰীৰত শক্তি উৎপাদন প্ৰণালীটো হ’ল এনে ধৰণৰঃ শ্বেতসাৰ বা কাৰ্বহাইড্ৰেট হ’ল এঙাৰ বা কাৰ্বন আৰু উদযান বা হাইড্ৰ’জেনযুক্ত এবিধ যৌগিক পদাৰ্থ। শৰীৰৰ পাচনতন্ত্ৰৰ পৰা তেজে এই কাৰ্বহাইড্ৰেটসমূহ শৰীৰৰ বিভিন্ন পেশীসমূহৰ কোষসমূহলৈ কঢ়িয়াই নিয়ে। আকৌ হাওঁফাওঁৰ পৰা তেজে অক্সিজেন গেছ পুনৰ সেই কোষসমূহলৈ লৈ যায়। অক্সিজেনৰ পৰিবেশত কাৰ্বহড্ৰেটৰ দহন ঘটি কাৰ্বনৰ অম্লজ এঙাৰগেছ আৰু হাইড্ৰ’জেনৰ অম্লজ জলীয় ভাপৰ সৃষ্টি হয় আৰু লগতে শক্তি উৎপাদন হয়। শৰীৰটো সুস্থভাৱে পৰিচালিত হ’বলৈ হ’লে ওপৰত উল্লেখ কৰা আটাইবোৰ উপাদান আহাৰত আৱশ্যকীয় পৰিমাণে থকাটো দৰকাৰ। প্ৰধানতঃ ভাত, ৰুটী আদিত শ্বেতসাৰ; মাছ, মাংস, দাইল আদিত মাংসসাৰ আৰু তেল, ঘিউ আদিত স্নেহপদাৰ্থ বেছিকৈ থাকে। সতেজ শাক-পাচলি, ফলমূল, গাখীৰ আদিত খাদ্যপ্ৰাণ, খনিজ লৱণ আৰু আৱশ্যকীয় মৌল আদি অধিক পৰিমাণে থাকে। গতিকে আমাৰ খাদ্য-তালিকাত এই সকলোবোৰ খাদ্য সঠিক পৰিমাণে থকাটো দৰকাৰ। আমাৰ খাদ্যনীতি সম্পৰ্কে ভালদৰে জানিবলৈ ছাত্ৰ-ছাত্ৰীসকলে আহাৰ আৰু স্বাস্থ্য সম্পৰ্কে লিখা দুই-তিনিখন ভাল কিতাপ খৰচি মাৰি পঢ়িব লাগে। তাৰ পৰা তেওঁলোকৰ খাদ্যনীতি সম্পৰ্কে এটি ভাল জ্ঞান হ’ব। অৱশ্যে পৰম্পৰাগতভাৱেই মানুহে ইতিমধ্যে আহাৰ সম্পৰ্কে যথেষ্ট অভিজ্ঞতা সঞ্চয় কৰি লৈছেই আৰু পৰীক্ষাৰ্থীসকলেও দৈনন্দিন জীৱন- যাপনত তাক প্ৰয়োগ কৰি আহিছেই। তথাপি পৰীক্ষাৰ্থীসকলে কিছুমান কথা অত্যন্ত গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত। তেওঁলোকে যেন খাদ্য উপযুক্তভাৱে সময়মতে গ্ৰহণ কৰে। খাদ্য গ্ৰহণৰ সময়ত কোনো চিন্তা, উত্তেজনা, বিষাদ মনলৈ নানে। কাৰণ, মানসিক অৱস্থাৰ লগত মানুহৰ পাচনতন্ত্ৰৰ ওচৰ সম্পৰ্ক আছে। তেওঁলোকে যেন প্ৰধান আহাৰ গ্ৰহণ কৰি উঠিয়েই পঢ়িবলৈ নবহে। অন্ততঃ পোন্ধৰ মিনিট সময় লাহে লাহে খোজকাঢ়ি উঠিহে পঢ়িবলৈ বহা ভাল। পৰীক্ষাৰ্থীসকলে মনত ৰখা দৰকাৰ যে, খাদ্যনীতিয়েই হ’ল সুস্থ, স্বাস্থ্যৱান শৰীৰৰ প্ৰধান চৰ্ত আৰু প্ৰকাৰন্তৰে তেওঁলোকৰ পৰীক্ষাৰ সফলতাৰ এক প্ৰধান সঁচাৰ কাঠি। আহাৰৰ পিছতেই মানুহৰ স্বাস্থ্যৰ বাবে মনোযোগ দিবলগীয়া বিষয়টো হ’ল জিৰণি। টোপনি বা নিদ্ৰাই হ’ল প্ৰাণীৰ শৰীৰৰ সবাতোকৈ আৱশ্যকীয় জিৰণি। শৰীৰ সুস্থভাৱে ৰাখি কাম কৰি থাকিবলৈ হ’লে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্দিষ্ট সময়ৰ বাবে নিদ্ৰাৰ প্ৰয়োজন। অৱশ্যে বহু ক্ষেত্ৰত ব্যক্তিভেদে বা ব্যক্তিৰ বয়সৰ তাৰতম্য অনুযায়ী প্ৰয়োজনীয় নিদ্ৰাৰ সময়ৰ পৰিমাণে বিভিন্ন হয়। সাধাৰণতে সৰু ল’ৰা-ছোৱালীক অধিক সময় আৰু বৃদ্ধ মানুহক কম সময়ৰ বাবে টোপনি বা নিদ্ৰাৰ প্ৰয়োজন হয়। তদুপৰি কঠোৰ পৰিশ্ৰম কৰিলে— প্ৰধানকৈ মগজুৰ বেছি পৰিশ্ৰম হ’লে বেছি টোপনিৰ প্ৰয়োজন হয়। আহাৰৰ দৰে সাধাৰণ স্বাস্থ্যবিধিৰ কিতাপতেই মানুহৰ টোপনিৰ অভ্যাস সম্পৰ্কেও পোৱা যায় আৰু পৰীক্ষাৰ্থীসকলে তাৰ পৰা টোপনি সম্পৰ্কে সম্যক জ্ঞান আহৰণ কৰা উচিত। আহাৰৰ দৰে ছাত্ৰ- ছাত্ৰীসকলে নিদ্ৰাৰ ক্ষেত্ৰতো নিয়মানুৱৰ্তিতা মানি চলা উচিত। সদায় একে সময়তে শোৱাৰ অভ্যাস কৰিলে একে সময়তে সাৰ পোৱা যায় আৰু নিয়মমতে আন কাম কৰাৰ সুবিধা পোৱা যায়। শোৱাৰ পৰা উঠি শৰীৰ আৰু মনলৈ সতেজতা আৰু উৎসাহ আহিলেই টোপনি সম্পূৰ্ণ হোৱা বুলি বুজিব লাগিব। বিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ বাবে সাধাৰণতে ৭ বা ৮ ঘণ্টা টোপনিৰ আৱশ্যক যদিও ব্যক্তিভেদে ইয়াৰো কিছু তাৰতম্য হ’ব পাৰে। ডাঙৰ শব্দ, কোলাহল, উজ্জ্বল পোহৰ, বেছি কোমল বা বেছি কঠিন শোৱাপাটী, খুব ঠাণ্ডা ব খুব গৰম, বায়ু চলাচল কৰিব নোৱাৰা কোঠা, অত্যন্ত বেছি বা খুব কম শাৰীৰিক আৰু মানসিক কাৰ্য, উত্তেজনা, চিন্তা, অনাৱশ্যকীয় উৎফুল্লতা বা বিষাদ, শাৰীৰিক ৰোগ আদি বিভিন্ন বিষয়ে মানুহৰ টোপনিত ব্যাঘাত জন্মায় আৰু ছাত্ৰ-ছাত্ৰীসকলে যথাসম্ভৱ ইয়াক পৰিহাৰ কৰি চলিব লাগে, বিশেষকৈ শুবলৈ যোৱাৰ আগতে। কমকৈ শোৱা যেনেদৰে বেয়া, বেছিকৈ শোৱাও ক্ষতিকাৰক। ছাত্ৰ-ছাত্ৰীসকলে মনত ৰাখিব লাগে যে, শৰীৰক অনাৱশ্যকীয়ভাৱে বিছনাত পৰি থাকিবলৈ দিবলৈ তেওঁৰ সময় নাই আৰু সেই সময়খিনি অধ্যয়নত প্ৰয়োগ কৰিলেহে তেওঁৰ সফলতাৰ ক্ষেত্ৰত এখোজ হলেও আগবঢ়াত সহায়ক হ’ব।


 আহাৰ আৰু জিৰণিৰ দৰে ব্যায়ামো শৰীৰৰ বাবে অত্যন্ত আৱশ্যকীয়। যন্ত্ৰ এটি সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ থাকিবলৈ তাৰ যেনেদৰে নিয়মিত ব্যৱহাৰৰ প্ৰয়োজন, শৰীৰটো উপযুক্তভাৱে কাৰ্যক্ষম হৈ থাকিবলৈ ইয়াৰ বিভিন্ন অংগ-প্ৰত্যংগৰ নিয়মিত ব্যৱহাৰৰো আৱশ্যক। নিৰ্দিষ্ট সময়ত, নিৰ্দিষ্ট পৰিমাণৰ খেলা-ধূলা হ’ল শৰীৰৰ অংগ-প্ৰত্যংগসমূহৰ নিয়মিত ব্যৱহাৰৰ উপায়। আহাৰ আৰু নিদ্ৰাৰ দৰেই পৰীক্ষাৰ্থীসকলে খেলা-ধূলা আৰু সাধাৰণ স্বাস্থ্যবিধিত ব্যায়ামৰ প্ৰয়োগ সম্পৰ্কে বিভিন্ন কিতাপ পঢ়ি আৱশ্যকীয় জ্ঞান অৰ্জন কৰি ল’ব লাগে। প্ৰধানকৈ শাৰীৰিক পৰিশ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰা লোকসকলৰ ক্ষেত্ৰত খেলা-ধূলা বা ব্যায়ামৰ প্ৰয়োজন বিশেষ নাই। কিন্তু ছাত্ৰ- ছাত্ৰীসকলৰ যিহেতু শাৰীৰিক শ্ৰম খুব কম হয়, তেওঁলোকৰ বাবে শাৰীৰিক কছৰৎ অত্যন্ত আৱশ্যকীয়। এই ক্ষেত্ৰতত ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ নিয়মানুৱৰ্তিতা পালন কৰা উচিত; বেছি কঠিন খেল-ধেমালি বা কঠিন ব্যায়াম অনুষ্ঠিত কৰা উচিত নহয়। সাধাৰণতে আবেলি আধাঘণ্টাৰ পৰা এঘণ্টা সাধাৰণ খেল-ধেমালি আৰু মুক্তহস্ত ব্যায়ামেই যথেষ্ট।


 মুঠ কথা ছাত্ৰ-ছাত্ৰীসকলৰ সুস্থ স্বাস্থ্যৱান শৰীৰ এটি অতি মূল্যৱান সম্পদ। শৰীৰৰ বাবে অত্যন্ত আৱশ্যকীয় আহাৰ, জিৰণি আৰু ব্যায়াম সম্পৰ্কে সম্যক জ্ঞান আহৰণ কৰি কঠোৰ নিয়মানুৱৰ্তিতাৰ মাজেৰে শৰীৰক পৰিচালনা কৰি আৰু ইয়াৰ পৰা সৰ্বাধিক লাভ আদায় কৰি তেওঁলোকে সফলতাৰ পথত অগ্ৰসৰ হোৱা উচিত।


অধ্যয়ন আৰম্ভণৰ আগকথা

 পৰীক্ষা সম্পৰ্কে বিভিন্ন দিশত আলোচনা কৰাৰ পিছত এতিয়া আমি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা সম্পৰ্কে কিছু বহলাই আলোচনা কৰিব পৰা হৈছো। পৰীক্ষাত সফলতা লাভ কৰাৰ মূল সঁচাৰ কাঠি হ’ল পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ পৰা আৰম্ভ কৰি পৰীক্ষাগৃহত পৰীক্ষা লিখি শেষ কৰালৈকে এক বিস্তৃত, নিখুঁত, আৱশ্যক অনুযায়ী সালসলনি কৰিব পৰা, দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী পৰিকল্পনাৰ প্ৰস্তুতি। অৱশ্যে ইয়াত পৰীক্ষা বোলোতে এনেবোৰ পৰীক্ষাৰ কথাহে বিবেচনা কৰা হৈছে যিবোৰৰ জৰিয়তে ভৱিষ্যতে জীৱনত কামত আহিব পৰা কিছুমান প্ৰমাণপত্ৰ পোৱা যায় অথবা তাৰ সহায়ক হয়। উদাহৰণস্বৰূপে, উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা, স্নাতক পৰীক্ষা ইত্যাদি। মাজতে পতা ছমহীয়া পৰীক্ষা, বছৰেকীয়া পৰীক্ষা, শ্ৰেণীৰ পৰীক্ষা আদি এই আলোচনাৰ পৰা বাদ দিয়া হৈছে। অৱশ্যে এনেবোৰ পৰীক্ষাত প্ৰাপ্ত নম্বৰ বা গ্ৰেড যদি শিক্ষান্ত পৰীক্ষাসমূহৰ নম্বৰ বা গ্ৰেডত বিবেচ্য হয় তেন্তে, এনেবোৰ পৰীক্ষাও আমি গুৰুত্বসহকাৰে বিবেচনা কৰিব লাগিব আৰু হ্ৰস্বম্যাদী পৰিকল্পনাৰ জৰিয়তে ইয়াৰ বাবে প্ৰস্তুতি চলাব লাগিব। সম্প্ৰতি এনেবোৰ পৰীক্ষাৰ কথা বাদ দি শিক্ষান্ত পৰীক্ষাসমূহৰ পৰিপ্ৰেক্ষিতত আমাৰ আলোচনা আগবঢ়াওঁ। প্ৰতিটো পৰীক্ষাৰ ক্ষেত্ৰত মুখ্য বিবেচ্য বিষয়সমূহ হ’ল এক নিৰ্দিষ্ট পাঠ্যক্ৰম, শিক্ষা গ্ৰহণৰ সময়, শিক্ষা প্ৰদানকাৰী অনুষ্ঠান তথা শিক্ষকসকল, পাঠ্যপুথি তথা প্ৰসংগ পুথিসমূহ আৰু পৰীক্ষাৰ প্ৰশ্নকাকত তথা পৰীক্ষা লিখা কাৰ্য। ইয়াৰ ভিতৰত সবাতোকৈ গুৰুত্বপূৰ্ণ অংগ হ’ল শিক্ষাপ্ৰদানকাৰী অনুষ্ঠান তথা ইয়াৰ শিক্ষকসকল। আন প্ৰায় সকলোবোৰ বিষয় এই অনুষ্ঠানেই পৰিচালনা কৰে আৰু সেই হিচাপে ইয়াৰ পৰিচালক তথা শিক্ষকসকলেই ছাত্ৰ-ছাত্ৰী বা পৰীক্ষাৰ্থীসকলৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ ব্যক্তি। ছাত্ৰ- ছাত্ৰীসকলক পৰীক্ষাৰ বাবে সাজু কৰি উলিয়াই দিয়াৰ বাবে শিক্ষকসকলেই দৰাচলতে সম্পূৰ্ণৰূপে দায়বদ্ধ। পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত বিষয়সমূহৰ খৰচি মাৰি শিক্ষা প্ৰদান কৰাৰ উপৰিও পাঠ্যপুথি তথা প্ৰসংগ পুথি সম্পৰ্কে তথ্য প্ৰদান কৰা, পৰীক্ষাৰ প্ৰশ্নকাকত আলোচনা কৰা, অধ্যয়ন আৰু পৰীক্ষা লিখা পদ্ধতিৰ ওপৰত উপদেশ প্ৰদান কৰা তেওঁলোকৰ কৰ্তব্য। কিন্তু বহু ক্ষেত্ৰত বিভিন্ন সামাজিক বা ব্যক্তিগত কাৰণত শিক্ষকসকলে শিক্ষা প্ৰদানৰ এই সকলোবোৰ কাম সম্পূৰ্ণৰূপে পালন কৰিবলৈ অসমৰ্থ হয় আৰু কেতিয়াবা ছাত্ৰ-ছাত্ৰীসকলেও শিক্ষকসকলৰ পৰা সকলোখিনি জ্ঞান সম্পূৰ্ণৰূপে আহৰণত ব্যৰ্থ হয়। এনেবোৰ পৰিস্থিতিৰ বাবে সকলো কথা বিবেচনা কৰি, বিস্তৃত পৰিকল্পনাৰ জৰিয়তে পৰীক্ষাৰ বাবে নিজেই সাজু হোৱাটো ছাত্ৰ-ছাত্ৰীসকলৰ কৰ্তব্য। বৰ্তমান সামাজিক পৰিস্থিতিৰ কথা মনত ৰাখি তেওঁলোকে বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয় বা ইয়াৰ শিক্ষক, অধ্যাপকসকলক নিৰ্ভৰ কৰি নাথাকি নিজেই কৰ্তব্যত তীব্ৰভাৱে আত্মনিয়োগ কৰা উচিত। তেওঁলোকে মনত ৰাখিব লাগিব যে, ভৱিষ্যতে বিভিন্ন বিস্তীৰ্ণ বিষয়ৰ অধ্যয়নত কোনো নিৰ্দেষ্ট পাঠ্যক্ৰম, শিক্ষানুষ্ঠান, শিক্ষক আদিৰ কোনো ব্যৱস্থা নাথাকিব আৰু নিজেই অধ্যয়ন কৰি, পৰীক্ষা কৰি, পৰ্যবেক্ষণ কৰি, অভিজ্ঞতাৰ জৰিয়তে জ্ঞান আহৰণ কৰিব লাগিব। গতিকে সুদীৰ্ঘ ভৱিষ্যতৰ কথা মনত ৰাখি এতিয়াৰ পৰাই ছাত্ৰ-ছাত্ৰীসকল স্বনিৰ্ভৰশীল হ’বলৈ যত্ন কৰা উচিত হ’ব। অৱশ্যে ইয়াৰ জৰিয়তে শিক্ষানুষ্ঠান বা শিক্ষকসকলক পৰিহাৰ কৰাৰ কথা কোৱা হোৱা নাই। বৰঞ্চ বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহ বা শিক্ষক, অধ্যাপকসকলৰ পৰা বেছিকৈহে আৱশ্যকীয় শিক্ষা আহৰণৰ বাবে যথাসম্ভৱ গুৰুত্ব দিব লাগিব আৰু নিজৰ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাত তাক আটাইতকৈ লাভজনকভাৱে প্ৰয়োগ কৰিব পাৰিব লাগিব।


 পোনতেই আমাৰ আলোচনা কৰিবলগা বিষয় হ’ল পাঠ্যক্ৰম। প্ৰতিটো শিক্ষা- পৰিক্ৰম বা কোৰ্ছৰ বাবে একোখন পাঠ্যক্ৰম থাকে। পাঠ্যক্ৰম হ’ল সেই শিক্ষা- পৰিক্ৰমটোৰ বাবে অধ্যয়ন কৰিবলগীয়া বিষয়সমূহৰ তালিকা। নিজস্ব পাঠ্যক্ৰম সম্পৰ্কে সম্যকভাৱে জ্ঞাত হোৱাটো ছাত্ৰ-ছাত্ৰীৰ প্ৰতিটো পৰিক্ৰমৰ শিক্ষা আৰম্ভৰ প্ৰথম কাম। মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যক্ৰম এখন সংগ্ৰহ কৰাটো উজু কাম; কিতাপৰ বিপণি বা বিশ্ববিদ্যালয়ৰ কাৰ্যালয়ৰ পৰাই সহজে সংগ্ৰহ কৰিব পাৰি। কিন্তু বহু ক্ষেত্ৰত অজ্ঞাতবশতঃ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যক্ৰম সম্পৰ্কে একো নজনাকৈয়ে থাকিবলগীয়া হয় আৰু কেৱল শিক্ষক তথা পাঠ্যপুথিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও বিদ্যালয়ৰ কাৰ্যালয় বা শিক্ষা পৰিক্ৰমটো পৰিচালনা কৰা মূল কাৰ্যালয়ৰ পৰা নিজস্বভাৱে একোখন পাঠ্যক্ৰমৰ তালিকা প্ৰথমেই সংগ্ৰহ কৰিব লাগিব আৰু ইয়াৰ জৰিয়তেই অধ্যয়নৰ ক্ষেত্ৰ প্ৰস্তুত কৰিব লাগিব।


 পাঠ্যক্ৰমৰ তালিকাৰ অধ্যয়ন আৰু অগ্ৰজ ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলৰ লগত আলোচনাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ আগন্তুক পৰীক্ষাৰ বিষয়ে এটা সম্যক উপলব্ধি হোৱাৰ পাছত তেওঁলোকে সেই পাঠ্যক্ৰমবোৰৰ বিস্তৃত অধ্যয়ন আৰম্ভ কৰিব লাগিব আৰু তাৰবাবে আগতীয়াকৈ কিছুমান বস্তু সংগ্ৰহ কৰিব লাগিব। পাঠ্যক্ৰম সম্পৰ্কীয় সংগ্ৰহ কৰিবলগীয়া বস্তুবোৰ হ’ল— পাঠ্যপুথি তথা প্ৰসংগ পুথি, পুৰণি প্ৰশ্নকাকত আৰু অগ্ৰজ ছাত্ৰ-ছাত্ৰীসকলৰ বা শিক্ষকসকলৰ টোকাবহী বা নোট। বিদ্যালয় পৰ্যায়ত নিৰ্দিষ্ট পাঠ্যপুথিসমূহে আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান লাভ কৰে। গতিকে ছাত্ৰ-ছাত্ৰীসকলে পোনতেই নিৰ্দিষ্ট পাঠ্যপুথিসমূহ তথা আৱশ্যকীয় প্ৰসংগ পুথিসমূহ সংগ্ৰহ কৰিবলৈ যত্ন কৰিব লাগে। এই পুথিসমূহৰ তালিকাখন বহু ক্ষেত্ৰত পাঠ্যক্ৰম তালিকাত দিয়া থাকে যদিও চূড়ান্ত তালিকা প্ৰস্তুত কৰোতে শিক্ষক তথা অগ্ৰজ ছাত্ৰ-ছাত্ৰীৰ লগত আলোচনা কৰা উচিত। পাঠ্যপুথিৰ ক্ষেত্ৰত বিশেষ দ্বিমত নাথাকিলেও প্ৰসংগ পুথিৰ ক্ষেত্ৰত ভিন্ন মত পোৱা যায়। এনেবোৰ ক্ষেত্ৰত বহুকেইজনৰ মতামত গ্ৰহণ কৰি আৰু নিজেও প্ৰসংগ পুথিসমূহ চকু ফুৰাই চাই সিদ্ধান্ত ল’ব লাগে। ইয়াৰ পিচত আহিল এই পুথিসমূহৰ সংগ্ৰহ। সাধাৰণতে কিতাপৰ বিপণিৰ পৰাই কিনি এইবোৰ সংগ্ৰহ কৰা ভাল। কিন্তু আৰ্থিকভাৱে অসমৰ্থ হলে চিনাকি বন্ধু-বান্ধৱী, সম্বন্ধীয় লোক আদিৰ পৰাও সংগ্ৰহ কৰা সম্ভৱ। কেতিয়াবা দুই-তিনিজন ছাত্ৰ-ছাত্ৰী লগ হৈ এখন কিতাপ কিনিও বেছ ভালদৰেই কাম চলাব পাৰি— কেৱল পাৰস্পৰিক বুজাবুজিৰহে আৱশ্যক। আকৌ কেতিয়াবা কিছুমান আৱশ্যকীয় পাঠ্যপুথি অথবা প্ৰসংগ পুথি বজাৰত পোৱা নাযায়। এনে ক্ষেত্ৰতো এখন পুথিৰেই কেইবাজনেও কাম চলাব লাগিব আৰু ছাত্ৰ- ছাত্ৰীসকলে সহযোগিতাৰ মনোভাবেৰে আগবাঢ়িব লাগিব। সুবিধা হলে ছাত্ৰ-ছাত্ৰীসকলে এনেকুৱা পুথিসমূহ ফটোষ্টেট কৰি ল’ব লাগে। তদুপৰি বিদ্যালয় স্তৰতে ছাত্ৰ-ছাত্ৰীসকলে আৱশ্যকীয় পুথিসমূহ বিভিন্ন ধৰণে কেনেদৰে সংগ্ৰহ কৰিব লাগে তাক শিকিব লাগে, যিটো এক অতি আমোদজনক তথা শিক্ষণীয় অভিজ্ঞতা।


 ইয়াৰ পিছত সংগ্ৰহ কৰিবলগীয়া বস্তু হ’ল প্ৰশ্নকাকতসমূহ। পৰীক্ষাত যিহেতু পৰীক্ষাৰ্থীসকলে এই প্ৰশ্নকাকতসমূহৰ উত্তৰৰ যোগেদিয়েই নিজৰ পাৰদৰ্শিতা দাঙি ধৰিব লাগিব, গতিকে এটা নিৰ্দিষ্ট পাঠ্যক্ৰমৰ ক্ষেত্ৰত ইয়াৰ শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নসমূহৰ লগত ছাত্ৰ-ছাত্ৰীসকল সম্পূৰ্ণ পৰিচিত হৈ থাকিব লাগিব আৰু সেইবাবে যিমান পাৰি বেছিসংখ্যক প্ৰশ্নকাকত তেওঁলোকে সংগ্ৰহ কৰিব লাগিব। কিতাপৰ বিপণি, শিক্ষক, বন্ধু বান্ধৱী বা পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ পৰা প্ৰশ্নকাকতসমূহ সংগ্ৰহ কৰিব পাৰি। ইয়াতো ফটোষ্টেট পদ্ধতি প্ৰয়োগ কৰি নিজাববীয়াকৈ সকলো প্ৰশ্নৰ এটা সংগ্ৰহ প্ৰস্তুত কৰিব লাগে আৰু সমগ্ৰ প্ৰশ্নকাকতসমূহ বেছ ভালদৰে একগোট কৰি বন্ধাই ল’ব লাগে যাতে ভৱিষ্যতে উপৰ্যুপৰি ব্যৱহাৰতো এইবোৰ নষ্ট নহয়। তদুপৰি প্ৰশ্নসমূহ বন্ধাই লওঁতে এটা মন কৰিবলগীয়া কথা হ’ল যে, প্ৰশ্নসমূহ চন বা বছৰ হিচাপে নবন্ধাই, বিষয় হিচাপে বন্ধাব লাগে; অৰ্থাৎ বিভিন্ন বছৰ বা চনৰ একে বিষয়ৰ প্ৰশ্নকাকতসমূহ একেলগে বন্ধাই ৰাখিব লাগে। তেতিয়া পিছত ব্যৱহাৰ কৰিবলৈ বহুখিনি সুবিধা হয়।


 সৰ্বশেষত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক-শিক্ষয়িত্ৰী বা অগ্ৰজ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন বিষয়ৰ টোকা বা নোট সংগ্ৰহ কৰিব লাগিব। এই ক্ষেত্ৰতো যিমান পাৰি বেছিকৈ বিভিন্ন বিষয়ৰ টোকা সংগ্ৰহ কৰাত গুৰুত্ব আৰোপ কৰিব লাগিব; আৱশ্যক হ’লে ফটোষ্টেট পদ্ধতি ইয়াতো প্ৰয়োগ কৰিব লাগিব। তদুপৰি অগ্ৰজ ছাত্ৰ-ছাত্ৰীসকলৰ লগত আলোচনা কৰি প্ৰতিটো বিষয়ৰে কমেও একোখন ভাল সহায়িকা পুথিও সংগ্ৰহ কৰা উচিত। গতিকেই কোনো এটা নিৰ্দিষ্ট পাঠ্যক্ৰম অধ্যয়ন কৰাৰ আগমুহূৰ্তত প্ৰধান কাম হ’ল— এই পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি পাঠ্যক্ৰম, প্ৰসংগ পুথি, প্ৰশ্নকাকত আৰু টোকাবহী তথা সহায়িকা পুথি সংগ্ৰহ কৰা। কিন্তু এটা অতি মন কৰিবলগীয়া কথা হ’ল যে, অধ্যয়নৰ কেৱল আৰম্ভণিৰ দিনবোৰতেই এই সংগ্ৰহ তথা এইবোৰৰ অনুশীলন সীমাবদ্ধ নহয়। অধ্যয়ন আগবঢ়াৰ লগে লগে বিভিন্ন নতুন নতুন প্ৰসংগ পুথি পঢ়াৰ প্ৰয়োজন অনুভৱ হ’ব পাৰে আৰু ছাত্ৰ-ছাত্ৰী বা পৰীক্ষাৰ্থীসকলেও এই দিশত সক্ৰিয় দৃষ্টিভংগী গ্ৰহণ কৰি অগ্ৰসৰ হ’ব লাগিব।]



অতিৰিক্ত বিষয়, ঐচ্ছিক বিষয়

 পাঠ্যপুথি তথা প্ৰসংগ পুথি, প্ৰশ্নকাকত আৰু অভিজ্ঞ শিক্ষক তথা মেধাৱী অগ্ৰজ ছাত্ৰ- ছাত্ৰীৰ টোকাবহী—এইখিনি সংগ্ৰহ হোৱাৰ পিছত পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ স্তৰ অধ্যয়নৰ ক্ষেত্ৰখনত প্ৰবেশ কৰিব পাৰে। সেইপ্ৰসংগতে এইঅনুচ্ছেদত আমি অতিৰিক্ত বিষয় আৰু ঐচ্ছিক বিষয় সম্পৰ্কে চমুকৈ আলোচনা কৰো। অতিৰিক্ত বিষয়ৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা হ’লঃ যদি চূড়ান্ত পৰীক্ষাত নম্বৰ যোগ নহয় বা উচ্চ গ্ৰেড লোৱাত সহায় নকৰে তেন্তে বিশেষ কাৰণ নহ’লে তেনে অতিৰিক্ত বিষয় সম্পূৰ্ণৰূপে বাদ দিব লাগিব। আনহাতে চূড়ান্ত পৰীক্ষাত সম্পূৰ্ণৰূপে বা আংশিকভাৱেও নম্বৰ যোগ হ’লে বা উচ্চ গ্ৰেড পোৱাত সহায়ক হ’লে ইয়াক আন বিষয়ৰ দৰেই সমানে গুৰুত্ব দিব লাগিব আৰু আন এটা ঐচ্ছিক বিষয় হিচাপেই গণ্য কৰিব লাগিব। ঐচ্ছিক বিষয়ৰ বাছনিও ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় আৰু সেইহিচাপে গভীৰ বিবেচনাৰেহে ইয়াত অগ্ৰসৰ হ'ব লাগিব। যিহেতু এই বিষয়টো ভৱিষ্যৎ জীৱনৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ সেইবাবে ছাত্ৰ-ছাত্ৰীসকলে অভিভাৱক, শুভাকাংক্ষী, শিক্ষক-শিক্ষয়িত্ৰী, অগ্ৰজ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু বান্ধৱীসকলৰ লগত বিস্তৃত পৰামৰ্শ কৰিহে চূড়ান্ত সিদ্ধান্ত লোৱা উচিত। ইয়াত প্ৰথমেই বিবেচনা কৰিবলগীয়া কথা হ’ল ছাত্ৰ-ছাত্ৰীসকলৰ ৰাপ বা স্পৃহা। যি বিষয়ত ছাত্ৰ-ছাত্ৰীসকলৰ ৰাপ বা স্পৃহা বেছি, আন গুৰুতৰ কাৰণ নাথাকিলে সেই বিষয়টোৱেই ঐচ্ছিক বিষয় হিচাপে বাছি লোৱা উচিত। মনত ৰাখিব লাগিব যে, পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিলে সকলো বিষয়ৰে সমাজত গুৰুত্ব আছে। দ্বিতীয়তে বিবেচনা কৰিবলগা কথা হ’ল ভৱিষ্যতৰ বৃত্তি বা অধ্যয়ন সম্পৰ্কে চিন্তা। উদাহৰণস্বৰূপে ভৱিষ্যতে যদি কোনোবা ছাত্ৰ-ছাত্ৰীয়ে গণিত বা বিজ্ঞান বিষয়ত উচ্চ অধ্যয়ন, গৱেষণা আদি কৰিবলৈ ইচ্ছা কৰে, তেন্তে বিদ্যালয়ৰ পাঠ্যক্ৰমত ঐচ্ছিক বিষয় হিচাপে উচ্চ গণিত বা উচ্চ বিজ্ঞান বাছি লোৱাটো উচিত হ’ব। অৱশ্যে এনেবোৰ বিষয় পাঠ্যক্ৰমত ঐচ্ছিক বিষয় হিচাপে থাকিব লাগিব। একেদৰে চিকিৎসা শাস্ত্ৰ পঢ়িব খুজিলে উচ্চতৰ মাধ্যমিক পৰ্যায়ত জীৱবিজ্ঞান বা প্ৰযুক্তিবিদ্যা পঢ়িব খুজিলে অংকশাস্ত্ৰ বিষয় হিচাপে থকাটো বাধ্যতামূলক। গতিকে এনে ক্ষেত্ৰত ভৱিষ্যতে পঢ়িব খোজা বিষয়সমূহৰ ক্ষেত্ৰত আৱশ্যকীয় কথাবিলাক বিবেচনা কৰিহে সিদ্ধান্ত ল’ব লাগিব। কেতিয়াবা দেখা যায় যে, দুটা ঐচ্ছিক বিষয়ৰ এটাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি বেছি উজু আৰু আনটোৰ অত্যন্ত কঠিন। এনে ক্ষেত্ৰত আনপিনৰ পৰা অসুবিধা নাথাকিলে উজু বিষয়টো ঐচ্ছিক বিষয় হিচাপে গ্ৰহণ কৰাত অলপো ইতস্ততঃ কৰিব নালাগে।


পঢ়া কোঠাৰ পৰিবেশ আৰু ছাত্ৰ-ছাত্ৰী

 এতিয়া আহিল পঢ়া কোঠাৰ পৰিবেশৰ কথা। সামাজিক, আৰ্থিক বা সাংস্কৃতিক পৰিবেশৰ ভিন্নতাৰ বাবে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ এক আদৰ্শ পৰিবেশ সদায় নাপাবও পাৰে। কিন্তু বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰ মাজতো দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী পৰিকল্পনা, নিষ্ঠা, সাধনা, অধ্যৱসায় আৰু মেধাৰে ছাত্ৰ-ছাত্ৰীসকলে নিজস্ব অধ্যয়ন চলাই যাব লাগিব। ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰ বাবে হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ বিভিন্ন কঠিন, প্ৰতিকূল পৰিস্থিতিৰ মাজতো অধ্যয়ন চলাই বিশ্ববিশ্ৰুত সাহিত্যিক, বিজ্ঞানী, শিল্পী, ৰাজনীতিবিদ, সমাজসেৱক, গৱেষক হোৱাৰ দৃষ্টান্ত বিশ্ব ইতিহাসত বহুতো আছে। আনহাতে সোণ-ৰূপৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰি, সকলো ধৰণৰ ৰাজকীয় সা-সুবিধা পায়ো বছৰৰ পিছত বছৰ ধৰি পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও কম নহয়। মুঠতে অধ্যয়নত নিষ্ঠা, অধ্যৱসায়েই মূল কথা। তথাপি যদি সম্ভৱ বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয় বা আন প্ৰযুক্তিবিদ্যাভিত্তিক শিক্ষাৰ ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীসকলৰ সুকীয়া সুকীয়া পঢ়া কোঠাৰ ব্যৱস্থা কৰিব লাগে। ছাত্ৰাবাস বা ছাত্ৰীনিবাসৰ কথা পিছলৈ থৈ আমি পোনতে নিজৰ ঘৰখনৰ পৰিপ্ৰেক্ষিততে ছাত্ৰ-ছাত্ৰীৰ পঢ়া কোঠাৰ পৰিবেশৰ কথা আলোচনা কৰো। পোহৰৰ সু-ব্যৱস্থা, নিৰ্মল বায়ু চলাচলৰ সুবিধা আৰু কোলাহলৰ পৰা মুক্তি— এনে পঢ়া কোঠাৰ অন্যতম চৰ্ত। মনত ৰাখিবলগীয়া কথা এয়েই যে, পঢ়া কোঠাৰ সুন্দৰ পৰিবেশে ইয়াৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আকৰ্ষণ বঢ়ায় আৰু তেওঁলোকে বিৰক্ত নোহোৱাকৈ বেছি সময় অধ্যয়নত নিজকে নিয়োজিত কৰিব পাৰে। চকুৰ জিৰণিৰ বাবে কোঠাৰ বেৰৰ ৰং নীলাভ বা শ্যামল বগা হোৱা প্ৰয়োজন। পোহৰো পৰিমিত পৰিমাণৰ হ’ব লাগে। দিনত সূৰ্যৰ প্ৰতিফলিত পৰোক্ষ পোহৰেই যথেষ্ট হ’ব লাগে। ৰাতিৰ বাবে সাধাৰণ বিজুলী-বাতিৰ সলনি নিয়ন চাকি ব্যৱহাৰ কৰিব লাগে। অৱশ্যে বিদ্যুৎ সৰবৰাহ নথকা ঠাইৰ ছাত্ৰ-ছাত্ৰীসকলেও পৰিবেশৰ লগত খাপ খুৱাই ভাল উজ্জ্বল পোহৰৰ এটি কেৰাচিন তেলৰ টেবিল লেম্প বা হাৰিকেন লেম্প যোগাৰ কৰি ল’ব লাগিব। বায়ু চলাচলৰ ক্ষেত্ৰততা সাৱধান হ’ব লাগিব যাতে শীতকালত খুব বেছি পৰিমাণে শীতল বতাহ পঢ়া কোঠাত প্ৰবেশ কৰিব নোৱাৰে। আনহাতে গ্ৰীষ্মকালত অতিৰিক্ত অসহ্য গৰমৰ পৰা হাত সাৰিবলৈ পঢ়া কোঠাত শীততাপ নিয়ন্ত্ৰক বা বিজুলী পাংখা উপযুক্তভাৱে ব্যৱহাৰ কৰিব লাগিব। অৱশ্যে গ্ৰাম্য পৰিবেশত ডাঠকৈ ঢকা খেৰৰ চালৰ বাঁহৰ ঘৰেই বহু পৰিমাণে শীত-তাপ নিয়ন্ত্ৰিত ঘৰৰ কাম কৰে আৰু গাঁৱৰ ছাত্ৰ- ছাত্ৰীসকলে এনেকুৱা কোঠাকেই পঢ়া কোঠা হিচাপে সুন্দৰভাৱে ব্যৱহাৰ কৰিব লাগিব। সম্পূৰ্ণ নিৰ্জনতা নে কিছু পৰিমাণে কোলাহল পঢ়াৰ বাবে উপযোগী সেই বিষয়ে মতভেদ আছে যদিও অধিক কোলাহলে যে অধ্যয়নত বাধা জন্মায় সি নিশ্চিত। গতিকে ছাত্ৰ-ছাত্ৰীসকলে সদায় এক কোলাহলমুক্ত পৰিবেশ লাভ কৰিবলৈ প্ৰচেষ্টা চলোৱা উচিত। এটা অঞ্চল বা চুবুৰীৰ ছাত্ৰ-ছাত্ৰীসকলে সংঘবদ্ধ হৈ সচেতনতাৰে প্ৰচেষ্টা চলালে সেই অঞ্চলটো বহুতো অপ্ৰয়োজনীয় কোলাহলৰ পৰা মুক্ত কৰি ৰাখিব পৰা যায়। তথাপি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰে বিয়পাই দিয়া আধুনিক সভ্যতাৰ বিভিন্ন উপাদানৰ বাবে নগৰ, মহানগৰ আদি গ্ৰাম্যাঞ্চলৰ তুলনাত বহু বেছি পৰিমাণে কোলাহল অধ্যুষিত হৈ পৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নত বাধা জন্মাইছে। কিন্তু তাৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলে সুযোগ-সুবিধা উলিয়াই, পৰিস্থিতিৰ লগত খাপ খুৱাই অধ্যয়ন চলাই যাব লাগিব। আনহাতে আকৌ সম্পূৰ্ণ নিৰ্জনতাতকৈও পঢ়া কোঠাত এক মৃদু সংগীত বাজি থাকিলে বহু ছাত্ৰ-ছাত্ৰীয়ে আনন্দমনেৰে পঢ়াত মনোনিবেশ কৰিব পাৰে আৰু বাহিৰা অদৰকাৰী কোলাহলেও আমনি কৰিব নোৱাৰে। এনে ক্ষেত্ৰত সুবিধা থাকিলে ৰেডিঅ’, টেপৰেকৰ্ডাৰ বা গ্ৰামোফোনৰ পূৰ্ণ সুযোগ ছাত্ৰ-ছাত্ৰীসকলে গ্ৰহণ কৰিব লাগে। বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস বা ছাত্ৰীনিবাসসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ প্ৰতি লক্ষ্য ৰাখি বিশেষভাৱে স্থাপন কৰা হয় আৰু উপৰোক্ত সুযোগ-সুবিধাবোৰৰ প্ৰতি লক্ষ্য ৰখা হয়। কিন্তু প্ৰায়বোৰ ছাত্ৰাবাস বা ছাত্ৰীনিবাসৰ কোঠাসমূহত দুই-তিনিগৰাকী ছাত্ৰী-ছাত্ৰী থকাৰ ব্যৱস্থা কৰা হয়। গতিকে এনে ক্ষেত্ৰত আবাসীসকলে নিজৰ মাজতে পঢ়াশুনাৰ সময় আদি বিভিন্ন বিষয় খাপ খুৱাই চলিব লাগিব। কিন্তু কোনো ক্ষেত্ৰতে কোনো আবাসীৰে অধ্যয়ন ক্ষতিগ্ৰস্ত হ’ব নোৱাৰিব।

 শেষত কওঁ, ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া কোঠাত মেজ, চকী আদিৰ উপৰিও আন কিছুমান বস্তু, যেনে– টেবিল ঘড়ী বা ৱাল ঘড়ী এটা, এটা ৰেডিঅ’, অভিধান আদি থকাটো ভাল। মুঠতে সকলো পৰিস্থিতিতে ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত তীব্ৰভাৱে আত্মনিয়োগ কৰিবই লাগিব, পৰীক্ষাত সফলতা লাভ কৰিবলৈ হ’লে।


সফলতাৰ অন্যতম চৰ্ত— সময়-তালিকা বা ৰুটিন

অধ্যয়নৰ পৰিবেশ বা পঢ়া কোঠাৰ সঠিক পৰিবেশ সৃষ্টি হোৱাৰ পিছত আমি পাঠ অধ্যয়ন আৰম্ভ কৰিব পাৰো। অধ্যয়নৰ প্ৰাৰম্ভতে মন কৰিবলগীয়া কথাকেইটা হ’ল— আমি কি বিষয়, কেতিয়া, কেনেকৈ পঢ়িবলৈ আৰম্ভ কৰিম। এটা বিষয়ৰ গোটেইখন পুথিয়েই প্ৰথমে পঢ়িবলৈ ল’ম নে টোকাবহী প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিম? নিজে নিজে পঢ়ি যাম নে বিদ্যালয় তথা মহাবিদ্যালয়ত সেই নিৰ্দিষ্ট পাঠবোৰ পঢ়ুৱা হোৱালৈকে বাট চাম? ইত্যাদি ইত্যাদি। এই প্ৰশ্নসমূহৰ ক্ষেত্ৰত সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব নোৱাৰাৰ বাবে বহুতো মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত ভাল ফল দেখুৱাব নোৱাৰে। আনহাতে সঠিক সময়ত সঠিক সিদ্ধান্ত লৈ শুদ্ধ পথেৰে অগ্ৰসৰ হোৱা বাবে কম মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীয়েও বহু ক্ষেত্ৰত সুন্দৰ ফলাফল প্ৰদৰ্শন কৰা দেখা যায়। আমাৰ আলোচনা আগবঢ়াৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰশ্নবোৰৰ উত্তৰো লাভ কৰিব। এই দিশত প্ৰথম আলোচ্য বিষয় হ’ল অধ্যয়নৰ সময়-তালিকা বা ৰুটিন। অধ্যয়নৰ সময়-তালিকা বা ৰুটিনৰ শুদ্ধ প্ৰস্তুতি তথা ইয়াৰ সূক্ষ্ম অনুসৰণ অবিহনে পৰীক্ষাত ভাল ফলাফল আশা কৰিব নোৱাৰি। অৱশ্যে সময়-তালিকাৰ শুদ্ধ প্ৰস্তুতি তথা ইয়াৰ সূক্ষ্ম অনুসৰণ যথেষ্ট কষ্টসাধ্য আৰু ধৈৰ্যশীল কাম। কিন্তু পৰীক্ষাত সফলতা লাভ কৰাৰ স্বাৰ্থত নিৰাশ নহৈ ছাত্ৰ-ছাত্ৰীসকলে ইয়াত তীব্ৰভাৱে আত্মনিয়োগ কৰিবই লাগিব। সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকলৰ নিজস্ব অভ্যাস, পৰিয়াল তথা মহাবিদ্যালয়ৰ পাঠদানৰ সময়-তালিকা, সাধাৰণ শিক্ষা আৰু প্ৰযুক্তিবিদ্যাভিত্তিক শিক্ষা, বিভিন্ন বিষয়বস্তু, পাঠদান চলি থকা সময় আৰু পৰীক্ষাৰ আগৰ অধ্যয়ন-বন্ধ বা ‘ষ্টাডী লিভ’ আদিৰ ওপৰত নিৰ্ভৰ কৰি অধ্যয়নৰ সময়-তালিকা বিভিন্ন হ’ব পাৰে। কিন্তু বিভিন্ন হলেও এই তালিকা প্ৰস্তুত কৰোতে আমি কিছুমান সাধাৰণ নিয়ম অনুসৰণ কৰিব লাগিব। অৱশ্যে ইয়াত পাঠদান চলি থকা অৱস্থাত আৱশ্যকীয় সময়-তালিকাৰ কথাহে বিবেচনা কৰা হৈছে। পৰীক্ষাৰ আগমুহূৰ্তৰ বন্ধৰ দিনৰ সময়-তালিকা বহু বেছি গধুৰ আৰু নিয়মানুগামী হ’ব লাগিব– পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ হ’লে।

এনেকুৱা এখন ৰুটিন বা সময়-তালিকাৰ মূলনীতি হ’ল এয়ে যে, আমি কেতিয়াও অবাবত সময় নষ্ট কৰিব নালাগে। টোপনি গৈ থকা সময়খিনি বাদ দি বাকীখিনি সময় যিমান পাৰি সিমান দক্ষতাৰে পৰীক্ষাত সুন্দৰ ফলাফল প্ৰদৰ্শন কৰাৰ বাবে প্ৰয়োজনীয় কৰ্মৰাজিত প্ৰয়োগ কৰিব লাগে। অৱশ্যে নিজস্ব পঢ়া-শুনাৰ বাহিৰেও সাধাৰণ জীৱন- যাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলৰ খোৱা-লোৱা, খেলা-ধূলা, আমোদ-প্ৰমোদ, অৱসৰ বিনোদন, বিদ্যালয় বা মহাবিদ্যালয়ৰ বিভিন্ন কাৰ্যসূচী আদিও আছে। তদুপৰি আছে বিভিন্ন উৎসৱ- পাৰ্বণ, ঘৰুৱা কাম-কাজৰ দায়িত্ব, আনুষংগিক কাৰ্যসূচী। কিন্তু সময়-তালিকা এখন প্ৰস্তুত হৈ উঠাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে সকলো ধৰণৰ সাময়িক কাৰ্যসূচীৰ অদৰকাৰী বা এৰাই চলিব পৰা অংশসমূহ বাদ দিব লাগিব আৰু যিমানদূৰ সম্ভৱ সময়-তালিকা অনুসৰণ কৰি যাবলৈ যত্নপৰ হ’ব লাগিব। ৰাতিপুৱা সময়মতে বিছনাৰ পৰা উঠা আৰু ৰাতি সময়মতে বিছনালৈ যোৱা সময়-তালিকা এখনৰ অন্যতম চৰ্ত। তদুপৰি আগতে আলোচনা কৰা অনুসৰি স্বাস্থ্যবিধিৰ সাধাৰণ নিয়মসমূহ মানি চলিলেহে শৰীৰ সুস্থ হৈ থাকিব আৰু ছাত্ৰ-ছাত্ৰীসকলে সময়-তালিকা দৃঢ়ভাৱে অনুসৰণ কৰি অধ্যয়নত অগ্ৰসৰ হ’ব পাৰিব। সেই অনুসৰি আহাৰ, জিৰণি আৰু ব্যায়াম সময়-তালিকাত সঠিক সময়ত অন্তৰ্ভুক্ত হ’ব লাগিব। ইয়াৰ উপৰিও বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ পাঠদানৰ নিজস্ব তালিকা থাকেই আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ সময়-তালিকাত ইয়াৰ কথাও বিবেচনা কৰিব লাগিব। অৱশেষত থাকিল ৰাতিপুৱা আৰু সন্ধিয়াৰ নিজ নিজ পঢ়া সময়খিনি আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ ওপৰতে বহু ক্ষেত্ৰত পৰীক্ষাৰ সফলতা নিৰ্ভৰ কৰে।

বহু ক্ষেত্ৰত বিতৰ্কৰ অৱকাশ থাকিলেও ব্যক্তিগত অভিজ্ঞতাৰে ক’ব খোজো যে, নিতৌ সাধাৰণতে এটা বা দুটা বিষয়তকৈ বেছি বিষয় ভালদৰে পঢ়া সম্ভৱ নহয়। এনে ক্ষেত্ৰত সপ্তাহটোৰ কোনদিন কি বিষয় পঢ়িব ছাত্ৰ-ছাত্ৰীসকলে তাৰ তালিকা কৰি ল’ব লাগে। ছাত্ৰ-ছাত্ৰীসকলৰ দুৰ্বলতা থকা বিষয়সমূহ আৰু পৰীক্ষাত অধিক নম্বৰ থকা বিষয়সমূহত বেছি গুৰুত্ব দিব লাগে আৰু সম্ভৱ হ’লে সপ্তাহত দুই বা তিনিদিন এই বিষয়সমূহ পঢ়াৰ ব্যৱস্থা কৰিব লাগে। অংক বিষয়টোত যিহেতু আন বিষয়ৰ তুলনাত বেছি অভ্যাসৰ প্ৰয়োজন হয়, সেইবাবে সম্ভৱ হ’লে সময়-তালিকাতে নিতৌ অংকৰ বাবে সময় ৰাখিব লাগে। তদুপৰি প্ৰতিদিনে বিদ্যালয় বা মহাবিদ্যালয়ত পাঠদান হ’বলগীয়া বিষয়সমূহত আগদিনাই একোবাৰ চকু ফুৰাই যোৱাৰ ব্যৱস্থা কৰিলে শ্ৰেণীত বুজি পোৱাত আশাতীতভাৱে সহায়ক হোৱা দেখা যায় আৰু সেইবাবে তেনে কৰাৰ বাবেও সময়-তালিকাত এঘণ্টামান সময় আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে। অৱশ্যে এটা কথা মন কৰিবলগীয়া যে, সময় আগবঢ়াৰ লগে লগে অধ্যয়ন তথা শিক্ষানুষ্ঠানত পাঠদানৰ অগ্ৰগতিৰ লগত সংগতি ৰাখি বহু ক্ষেত্ৰত অধ্যয়নৰ সময়-তালিকাৰ কিছু সালসলনিৰ আৱশ্যক হ'ব পাৰে আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অভিজ্ঞতাৰে সহজেই সেইবিলাক কৰি ল’ব পাৰিব। প্ৰথম অৱস্থাত ছাত্ৰ-ছাত্ৰী বা পৰীক্ষাৰ্থীসকলে অগ্ৰজ অভিজ্ঞ ছাত্ৰ-ছাত্ৰী, অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰীৰ সহায়ত অধ্যয়নৰ সময়-তালিকা প্ৰস্তুত কৰি ল’ব লাগে আৰু পাছত তেওঁলোকে নিজেই নিজৰ বিভিন্ন অধ্যয়নৰ বাবে বেলেগ বেলেগ সময়-তালিকা প্ৰস্তুত কৰি ল’ব পাৰিব। কিন্তু অনুকৰণ কৰিব পাৰিলে সবাতোকৈ সুবিধাজনক সময়-তালিকা হ’ল 'চক্ৰাকাৰ সময়-তালিকা’ বা ‘চাৰ্কুলাৰ ৰুটিন’। এনেকুৱা সময়-তালিকাত একোটি শিক্ষা-পাঠ্যক্ৰমৰ বাবে আৱশ্যকীয় বিষয়সমূহ এটাৰ পাছত এটাকৈ লিখি এখন তালিকা প্ৰস্তুত কৰি লোৱা হয়। অধ্যয়নৰ সময়তো এটাৰ পাছত এটাকৈ বিষয়বোৰ পঢ়ি তালিকাখন শেষ হলে পুনৰ প্ৰথমৰ পৰা আৰম্ভ কৰা হয়। এনে ক্ষেত্ৰত কোনটো বিষয় কেতিয়া, কিমান সময় পঢ়া হ’ব সেইটো দৃঢ় নহয়। একোটা বিষয় এবাৰ আৰম্ভ কৰিলে এটা সন্তোষজনক সীমা নোপোৱা পৰ্যন্ত তাকেই পঢ়ি থকা হয় আৰু তাৰ পাছত পৰৱৰ্তী বিষয়লৈ আগবঢ়া হয়। এনে সময়-তালিকাত টান তথা দীঘলীয়া বিষয়বোৰ বেছিদিন আৰু সহজ তথা চুটি বিষয়বোৰ কম দিন পঢ়াৰ ব্যৱস্থা কৰিব পাৰি। অৱশ্যে বিদ্যালয় পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণতে অধ্যয়নৰ প্ৰকৃত দায়িত্ববোধ ভালদৰে আয়ত্ত কৰিব নোৱাৰে আৰু সেইবাবে চক্ৰাকাৰ সময়-তালিকা তেওঁলোকৰ বাবে সিমান সুবিধাজনক নহয়। কিন্তু উচ্চশিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ দায়িত্ববোধ বঢ়াৰ লগে লগে চক্ৰাকাৰ সময়-তালিকা অত্যধিক উপযোগী হৈ পৰে— বিশেষকৈ পৰীক্ষাৰ আগমুহূৰ্তত আৰু পৰীক্ষা চলি থকা অৱস্থাত ইয়াৰ বিকল্প নোহোৱা হৈ পৰে।

মুঠ কথা, অধ্যয়নৰ সময়-তালিকা বা ৰুটিন পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শনৰ অন্যতম অবিচ্ছেদ্য চৰ্ত। প্ৰথম অৱস্থাত ছাত্ৰ-ছাত্ৰীসকলে ইয়াক অনুসৰণ কৰাত প্ৰচণ্ড বিৰক্তি অনুভৱ কৰিব পাৰে। কিন্তু পৰীক্ষাত সফলতা লাভ কৰাৰ স্বাৰ্থতে সেই বিৰক্তি অতিক্ৰম কৰিব পাৰিব লাগিব আৰু অৱশেষত ই নিয়মানুবৰ্তিতা প্ৰদান কৰি জীৱনৰ সকলো ক্ষেত্ৰতে সফলতা লাভ কৰাত সহায়ক হ’ব।


অধ্যয়নৰ প্ৰথম স্তৰ— টোকা প্ৰস্তুতিঃ অসমীয়া

 অধ্যয়ন আৰম্ভ কৰিব পৰাকৈ সাজু হোৱাৰ পিছত আমি অধ্যয়নৰ প্ৰণালী সম্পৰ্কে আলোচনা কৰিব পৰা হৈছো। অৱশ্যে বিষয় অনুযায়ী, পৰীক্ষাৰ পাঠ্যক্ৰম তথা পৰীক্ষা পদ্ধতি অনুযায়ী নাইবা ছাত্ৰ-ছাত্ৰীসকলৰ কোনো বিষয়ত দুৰ্বলতা বা সবলতা অনুযায়ী অধ্যয়নৰ প্ৰণালী বিভিন্ন হ’ব পাৰে বা হ’বই। আমি ইয়াত প্ৰধানকৈ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ আধাৰতে কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ অধ্যয়নৰ কথাকে বিস্তাৰিতভাৱে আলোচনা কৰিম। অৱশ্যে ইয়াৰ কথাখিনি ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে বুজি লৈ সম্যকভাৱে উপলব্ধি কৰি কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰাৰ অভ্যাস কৰিলে আন পৰীক্ষাবোৰৰ বা আন বিষয়বোৰৰ অধ্যয়নৰ প্ৰণালীও নিজে নিজে ঠিক কৰি ল’ব পাৰিব আৰু তাক সমান সফলতাৰেই প্ৰয়োগো কৰিব পাৰিব।

 পোনতেই আমি গ্ৰহণ কৰিছো অসমীয়া বিষয়টো। কাৰণ ই প্ৰায় সকলোবোৰ ছাত্ৰ- ছাত্ৰীৰে মাতৃভাষা আৰু ইয়াৰ অধ্যয়নৰ প্ৰণালী বা প্ৰস্তুতি তুলনামূলকভাৱে সহজ। এইখিনিতে এটা কথা অত্যন্ত গুৰুত্বপূৰ্ণ যে, পৰীক্ষাত সফলতা লাভ কৰাৰ ক্ষেত্ৰত সকলো বিষয়ৰে বিস্তৃত টোকা প্ৰস্তুত কৰা তথা পাঠসমূহ যিমানদূৰ সম্ভৱ লিখি লিখি অভ্যাস কৰা অত্যন্ত প্ৰয়োজনীয়। কিতাপৰ পৰা প্ৰত্যক্ষভাৰে, অইনৰ টোকাৰ পৰা অথবা শ্ৰেণীত লিখা বহীৰ পৰা অধ্যয়ন কৰি পৰীক্ষা দিবলৈ যোৱাটো অত্যন্ত মূৰ্খামি। অসমীয়া বিষয়ৰ ক্ষেত্ৰতো একে কথাই খাটে আৰু ইয়াতো বিস্তৃত টোকা প্ৰস্তুত কৰিব লাগিব। গতিকে টোকা প্ৰস্তুত কৰাই অধ্যয়নৰ প্ৰথম খোজ। এই ক্ষেত্ৰত বিদ্যালয়ৰ শ্ৰেণীৰ লগত সংগতি ৰাখি, শিক্ষান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি, সময়-তালিকা অনুযায়ী ছাত্ৰ-ছাত্ৰীসকল টোকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব। অৱশ্যে বিদ্যালয়ত কোনো পাঠ্যক্ৰম শেষ হোৱাৰ সম্ভাৱনা নাথাকিলেও নিজে নিজে হলেও অধ্যয়ন কৰি টোকা প্ৰস্তুত কৰিব লাগিব, কাৰণ শিক্ষান্ত পৰীক্ষাত গোটেই পাঠ্যক্ৰমৰ পৰাই প্ৰশ্ন থাকিব; কোনো বিদ্যালয়ৰ শ্ৰেণীত কোনো পাঠ পঢ়ুৱা হোৱা-নোহোৱাটো বিবেচনা কৰা নহ’ব। আৱশ্যক হ’লে ছাত্ৰ-ছাত্ৰীসকলে নিজেই উদ্যোগী হৈ প্ৰধান শিক্ষক বা অধ্যক্ষৰ লগত আলোচনা কৰি বিশেষ শ্ৰেণী বহুৱাই হ’লেও পাঠ্যক্ৰমখিনি অন্তিমলৈ পঢ়ুৱাৰ ব্যৱস্থা কৰিব লাগিব।

 এতিয়া পুনৰ অসমীয়া বিষয়ৰ টোকা প্ৰস্তুত কৰা বিষয়লৈ ঘূৰি গৈছো। পাঠ্যপুথি, সহায়ক পুথি, প্ৰশ্নকাকত আৰু সৰ্বোপৰি শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰয়োজনীয় পাঠ্যক্ৰমখন— এই সকলোবোৰতো আমাৰ সংগ্ৰহ কৰি লোৱা আছেই। গতিকে ছাত্ৰ- ছাত্ৰীসকলে অসমীয়া বিষয়ৰ পাঠ্যক্ৰমখিনি ভালদৰে পঢ়ি লোৱা আৰু আৱশ্যকীয় পাঠবোৰ জানি লৈ পাঠ্যপুথিসমূহত সেইবোৰ কাঠ পেঞ্চিলেৰে চিন দি লোৱা। কাঠ পেঞ্চিলেৰে চিন দিয়াৰ অৰ্থ হ’ল এই যে পাছত আৱশ্যক হ’লে সহজে মচিব পৰা যায়। এই ক্ষেত্ৰত অসমীয়াৰ পাঠ্যক্ৰমখিনি সামগ্ৰিকভাৱে আমি এই ভাগবোৰত ভগাব পাৰো– গদ্য অংশ, পদ্য বা কবিতা অংশ, ব্যাকৰণ অংশ আৰু ৰচনা অংশ। ইয়াৰে ৰচনাৰ বাবে সাধাৰণতে পাঠ্যপুথি নাথাকে যদিও দুই-তিনিখন ভাল ৰচনাৰ পুথি সংগ্ৰহ কৰি ল’লেই কাম হৈ যায়। তদুপৰি পাঠ্যক্ৰমত যদি আৱশ্যকীয় ৰচনাৰ নাম দিয়া নাথাকে তেন্তে বিগত বছৰবোৰৰ প্ৰশ্নসমূহৰ পৰা চাই কুৰিখনমান সম্ভাব্য ৰচনাৰ এখন তালিকা তৈয়াৰ কৰি ল’ব লাগে আৰু ইয়ে ৰচনাৰ পাঠ্যক্ৰমৰ কাম কৰিব। টোকা তৈয়াৰ কৰোতেও ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিটো ভাগত সমান্তৰালভাৱে আগবাঢ়িব লাগিব, কাৰণ বিদ্যালয়ত প্ৰতিটো বিভাগৰে পাঠদান সমান্তৰালভাৱেই হ’ব। তদুপৰি টোকাবহী প্ৰস্তুত কৰোতেও মন কৰিবলগীয়া কথা হ’ল সদায় উৎকৃষ্ট কাগজ লৈ দিস্তা হিচাপে চিলাই কৰি ওপৰত মুগা কাকতৰ বকলা লগাই ল’ব লাগে। ইয়ে ওপৰৰ বকলাটো লেতেৰা নেদেখায়। নিকৃষ্টমানৰ কাগজ বা বজাৰৰ তৈয়াৰ কৰা বহী কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। তদুপৰি কলম আৰু চিয়াঁহীৰ ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীসকল সাৱধান হ’ব লাগে। উৎকৃষ্টমানৰ নিজৰি কলম অৰ্থাৎ ফাউনটেইন পেন আৰু উৎকৃষ্টমানৰ নীলা বা কলা-নীলা ৰঙৰ চিয়াঁহী ব্যৱহাৰ কৰিব লাগে।

 অসমীয়াৰ গদ্য, পদ্য, ব্যাকৰণ আৰু ৰচনাৰ বাবে পোনতে চাৰিটা বহী প্ৰস্তুত কৰি ল’ব লাগে। লগতে গোটেই পাঠ্যক্ৰম অনুযায়ী পাঠবোৰ এবাৰ ওপৰে ওপৰে পঢ়িবলৈ আৰম্ভ কৰিব লাগে। এইবাৰৰ পঢ়াত বেছি সময় নষ্ট কৰিব নালাগে। গোটেই পাঠ্যক্ৰমটো এবাৰ খৰধৰকৈ পঢ়ি লোৱা কাৰ্যই ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ ব্যাপকতা সম্পৰ্কে এটি আভাস দিব। এনেদৰে পঢ়ি যাওঁতে প্ৰতিটো পাঠ পঢ়াৰ পিছত প্ৰশ্নকাকতসমূহ চাই তাৰ সম্ভাব্য প্ৰশ্নসমূহৰ বিষয়েও এটি তুলনামূলক ধাৰণা সৃষ্টি কৰিবলৈ যত্ন কৰিব লাগে। কিন্তু দৰকাৰী কথা হ’ল এই যে, এই সামগ্ৰিক পঠনত বেছি সময় ব্যয় কৰিব পৰা নাযাব আৰু মুঠ পাঠ্যক্ৰমৰ সময়ত ১০%-১৫% সময়ৰ ভিতৰতে ইয়াক শেষ কৰিব লাগিব। অসমীয়াৰ টোকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ৰচনাৰেই আৰম্ভ কৰে। মনত ৰাখিব লাগিব যে, আমি পূৰ্বতে প্ৰস্তুত কৰা তালিকাৰ সেই কুৰিখন ৰচনাৰ প্ৰতিখনেই সুন্দৰভাৱে টোকাবহীত লিখি উলিওৱাৰ উপৰিও সুন্দৰ ৰচনা এখন কেনেদৰে প্ৰস্তুত কৰিব পাৰি সেই সম্পৰ্কেও পোনতেই সম্যক জ্ঞান লাভ কৰিব লাগিব। বিভিন্ন উৎকৃষ্ট ৰচনাৰ পুথিত ৰচনা লিখাৰ পদ্ধতি সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰা আছে। আৰু ছাত্ৰ-ছাত্ৰীসকলে সেইবোৰ পঢ়ি ইয়াৰ ওপৰত এটি স্পষ্ট ধাৰণা কৰি ল’ব লাগে। অৱশ্যে ৰচনা লিখাৰ পদ্ধতিবোৰ পঢ়ি ল’লেই নহয়, নিজৰ ৰচনা লিখাৰ ক্ষেত্ৰত বুদ্ধিমত্তাৰে সেইবোৰ প্ৰয়োগ কৰিলেহে সেই বিষয়ে সম্যক উপলব্ধি কৰিব পৰা যায়।

 যিকোনো বিষয়ে ৰচনা লিখাৰ ক্ষেত্ৰত প্ৰথম কাম হ’ল সেই বিষয়ৰ ওপৰত বিস্তাৰিত জ্ঞান লাভ। গতিকে কোনো বিষয়ৰ ওপৰত ৰচনা এখন লিখাৰ সিদ্ধান্ত লোৱাৰ পিছত বিষয়টোৰ বিষয়ে কিতাপ, আলোচনী, সংবাদ-পত্ৰ আদিত পঢ়ি, অনাতাঁৰ যন্ত্ৰ বা দূৰদৰ্শনৰ লগত সম্পৰ্ক ৰাখি অথবা বন্ধু-বান্ধৱী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰি, বিষয়টো সম্পৰ্কে ভালদৰে জানি ল’ব লাগে। এই সময়তে বিষয়টোক কি কি ভাগ, উপ-বিভাগ বা উপ-বিষয়ত বিভক্ত কৰি বিভিন্ন শিতান, উপ-শিতানত বিস্তাৰিতভাৱে আলোচনা কৰিব পাৰি এই সম্পৰ্কেও চিন্তা কৰি যাব লাগে। অৱশ্যে বৰ্ণনামূলক, চিন্তামূলক আদি বিভিন্ন বিষয় অনুযায়ী এই উপ-শিতানসমূহো বেলেগ বেলেগ হ’ব পাৰে। দ্বিতীয় পৰ্যায়ত মন কৰিবলগীয়া কথা হ’ল ৰচনাৰ দৈৰ্ঘ্য। এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই প্ৰতিটো বস্তুৰ লগত কিবা নহয় কিবা প্ৰকাৰে জড়িত। গতিকে যিকোনো বিষয়ৰ লগতে বিশ্বৰ বিভিন্ন বিষয় ক্ৰমাগতভাৱে জড়িত কৰি ৰচনা এখন সীমাহীনভাৱে বহলাই থাকিব পাৰি যিটো কোনো ক্ষেত্ৰতে গ্ৰহণযোগ্য নহয়। পৰীক্ষাৰ ক্ষেত্ৰতো যিহেতু পৰীক্ষাৰ্থীসকলে এক সীমিত সময়ৰ ভিতৰতে ৰচনাখন লিখি শেষ কৰিব লাগিব, গতিকে ইয়াৰে দৈৰ্ঘ্য সীমিত হ’ব লাগিব। অৱশ্যে সীমিত সময়ৰ ভিতৰতে যিমানে বেছি দৈৰ্ঘ্য বঢ়াব পৰা যায় সিমানে বেছি নম্বৰ পৰীক্ষাত আশা কৰিব পাৰি আৰু এনে ক্ষেত্ৰত লিখাৰ দ্ৰুতগতিৰ গুৰুত্ব আহি পৰে। দীঘলকৈ লিখি যদি বানান, তথ্যৰ সংগতি আদিত অধিক অশুদ্ধি আহি পৰে, তেন্তে নম্বৰ কমি যোৱাৰহে সম্ভাৱনা। তদুপৰি সমান দৈৰ্ঘ্যৰ ৰচনাৰ ভিতৰতো বেছি তথ্যসমৃদ্ধ, শিতানযুক্ত সাৱলীল, শৃংখলাবদ্ধ ৰচনাৰ ক্ষেত্ৰত পৰীক্ষকৰ ধাৰণা ভাল হয় আৰু এনে ৰচনাই পৰীক্ষাত বেছি নম্বৰ লাভ কৰে। গতিকে পৰীক্ষাত ভাল ফল দেখুওৱাৰ ক্ষেত্ৰত শুদ্ধভাৱে আৰু দ্ৰুতভাৱে লিখাৰ যথেষ্ট গুৰুত্ব আছে; আৰু কেৱল ৰচনাৰ ক্ষেত্ৰতেই নহয়, আন ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ অপৰিসীম আৰু সেইবাবে পৰীক্ষাৰ্থীসকলে ইয়াতো যথোচিত গুৰুত্ব প্ৰদান কৰিব লাগিব। লিখাৰ দ্ৰুততা বৃদ্ধি কৰাৰ একমাত্ৰ পদ্ধতি হ’ল অভ্যাস। গভীৰ মনোযোগ প্ৰদান কৰি তীব্ৰগতিৰে নিতৌ কিছু সময় লিখাৰ অভ্যাস কৰিলে লিখাৰ গতি দ্ৰুতভাৱে বৃদ্ধি পাব— অন্ততঃ এটা সীমালৈকে। এনে ক্ষেত্ৰত আখৰ ধুনীয়া কৰাত খুব বেছি গুৰত্ব দিব নালাগে। কেৱল আখৰবোৰ সমান জোখৰ, শাৰীবোৰ পোন আৰু সমান্তৰাল কৰাৰ ক্ষেত্ৰতহে গুৰুত্ব দিব লাগে; আখৰ বুজিব পৰা হ’লেই হ’ল। ধুনীয়া আখৰতকৈও শুদ্ধ লেখাইহে পৰীক্ষকৰ মনোযোগ বেছি পৰিমাণে আকৰ্ষণ কৰে। তদুপৰি পৰীক্ষাত যোগান ধৰা বহীৰ দৰে বহীত নিজৰ কলমেৰেহে দ্ৰুতলিখন অভ্যাস কৰিব লাগে। বেলেগ ধৰণৰ কাগজ বা আন কলম, কাঠ পেঞ্চিল আদি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে।

 ছাত্ৰ-ছাত্ৰীসকলে কিমান দৈৰ্ঘ্যৰ ৰচনা এখনৰ টোকা প্ৰস্তুত কৰিব সেইটো নিৰ্ভৰ কৰিব ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিগত লিখন তীব্ৰতাৰ ওপৰত। কাৰণ সময় যিহেতু ধৰা- বন্ধা, বেছি খৰকৈ লিখিব পৰা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পৰীক্ষাত ৰচনা দীঘলকৈ লিখিব পাৰিব আৰু টোকাও সেই হিচাপে দীঘলকৈ প্ৰস্তুত কৰিব লাগিব। সকলো ধৰণৰ টোকা প্ৰস্তুত কৰোতে সদায় পৰীক্ষাৰ প্ৰশ্নৰ প্ৰতি লক্ষ্য ৰাখিবই লাগিব। টোকা বেলেগ ধৰণে প্ৰস্তুত কৰি পৰীক্ষাত বেলেগকৈ লিখিম বুলি ভাবিলে পৰীক্ষাত ভাল ফল দেখুৱাব পৰা নাযাব। গতিকে ৰচনাৰ বাবে প্ৰদান কৰা নম্বৰ আৰু উত্তৰৰ বাবে দিয়া মুঠ সময়ৰ কথা বিবেচনা কৰি ৰচনাখনৰ বাবে কিমান সময় পোৱা যাব উলিয়াই ল’ব লাগে। প্ৰশ্নকাকতৰ মুঠ সময়ক মুঠ নম্বৰেৰে হৰণ কৰি ৰচনাৰ নম্বৰেৰে পূৰণ কৰিলেই ৰচনাৰ বাবে ব্যৱহাৰ কৰিব পৰা সময় পোৱা যায়। কিন্তু সাধাৰণতে ৰচনাৰ লগত থকা ব্যাকৰণ অংশত সময়ৰ বেছি প্ৰয়োজন নহয় বাবে ৰচনাত আৰু বেছি সময় খৰচ কৰিব পৰা যায়। ৰচনাৰ বাবে ব্যৱহাৰ কৰিব পৰা সময় নিৰূপণ কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে খৰকৈ লিখিলে সেই নিৰ্ধাৰিত সময়ৰ ভিতৰত কিমানসংখ্যক শব্দ লিখিব পাৰিব সেইটোও হিচাপ কৰি চাব লাগে আৰু ৰচনাসমূহৰ টোকা প্ৰস্তুত কৰোতে প্ৰায় সিমানসংখ্যক শব্দৰ ভিতৰত প্ৰস্তুত কৰিব লাগে। অৱশ্যে শব্দৰ সংখ্যা কিছু বেছি হলেও সিমান অসুবিধা নাই। কাৰণ দীঘল টোকাৰ পৰা চুটি কৰা সহজ, কিছু চুটি টোকাৰ পৰা হঠাতে দীঘলকৈ লিখা অসুবিধাজনক।

 ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে টোকাবহীত ৰচনাখন সুন্দৰভাৱে পৰিপাটিকৈ লিখিবলৈ আৰম্ভ কৰিব লাগে। টোকা প্ৰস্তুত কৰোতে খৰকৈ লিখাৰ ওপৰত গুৰুত্ব নিদি সুন্দৰ আখৰ আৰু পৰিপাটি, সমান্তৰাল শাৰীতহে গুৰুত্ব দিব লাগে। শাৰীবোৰ পাতলকৈ লিখিব লাগে যাতে আৱশ্যক হলে নতুন কথা মাজত সুমুৱাই দিব পৰা যায়। দৰকাৰ হ’লে প্ৰথম অৱস্থাত ৰুল টনা কাগজো ব্যৱহাৰ কৰিবলগা হ’ব পাৰে— শাৰীবোৰ পোনকৈ ৰখাৰ বাবে। পাতলকৈ লিখা শাৰীয়ে বেয়া আখৰো ভাল দেখায়। ৰচনাখনৰ নাম তথা শিতানবোৰৰ তলত আঁচ দিব লাগে। শিতানবোৰ বেলেগ বেলেগ দফা বা পেৰাগ্ৰাফত লিখিব লাগে। আৱশ্যকীয় উদ্ধৃতি, টোকা আদিৰ ব্যৱহাৰে ৰচনাৰ সৌন্দৰ্য বৃদ্ধিত সহায় কৰে। সীমিত পৰিসৰৰ ভিতৰতে বেছিসংখ্যক বিষয়ৰ কথা চমুকৈ আলোচনা কৰি শিতান বা উপ-বিভাগৰ সংখ্যা যিমানে বঢ়াব পাৰি সিমানে ভাল। ৰচনাখনৰ আৰম্ভণি আৰু সমাপ্তি নাটকীয় ধৰণৰ হ’লে পৰীক্ষকৰ মনোযোগ আকৰ্ষিত হয়। অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলে যথেষ্টসংখ্যক বিভিন্ন বৈচিত্ৰ্যপূৰ্ণ বিষয়ৰ ৰচনা অধ্যয়ন কৰি নিজে নিজে লিখাৰ অভ্যাস কৰিলে অতি সোনকালেই সুন্দৰ ৰচনা লিখাত পাৰ্গত হৈ উঠিব।

 ৰচনাৰ পাছত আমি ব্যাকৰণ খণ্ডৰ কথা কিছু আলোচনা কৰো। আগৰ দৰে ইয়াতো বিগত কিছু বছৰৰ প্ৰশ্নসমূহ পঢ়ি কেনেধৰণৰ প্ৰশ্ন সাধাৰণতে পৰীক্ষাত সোধা হয়, সেই সম্পৰ্কে জানি ল’ব লাগিব। লগতে পাঠ্যক্ৰম ব্যাকৰণ খণ্ড পঢ়ি আৱশ্যকীয় পাঠসমূহ জানি ল’ব লাগিব। এতিয়া সেই প্ৰশ্নসমূহক আৰ্হি কৰি পাঠ্যক্ৰমখনত আৱশ্যকীয় আটাইখিনি পাঠ টোকাবহীত বিস্তৃতভাৱে লিখি পেলাব লাগিব। এই ক্ষেত্ৰত ব্যাকৰণৰ কেইবাখনো কিতাপৰ সহায় লোৱা ভাল। পাঠবোৰ যিমান পাৰি সিমান বিস্তৃত, শৃংখলাবদ্ধ আৰু ধাৰাবাহিক হ’ব লাগে। টোকা প্ৰস্তুত কৰোতে এনেধৰণে কৰিব লাগে যাতে পিছত আৰু পাঠ্যপুথি বা সহায়ক পুথিসমূহ মেলি চাবলগীয়া নহয়। তোমালোকৰ টোকাৰ ব্যাকৰণ খণ্ডত কমেও বিগত দহ বছৰৰ ব্যাকৰণৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ পোৱা যাব লাগিব— যদিহে সেইবোৰ পাঠ বৰ্তমানৰ পাঠ্যক্ৰমতো আছে। অৱশ্যে টোকাসমূহ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া যে, প্ৰতিটো পাঠৰ টোকা প্ৰস্তুত কৰাৰ আগে আগে পাঠ্যপুথি আৰু সহায়ক পুথিৰ পৰা পাঠটো ভালদৰে পঢ়ি বুজি ল’ব লাগিব। এনে ক্ষেত্ৰত বিদ্যালয়ৰ শ্ৰেণীৰ লগত সংগতি ৰাখিবলৈ যত্ন কৰিব লাগে। আৱশ্যক হ’লে কোনো ধৰণৰ সংকোচৰ বশৱৰ্তী নহৈ শিক্ষক-শিক্ষয়িত্ৰী বা অগ্ৰজ ছাত্ৰ-ছাত্ৰীসকলৰ লগতো আলোচনা কৰি নুবুজা কথাবিলাক বুজি ল’ব লাগে।

 ইয়াৰ পিছত অসমীয়া পদ্য বা কবিতা অংশ আৰু গদ্য বা কথা অংশৰ টোকা প্ৰস্তুত কৰা সম্পৰ্কে আলোচনা কৰো। এইক্ষেত্ৰতো ব্যাকৰণ খণ্ডৰ দৰেই পদ্ধতি অনুসৰণ কৰিব লাগে। পোনতে পদ্য আৰু গদ্য অংশৰ প্ৰতিটো পাঠ অৰ্থাৎ প্ৰতিটো পদ্য বা কবিতা, প্ৰতিটো গল্প আৰু প্ৰতিটো প্ৰবন্ধৰ নাম আৰু কবি বা লিখক-লেখিকাৰ নাম ভালদৰে লিখি মুখস্থ কৰিব লাগে। তাৰ পিছত টোকা প্ৰস্তুত কৰিব খোজা পাঠটো কেইবাবাৰো ভালদৰে পঢ়ি লৈ বুজি ল’ব লাগে। টান শব্দৰ অৰ্থসমূহ জানি ল’ব লাগে। কবিতাৰ পাঠভিত্তিক টোকা লিখাৰ ক্ষেত্ৰত পোনতে কবিতাৰ নাম আৰু কবিৰ নাম স্পষ্টকৈ লিখি ল’ব লাগে। তাৰ পিছত ইয়াৰ সাৰাংশ বহলকৈ লিখিব লাগে। লগতে কবি পৰিচিতিও চমুকৈ লিখিব লাগে। ইয়াৰ পিছত টান শব্দৰ অৰ্থসমূহৰ এখন তালিকা তৈয়াৰ কৰিব লাগে। তাৰ পিছত যথাক্ৰমে দীঘল প্ৰশ্নসমূহৰ উত্তৰ, চমু প্ৰশ্নসমূহৰ উত্তৰ, অতি চমু প্ৰশ্নসমূহৰ উত্তৰ, ব্যাখ্যা, চমুটোকা দি লিখিব লাগে। প্ৰশ্নসমূহ বাছি উলিওৱাৰ ক্ষেত্ৰত আগৰ দৰে বিগত বছৰৰ প্ৰশ্নসমূহ চাই ল’ব লাগে। সম্ভাব্য নম্বৰ অনুযায়ী উত্তৰসমূহৰ দৈৰ্ঘ্য ঠিক কৰি ল’ব লাগে। উত্তৰসমূহ যথাসম্ভৱ নিজৰ ভাষাত সহজ-সৰলভাৱে প্ৰশ্ন অনুযায়ী লিখিব লাগে। প্ৰশ্নোত্তৰত চন-তাৰিখ উল্লেখ কৰিবলগা হ’লে সেইবোৰৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে, যাতে সেইবোৰ সঠিক হয়। সন্দেহ থকা চন-তাৰিখ উত্তৰ লিখোতে কেতিয়াও উল্লেখ কৰিব নালাগে। ব্যাখ্যা লিখোতে প্ৰসংগ, সংগতি আৰু টোকা উল্লেখ কৰা যথেষ্ট গুৰুত্বপূৰ্ণ। ব্যাখ্যা কৰিবলগা কবিতাশাৰী কোন কবিতাৰ পৰা উদ্ধৃত কৰা হৈছে, সেই কবিতাটোৰ কবি কোন আৰু কবিতাটোৰ কোনোবা চৰিত্ৰৰ মুখেৰে কবিতাশাৰী কোৱা হৈছে নেকি আদি উল্লেখ কৰিব লাগে। শেষত কবিতাশাৰীৰ টান শব্দ আদিৰ টোকা কৰি দিব লাগে।

 গদ্য বা কথা অংশৰ ক্ষেত্ৰতত পদ্য বা কবিতা অংশৰ দৰেই আগবাঢ়িব লাগে। কেৱল সাৰাংশ লিখাৰ সলনি ইয়াত সমগ্ৰ গল্প বা প্ৰবন্ধটো সহজ-সৰলভাৱে এবাৰ লিখি পেলাব লাগে। এই ক্ষেত্ৰত প্ৰত্যক্ষ উক্তি, টান শব্দ আদি ব্যৱহাৰ কৰিব নালাগে। প্ৰতিটো পদ্য বা গদ্যৰ এই সাৰাংশটোৱে প্ৰতিটো পাঠ নিয়াৰিকৈ বুজাত আৰু প্ৰশ্নসমূহ

শুদ্ধভাৱে লিখাত প্ৰচুৰ সহায় আগবঢ়ায়।



পৰীক্ষাৰ প্ৰায়োগিক বা টেকনিকেল কথাখিনি

 আমি আগতেই আলোচনা কৰিলো যে, মুখস্থই হৈছে পৰীক্ষাৰ বাবে পাঠসমূহ আয়ত্ত কৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পৰ্যায়। কিন্তু এই মুখস্থ কেৱল মৌখিক হ’লেই নহ’ব। শুদ্ধভাৱে আৰু সম্পূৰ্ণকৈ পৰীক্ষাৰ বহীত নিৰ্দিষ্ট সময়ৰ ভিতৰত লিখিব পৰাটোহে মুখ্য কথা। গতিকে পাঠসমূহ আয়ত্ত কৰা বুলিলে মুখস্থ কৰি লিখিব পৰাটোহে বুজাব, কেৱল মৌখিকভাৱে গাই গলেই নহ’ব। গতিকে লিখি লিখি মুখস্থ কৰাহে ছাত্ৰ-ছাত্ৰী বা পৰীক্ষাৰ্থীসকলৰ কৰ্তব্য। কাগজ আৰু কলমৰ ব্যৱহাৰ সম্পৰ্কে মনোযোগ দিয়াটো এটা অতি গুৰুত্বপূৰ্ণ কথা। পৰীক্ষাৰ্থীসকলে পাঠসমূহ অধ্যয়ন কৰাৰ সময়ত লিখাৰ ক্ষেত্ৰত যিমানদূৰ সম্ভৱ পৰীক্ষাৰ সময়ত ব্যৱহাৰ কৰিবলগীয়া ধৰণৰ কাগজ আৰু কলম ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব লাগে। বেছি খহটা বা মিহি কাগজ ব্যৱহাৰ কৰিব নালাগে। সদায় নিজৰি কলম বা ফাউনটেইন পেন ব্যৱহাৰ কৰিব লাগে; কাঠ পেঞ্চিল, বল কলম, হাইটেক কলম, স্কেচ্ছ কলম, ফলি-পেঞ্চিল, ছবি আঁকা বিভিন্ন কলম আদি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। কাৰণ সাধাৰণ নিজৰি কলমৰ তুলনাত এইবোৰ কলমৰ বিশ্বাসযোগ্যতা কম— হঠাতে নিলিখা হৈ যোৱাৰ সম্ভাৱনা অধিক। তদুপৰি বল কলমেৰে লিখিলে লিখাৰ দ্ৰুততা বাঢ়ে বুলি কোৱা শুনা যায়, কিন্তু ই সম্পূৰ্ণ ভুল ধাৰণা। আনহাতে কাঠ পেঞ্চিলেৰে কিছু দ্ৰুতভাৱে লিখিব পাৰি যদিও যিহেতু পৰীক্ষাত কাঠ পেঞ্চিলেৰে লিখা নহ’ব, প্ৰথমৰ পৰাই তাক পৰিহাৰ কৰিবই লাগিব। অৱশ্যে আজিকালি বজাৰত উৎকৃষ্টমানৰ বল কলমো পোৱা যায়। অত্যন্ত সুবিধাজনক বুলি অনুভৱ কৰিলে কোনোবা ছাত্ৰ-ছাত্ৰীৰ তাকো ব্যৱহাৰ কৰাত বাধা নাই। বহুতো ছাত্ৰ-ছাত্ৰীৰ মাটি পেঞ্চিলেৰে কাঠৰ বা মাটিৰ ফলিত মুখস্থ কৰিবলগীয়া কথাবোৰ লিখি চোৱাৰ— বিশেষকৈ অংক অভ্যাস কৰাৰ বদভ্যাস আছে। ই অত্যন্ত বিপদজনক। ফলি-পেঞ্চিলৰ ব্যৱহাৰে কাগজত লিখাৰ দ্ৰুততা বহুখিনি কমাই দিয়ে। অৱশ্যে নিজৰি কলম বা বল কলমৰ বাহিৰেও আন কিছুমান উন্নত কলমো আজিকালি বজাৰত পোৱা যায়। বেছ কিছুদিন ব্যৱহাৰ কৰি তাৰ বিশ্বাসযোগ্যতা সম্পৰ্কে নিশ্চিত হৈহে পৰীক্ষাত তেনেবোৰ কলম ব্যৱহাৰ কৰাৰ সিদ্ধান্ত ল’ব লাগে। তদুপৰি উন্নত নিজৰি কলম হ’লেও নতুনকৈ কিনিয়েই পৰীক্ষাত ব্যৱহাৰ কৰিম বুলি ভাবিব নালাগে। কাৰণ একেবাৰে নতুন কলমৰ নিব খহটা হৈ থাকে আৰু লিখাৰ দ্ৰুততা পোৱা নাযায়। আনহাতে বেছি পুৰণি হ'লেও বেছি চিয়াঁহী ওলোৱাৰ ফলত লিখাৰ আঁক বেছি বহল হোৱা আদি কলমৰ বিভিন্ন ৰোগে দেখা দিয়ে। গতিকে পৰীক্ষাত বেছি পুৰণি কলম ব্যৱহাৰ কৰাটোও অসুবিধাজনক। সবাতোকৈ সুবিধাজনক হ’ল অধ্যয়নৰ এইটো স্তৰৰ আৰম্ভণিতে দুটি উন্নত ধৰণৰ কলম কিনি সেই কলমেৰেই লিখিবলৈ আৰম্ভ কৰা। অংক, বিজ্ঞান, ভূগোল আদি বিষয়ৰ ছবিবোৰ ক’লা চিয়াঁহীৰ হাইটেক কলমেৰে অঁকাৰ অভ্যাস কৰিব লাগে। ছবি আঁকিবৰ কাৰণে সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকলে কাঠ পেঞ্চিল আৰু ৰবৰ ব্যৱহাৰ কৰে এইটো যুক্তিত যে, ছবিবোৰ ভুল হলে মচিব পৰা যায়। কিন্তু পৰীক্ষাৰ ক্ষেত্ৰত এইটো সুবিধাজনক নহয়, কাৰণ মচি মচি ছবি আঁকিবৰ বাবে সময় পোৱা নাযাব। গতিকে একেবাৰে ক’লা চিয়াঁহীৰ হাইটেক কলমেই উত্তম। তদুপৰি কাঠ পেঞ্চিলেৰে আঁকা ছবি ঘঁহনি খাই অস্পষ্ট হোৱাৰ সম্ভাৱনা থাকে। অৱশ্যে আখৰ লিখা কলমৰ দৰেই এই ক্ষেত্ৰতো পৰীক্ষাত একেবাৰে নতুন কলম ব্যৱহাৰ নকৰি কিছুদিন আগৰে পৰা ব্যৱহাৰ কৰা কলমহে ব্যৱহাৰ কৰিব লাগিব। পৰীক্ষাত লিখিবলৈ ব্যৱহাৰ কৰা চিয়াঁহীৰ ৰঙো এটি গুৰুত্বপূৰ্ণ কথা। নীলা বা ক’লা-নীলা উজ্জ্বল ৰঙৰ উন্নতমানৰ চিয়াঁহীৰ বাহিৰে আন ৰঙৰ বা নিম্নমানৰ চিয়াঁহী ব্যৱহাৰ কৰিব নালাগে। ৰঙা, সেউজীয়া বা ক’লা আদি ৰঙৰ চিয়াঁহী ছবিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি যদিও সাধাৰণ লিখাত এনেবোৰ ৰঙৰ চিয়াঁহী কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। তদুপৰি নিম্নমানৰ চিয়াঁহীৰ লিখাৰ ৰং কম সময়তে ঢেলা বা শেঁতা হৈ যোৱাৰ সম্ভাৱনা থাকে। কাগজ আৰু কলমৰ বাহিৰেও পৰীক্ষাত ব্যৱহাৰ হোৱা আন বস্তুবোৰ হ’ল— স্কেল, কাঁটা-কম্পাছ, কোণমান যন্ত্ৰ আদি বিভিন্ন সৰু-সুৰা যন্ত্ৰপাতি। পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ এইখিনি সময়তে এনেবোৰ যন্ত্ৰও খৰকৈ আৰু শুদ্ধভাৱে ব্যৱহাৰ কৰিবলৈ শিকিব লাগে। কলমৰ দৰেই পৰীক্ষাত ব্যৱহাৰ কৰিব খোজা নিৰ্দিষ্ট স্কেলপাট বা কম্পাছডাল নাইবা কোণমান যন্ত্ৰটোহে অভ্যাসৰ সময়তো ব্যৱহাৰ কৰি এইবোৰৰ লগত এক চিনাকি সম্বন্ধ গঢ়ি তুলিব লাগে। অৱশ্যে এনেবোৰ যন্ত্ৰপাতি ব্যৱহাৰ নকৰাকৈয়েই ছবিবোৰ আঁকিবলৈ যত্ন কৰিব লাগে, কাৰণ যন্ত্ৰপাতিৰ ব্যৱহাৰে সময়ৰ কিছু অপব্যয় কৰে। পৰীক্ষাত এইবোৰৰ ব্যৱহাৰেৰে ছবিবোৰ খুব বেছি ধুনীয়া কৰাৰ বিশেষ প্ৰয়োজনীয়তাও দেখা নাযায়।

 মুঠতে, পৰীক্ষাৰ আগমুহূৰ্তৰ এই সময়ছোৱাত পৰীক্ষাৰ্থীসকলে পৰীক্ষা লিখাৰ সম্পূৰ্ণ পৰিবেশ গঢ়ি তুলিব লাগিব যাতে পৰীক্ষাসমূহ তেওঁলোকৰ বাবে এক অজান্তিমুলুকৰ ৰহস্যময় দানৱৰ দৰে নহৈ সদায় কাষে কাষে ঘূৰি ফুৰা মৰমৰ পোহনীয়া কুকুৰটো বা মেকুৰীজনীৰ দৰেহে পৰিগণিত হয়।



দ্ৰুত লিখনৰ প্ৰয়োগ আৰু প্ৰয়োজনীয়তা

পৰীক্ষাৰ আগমুহূৰ্তৰ আটাইতকৈ দৰকাৰী এই সময়ছোৱাতে পৰীক্ষাক এটি চিনাকি বন্ধুৰ দৰে কৰি তুলিব লাগে। লগে লগে আৱশ্যক, পৰীক্ষা লিখাৰ বাবে আৱশ্যকীয় তীব্ৰ দ্ৰুতি আয়ত্তৰ বাবে প্ৰচেষ্টা। প্ৰায়বিলাক বিষয়ৰ ক্ষেত্ৰতেই নিৰ্দিষ্ট সময়ৰ ভিতৰত শুদ্ধভাৱে যিমান বেছি লিখিব পাৰি সিমানেই বেছি নম্বৰ বা উচ্চ গ্ৰেড পোৱাৰ সম্ভাৱনা থাকে। গতিকে লিখা বা লগতে ছবি আদি অঁকাৰ তীব্ৰ দ্ৰুতি থাকিলেহে পৰীক্ষাৰ্থীসকলে কম সময়তে বেছি বিষয়বস্তু শুদ্ধভাৱে পৰীক্ষাৰ বহীত উপস্থাপন কৰিব পাৰিব আৰু সেয়ে দ্ৰুতি তেওঁলোকৰ বাবে এটা অতি আৱশ্যকীয় বিষয়। তদুপৰি দ্ৰুত লিখনৰ জৰিয়তে কম সময়ৰ ভিতৰতে যদি কোনো এখন প্ৰশ্নকাকতৰ উত্তৰ লিখি শেষ কৰিব পৰা যায়, তেন্তে পুনৰবাৰ পঢ়ি চোৱাৰ বাবে বা ৰিভাইছ কৰাৰ বাবে বেছি সময় হাতত পোৱা যায়। ফলত ভুলৰ মাত্ৰা কমে। টোকা লিখি শেষ কৰাৰ পিছত ইয়াক আয়ত্ত কৰিবলৈ লোৱা পৰীক্ষাৰ আগৰ এই সময়খিনিয়েই দ্ৰুতি বৃদ্ধিৰ বাবে চেষ্টা কৰাৰ প্ৰশস্ত সময়। কম দ্ৰুতি থকা পৰীক্ষাৰ্থীসকলে পৰীক্ষাত ভাল ফলাফল আশা কৰিলে চেষ্টাৰ জৰিয়তে দ্ৰুতি বৃদ্ধি কৰিবই লাগিব। কিন্তু প্ৰশ্ন হ’ল, দ্ৰুতি কেনেদৰে বৃদ্ধি কৰা যায়। লিখাৰ দ্ৰুতি বৃদ্ধি কৰাৰ একমাত্ৰ উপায় হৈছে অভ্যাস। পৰীক্ষাৰ্থীসকলে অভ্যাসৰ জৰিয়তে লিখাৰ দ্ৰুতি আৱশ্যকীয় পৰ্যায়লৈ অনায়াসে বৃদ্ধি কৰি ল’ব পাৰিব। তাৰ কাৰণে পৰীক্ষাৰ্থীসকলে প্ৰথমে উল্লেখ কৰা অনুসৰি কাগজ-কলম গোটাই ল’ব লাগে। কোনো এটা বিষয় পঢ়ি লিখিবৰ সময়ত দ্ৰুতভাৱে লিখি যাব লাগে। এই ক্ষেত্ৰত মেজ আৰু চকীৰ উচ্চতা সঠিক আৰু আৰামদায়ক হ’ব লাগে। প্ৰতিবাৰ লিখোতে দ্ৰুতি ক্ৰমাগতভাৱে বঢ়াই যাবলৈ চেষ্টা কৰিব লাগে। এনে ক্ষেত্ৰত এটা সময়ত লিখাখিনি পঢ়িব নোৱাৰা অৱস্থা পাব। এই সময়ত বেছি পঢ়িব নোৱাৰা হোৱা আখৰবোৰ বাছি উলিয়াব লাগে আৰু সেইবোৰ দ্ৰতভাৱে কিন্তু বুজিব পৰা হোৱাকৈ বেলেগকৈ লিখাৰ অভ্যাস কৰিব লাগে। দ্ৰুতভাৱে লিখাৰ অভ্যাস কৰাৰ ক্ষেত্ৰত আখৰ খুব ভাল কৰিবলৈ যত্ন কৰাৰ আৱশ্যক নাই আৰু ই সম্ভৱো নহয়। কিন্তু দ্ৰুতি বৃদ্ধি কৰাৰ বাবে আখৰ বুজিব নোৱাৰা হোৱাটো বিপদজনক। তেতিয়া হ’লে দ্ৰুতি বৃদ্ধি কৰাৰ কোনো অৰ্থই নাথাকিব। আখৰ সৰু হোৱাতকৈ কিছু ডাঙৰ আৰু সমান জোখৰ হোৱাটোৱেই বাঞ্ছনীয়।শাৰীবোৰ পোন কৰিবলৈ যত্ন কৰিব লাগে আৰু দুটা শাৰীৰ মাজত কিছু ফাঁক ৰাখিব [ ৪৪ ]লাগে, যাতে ৰৈ যোৱা কথা পিছত সুমুৱাই দিব পৰা যায়। দ্ৰুতভাৱে লিখি যোৱাৰ মাজে মাজে কেতিয়াবা দ্ৰুতি অলপ কমাই দি আখৰবোৰ ভাল কৰিবলৈ যত্ন কৰিব লাগে। পুনৰ পিছত দ্ৰুতি বঢ়াই লিখিব লাগে। এনেদৰে অভ্যাস কৰিলে লিখাৰ দ্ৰুতি বৃদ্ধি পোৱাৰ লগে লগে আখৰৰ গঢ়ো ভাল হৈ থাকে। হেলনীয়া আখৰৰ ক্ষেত্ৰত লিখাৰ দ্ৰুতি বাঢ়ে বুলি বহুতো ছাত্ৰ-ছাত্ৰীয়ে ভাবে। কিন্তু ই ভুল ধাৰণা। টোকা প্ৰস্তুত কৰোতে পৰীক্ষাৰ্থীসকলে যেনে ধৰণৰ আখৰ— পোন বা হেলনীয়া ব্যৱহাৰ কৰিছিল, অভ্যাসৰ ক্ষেত্ৰতো তেনে আখৰহে ব্যৱহাৰ কৰা উচিত। ছবিবোৰ অঁকাৰ ক্ষেত্ৰতো একে ধৰণৰ প্ৰণালীয়েই অনুসৰণ কৰিব লাগে। ছবিবোৰ সুন্দৰ কৰাতকৈ শুদ্ধভাৱে আৰু দ্ৰুততাৰে অঁকাৰ ওপৰতহে গুৰুত্ব দিব লাগে। মানচিত্ৰ বা বিজ্ঞানৰ ছবিবোৰৰ ক্ষেত্ৰত মূল বা জটিল অংশবোৰ আগতে আঁকি ল’ব লাগে। এনেবোৰ অংশ প্ৰথমে যথাস্থানত আঁকি লৈ পিছত সেইবোৰ যোগ কৰি গ’লেই সুন্দৰ ছবি পোৱা যায়। জ্যামিতিৰ চিত্ৰসমূহৰ পৰাপক্ষত হাতেৰেই সুন্দৰকৈ আঁকিবলৈ চেষ্টা কৰিব লাগে। অত্যন্ত প্ৰয়োজন নহ’লে স্কেল, কাঁটা-কম্পাছ আদি ব্যৱহাৰ কৰিব নালাগে। আজিকালি বজাৰত এনেবোৰ সুঁজলিতকৈ সুবিধাজনক আন এবিধ সুঁজলিহে পোৱা যায়। এই প্ৰকাৰৰ সঁজুলিত প্লাষ্টিক বা এলুমিনিয়ামৰ পাতত সৰু-ডাঙৰ বিভিন্ন জোখৰ বৃত্ত, উপবৃত্ত, ত্ৰিভুজ, চতুৰ্ভুজ, বহুভুজ, কোণ, সমান্তৰাল, সৰলৰেখা আদি বিভিন্ন জ্যামিতীয় আকৃতি কটা থাকে। ছাত্ৰ-ছাত্ৰীসকলে এইখিনি সময়তে এনে প্ৰকাৰৰ সঁজুলি ব্যৱহাৰ কৰাৰ অভ্যাস কৰিলে পৰীক্ষাগৃহত অতি কম সময়তে সুন্দৰ চিত্ৰ উপস্থাপন কৰিব পাৰিব। উৎসাহী আৰু বুদ্ধিমান ছাত্ৰ-ছাত্ৰীসকলে আনকি নিজৰ সুবিধামতে তেনে সঁজুলি নিজে নিজে তৈয়াৰ কৰি লোৱাটোও অসম্ভৱ নহয়। এইখিনিতে উল্লেখযোগ্য যে, বহুতো ছাত্ৰ- ছাত্ৰীয়ে লিখা বা অঁকাৰ সময়ত কলমৰ সাঁফৰখন কলমৰ পিছপিনে লগাই লয়। ই এটা বেয়া অভ্যাস। লিখাৰ দ্ৰুততাৰ বাবে কলম যিমান পাৰি পাতল কৰি ৰাখিব লাগে যাতে হাত আৰু আঙুলিত জোৰ নপৰে। এনে ক্ষেত্ৰত অনাৱশ্যকভাৱে সাঁফৰৰ ওজনখিনি কঢ়িয়াই ফুৰাৰ প্ৰয়োজন কি? তদুপৰি লিখা বা অঁকাৰ দ্ৰুতি বৃদ্ধি কৰাৰ বাবে আঙুলি আৰু হাতৰ কিছুমান বিশেষ ব্যায়ামৰো প্ৰয়োজন। হাত আৰু আঙুলি আৰু হাতৰ কিছুমান বিশেষ ব্যায়ামৰো প্ৰয়োজন। হাত আৰু আঙুলিৰ জোৰ বৃদ্ধি কৰা তথা বেছি সময় ইয়াক ব্যৱহাৰ কৰাৰ ক্ষমতা বৃদ্ধি কৰাৰ বাবে কৰিবলগীয়া এই ব্যায়ামবোৰ যিকোনো ভাল ব্যায়ামৰ পুথিতে পোৱা যায়। ছাত্ৰ-ছাত্ৰীসকলে এইবোৰৰ কিছুমান বছা বছা ব্যায়াম আয়ত্ত কৰি নিয়মিতভাৱে অভ্যাস কৰিব লাগে। মুঠতে শৰীৰ আৰু মন সুস্থ ৰাখি, উপৰোক্ত নিয়মসমূহ পালন কৰি, নিয়মিত অভ্যাস কৰিলে ছাত্ৰ-ছাত্ৰীসকলে যে কম সময়তে আৱশ্যকীয় দ্ৰুতি আয়ত্ত কৰিব পাৰিব তাত কোনো সন্দেহ নাই।



পাঠ আয়ত্তকৰণ— অধ্যয়নৰ অন্তিম স্তৰ

এতিয়া কথা হ’ল, বিভিন্ন বিষয়ৰ বিভিন্ন অতি দৰকাৰী, দৰকাৰী আদি পাঠবোৰ আয়ত্ত কৰা যায় কেনেকৈ? আগতে উল্লেখ কৰাৰ দৰে আয়ত্ত কৰা বুলিলে অধ্যয়নৰ যোগেদি বুজি পোৱা, ধাৰণা কৰা আৰু অৱশেষত পাঠটো মুখস্থ কৰাটোকেই বুজায় যদিও পৰীক্ষাৰ ঠিক আগৰ এই সময়ছোৱাত শেষৰটো পৰ্যায় মুখস্থ কৰাতেই সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব লাগিব। কাৰণ টোকা প্ৰস্তুত কৰাৰ সময়তেই আমি বাকীকেইটা পৰ্যায় কম-বেছি পৰিমাণে পাৰ হৈ অহা বুলি ধৰি ল’ব পাৰি। এতিয়া এটা পাঠ পঢ়ি ল’ব লাগে। সংজ্ঞা, সূত্ৰ, উদাহৰণ, তাৰিখ, ব্যক্তি বা বস্তুৰ নাম, ছবি, যুক্তি, গাণিতিক প্ৰকাশ ৰাশি, উদ্ধৃতি আদি পাঠটোত থাকিলে তাত অধিক মনোযোগ প্ৰদান কৰিব লাগে। তাৰ পাছত পাঠটো লিখি চাব লাগে। মনত নপৰা কথাবোৰ টোকাৰ দৰে হুবহু মনত ৰাখিবই লাগিব। কিন্তু কিছুমানৰ মূলভাবটো মনত ৰাখি পুনৰবাৰ লিখোতে কিছু সলনি কৰি লিখিলেও হ’ব; অৱশ্যে সকলো ক্ষেত্ৰতে যিমান পাৰি সিমান টোকা হুবহু মনত ৰখাটোৱেই বাঞ্ছনীয়। কিন্তু সংজ্ঞা, সূত্ৰ আদি উপৰোক্ত অধিক মনোযোগ দিবলগীয়া কথাবিলাক সকলো ক্ষেত্ৰতে হুবহু মনত ৰাখিবই লাগিব, আৰু পৰীক্ষাত উপস্থাপন কৰিব পাৰিব লাগিব। কোনো পাঠৰ টোকা যথেষ্ট দীঘল হলে টোকাবহীত কাঠ পেঞ্চিলেৰে দাগ দি টোকাটো সুবিধাজনক ভাগত ভাগ কৰি ল’ব লাগে আৰু ভাগবোৰ বেলেগ বেলেগকৈ আয়ত্ত কৰিবলৈ যত্ন কৰিব লাগে। শেষত একেবাৰতে এবাৰ বা দুবাৰ লিখি চাব লাগে। অসমীয়া, ইংৰাজী বা আন সাহিত্য সম্পৰ্কীয় বিষয়ৰ ক্ষেত্ৰত আৱশ্যকীয় পাঠবোৰ আৰু তাৰ লিখকসকলৰ নামবোৰ বাৰে বাৰে লিখি শুদ্ধভাৱে মুখস্থ কৰিব লাগে। প্ৰতিটো পাঠৰ সাৰাংশসমূহ মুখস্থ নকৰিলেও বেছ ভালদৰে পঢ়ি ৰখাটোও আৱশ্যকীয়। এনে বিষয়বোৰৰ ব্যাকৰণ বা গ্ৰামাৰ অংশৰ বিভিন্ন সংজ্ঞা আৰু উদাহৰণবোৰ মুখস্থ ৰাখিবই লাগিব। উদাহৰণ যিমান পাৰি বেছি পঢ়িব লাগে যাতে পৰীক্ষাত কেইটামান হলেও মনত থাকে। ৰচনাৰ বিভিন্ন ভাগ বা পইণ্টবোৰ একাদিক্ৰমে মনত ৰাখিবলৈ যত্ন কৰিব লাগে, গোটেই ৰচনাখন হুবহু মনত নাথাকিলেও কথা নাই। ইয়াৰ ভিতৰত থকা উদ্ধৃতি আদি কিন্তু ভালদৰে লিখি লিখি মুখস্থ কৰা উচিত। অংকৰ ক্ষেত্ৰত কাগজ-কলম লৈ অংকবোৰ কৰি চোৱাটোত বেছি গুৰুত্ব আৰোপ কৰিব লাগে। এনে ক্ষেত্ৰতো প্ৰথমে একেবিধ নিয়মৰ অংকবোৰ পঢ়ি লৈ যিমান পাৰি বেছি সেই নিয়মৰ অংকবোৰ দ্ৰুততাৰে কৰিবলৈ যত্ন কৰিব লাগে। বিভিন্ন সূত্ৰ আৰু সেইবোৰৰ নিগমন পদ্ধতি ভালদৰে লিখি লিখি মুখস্থ কৰিব লাগে। একেবিধ অংকৰে বেলেগে বেলেগ নিয়মৰ ওপৰত গুৰুত্ব দিব লাগে আৰু নিয়মবোৰৰ মাজৰ মূল পাৰ্থক্যটো কি তাক বিচাৰি উলিয়াব লাগে। অতি দৰকাৰী অংকবোৰৰ উত্তৰবোৰো মনত ৰাখিবলৈ যত্ন কৰিব লাগে। পৰীক্ষাৰ বাবে কিছুমান অত্যন্ত দৰকাৰী অংকৰ ক্ষেত্ৰত প্ৰতিটো শাৰী বা ষ্টেপ মুখস্থ কৰি ৰাখিব লাগিব; সাধাৰণতে কৰাৰ দৰে আগৰ শাৰীৰ পৰা বুজি বুজি পিছৰ শাৰীবোৰ নিগমন কৰিলে পৰীক্ষাত সময় নহ’ব। জ্যামিতিৰ ক্ষেত্ৰতো মুখস্থ কৰোতে সদায় য’ত আৱশ্যক হয় ছবিটো প্ৰথমে আঁকি লৈ তাৰ ভিত্তিত বাকী অংশ লিখি যাব লাগে। এই ক্ষেত্ৰতো সংজ্ঞা, সূত্ৰ, উপপাদ্য আদি ভালদৰে মুখস্থ কৰিব লাগে। বুৰঞ্জী বিষয়ৰ ক্ষেত্ৰত বিভিন্ন ঘটনাৰ চন-তাৰিখবোৰ অত্যন্ত দৰকাৰী আৰু সেইবোৰ ভালদৰে লিখি মুখস্থ কৰিব লাগে। এখন বহীত চন-তাৰিখ আৰু ঘটনাবোৰৰ এখন তালিকা তৈয়াৰ কৰি মাজে মাজে সেইবোৰ মনত পেলাই থাকিব লাগে। বিভিন্ন চনবোৰৰ মাজত, এশ বছৰ আগৰ, এশ বছৰ পিছৰ, চনটো ওলোটাই লিখা আদি সম্বন্ধ আনিবলৈ যত্ন কৰিব লাগে যাতে এটি চন মনত ৰাখি লৈ বাকীবোৰ চন এই সম্বন্ধবোৰৰ পৰাই উলিয়াব পৰা যায়। বিভিন্ন সময়ৰ শাসনকৰ্তাসকলৰ দ্বাৰা শাসিত অঞ্চলৰ মানচিত্ৰ আঁকি তাৰ বিভিন্ন অঞ্চল চিহ্নিত কৰি সেইবোৰ মনত ৰাখিবলৈ যত্ন কৰিব লাগে। ভূগোল বিষয়ৰ ক্ষেত্ৰতো মানচিত্ৰৰ গুৰুত্ব অপৰিসীম। সেইবোৰ খুব ভালদৰে বুজি লৈ আঁকিবলৈ যত্ন কৰিব লাগে। ভূগোল আৰু বুৰঞ্জীৰ ক্ষেত্ৰত মানচিত্ৰসমূহ ভালদৰে জনা থাকিলে তাৰ ভিত্তিত বহু তথ্য মনত ৰাখিব পাৰি। বিজ্ঞানৰ ক্ষেত্ৰত বুজা আৰু মুখস্থ কৰা দুয়োটাৰে গুৰুত্ব সমান আৰু সৰ্বাধিক। বিজ্ঞানৰ ক্ষেত্ৰত নুবুজাকৈ কেতিয়াও মুখস্থ কৰিবলৈ যত্ন কৰিব নালাগে। এই বিষয়ৰ ক্ষেত্ৰতো সংজ্ঞা, সূত্ৰ, গাণিতিক প্ৰকাশ ৰাশি, বিভিন্ন নাম, উদাহৰণ আদি ভালদৰে লিখি লিখি মনত ৰাখিব লাগে। ছবিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগে আৰু বিভিন্ন অংশবোৰৰ শুদ্ধ নামকৰণসহ ছবিবোৰ বাৰে বাৰে দ্ৰুতভাৱে অঁকাৰ অভ্যাস কৰিব লাগে। বহুক্ষেত্ৰত ছবিবোৰ ভালদৰে জনা থাকিলে তাৰ ভিত্তিতে বিজ্ঞানৰ বিভিন্ন বিষয় বিভাগ, উপ- বিভাগ, তালিকা আদিত বিভক্ত কৰি অধ্যয়ন কৰিলে বুজা আৰু মনত ৰখাত সহায়ক হয়। এনেদৰে অধ্যয়ন আগবঢ়াৰ লগে লগে আন আন বিষয়ৰ ক্ষেত্ৰতো আৱশ্যকীয় পৰিকল্পনা পৰীক্ষাৰ্থীসকলে নিজে নিজেই গ্ৰহণ কৰিব পাৰিব আৰু পাঠবোৰ আয়ত্ত কৰিব পাৰিব।

বিভিন্ন বিষয়ত সন্নিৱিষ্ট বিভিন্ন তথ্য মনত ৰখাৰ যথেষ্টসংখ্যক বিভিন্ন আকৰ্ষণীয় কৌশল বুদ্ধিমান ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ বা আন উৎসাহী ব্যক্তিসকলে ইতিমধ্যেই উদ্ভাৱন [ ৪৭ ]কৰি গৈছে বা প্ৰতিদিনেই কৰিয়েই আছে আৰু সেইবোৰ পত্ৰ-পত্ৰিকা আৰু পুথি আদিত প্ৰকাশ হৈয়েই আছে। ছাত্ৰ-ছাত্ৰীসকলে কোনো পাঠ্যক্ৰমৰ অধ্যয়নৰ আৰম্ভণিৰ পৰাই এইবোৰৰ প্ৰতি কৌতূহলী হ’ব লাগে আৰু দৰকাৰী কৌশলবোৰ চমুকৈ বেলেগকৈ এখন বহীত টুকি ৰাখিব লাগে। অৱশ্যে উপযুক্ত ঠাইত সঘন ব্যৱহাৰহে এইবোৰ মনত ৰখাৰ প্ৰকৃষ্ট উপায়। তদুপৰি ছাত্ৰ-ছাত্ৰীসকলে আৱশ্যক অনুযায়ী মনত ৰখাৰ বিভিন্ন কৌশল উদ্ভাৱন কৰিবলৈ যত্ন কৰিব লাগে। ইয়াত বিভিন্ন কৌশলসমূহ বিস্তাৰিতভাৱে আলোচনা কৰা নহ’ল।

মুঠতে এনেদৰে সুনিৰ্দিষ্ট পৰিকল্পনাৰে সময়ৰ সদ্ব্যৱহাৰ কৰি অধ্যয়ন আগবঢ়াই নিলে কঠিন পাঠসমূহো এক যুক্তিযুক্ত সময়ৰ ভিতৰতে পৰীক্ষাৰ্থীসকলৰ আয়ত্তাধীন হ’বলৈ বাধ্য।❏



পুনৰ অধ্যয়ন বা ৰিভাইছ

আমি আগতেই উল্লেখ কৰিছিলো যে, টোকা প্ৰস্তুত কৰা সম্পূৰ্ণ হোৱা সময়ৰ পৰা পৰীক্ষা আৰম্ভ হোৱাৰ আগলৈকে পোৱা মুঠ সময়খিনিৰ ২০%-২৫% ভাগ সময় পুনৰ অধ্যয়ন বা ৰিভাইছ কৰাৰ বাবে ৰাখিব লাগিব। পৰীক্ষাৰ সময়-তালিকা বা ৰুটিনখন চাই এই আছুতীয়াকৈ ৰখা সময়খিনিৰ লগত পৰিকল্পনা কৰি পুনৰ অধ্যয়নৰো এটি আঁচনি প্ৰস্তুত কৰিব লাগে। পূৰ্ব প্ৰস্তুতি, প্ৰশ্নকাকতৰ সংখ্যা, কাঠিন্য বা পৰীক্ষাৰ্থী ব্যক্তিগত বিভিন্ন সমস্যা আদিৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন বিষয় পুনৰ অধ্যয়নৰ বাবে আৱশ্যকীয় সময় বা পুনৰ অধ্যয়নৰ পদ্ধতি অৱশ্যে বিভিন্ন হ’ব পাৰে। এই ক্ষেত্ৰত একেবাৰে প্ৰথমদিনা পৰীক্ষা থকা বিষয়ৰ পুনৰ অধ্যয়নৰ সময়খিনি একেবাৰে শেষলৈ ৰাখিব লাগে, যাতে সেই বিষয়ৰ অধ্যয়নৰ শেষৰ দিনাই তাৰ পৰীক্ষা দিবলৈ যাব পাৰি। বাকী বিষয়বোৰৰ পুনৰ অধ্যয়নৰ আঁচনি পৰীক্ষাৰ সময়-তালিকাত বিভিন্ন বিষয়ৰ মাজত থকা, খালী দিনবোৰ বা গেপবোৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰিব লাগে। পৰীক্ষাৰ সময়-তালিকা বা ৰুটিনত কোনো বিষয়ৰ আগত বেছিদিন গেপ থাকিলে পৰীক্ষাৰ আগৰ পুনৰ অধ্যয়নৰ ক্ষেত্ৰত সেই বিষয়বোৰৰ বাবে কম দিন খৰচ কৰিব পাৰি।

পাঠ এটি আয়ত্ত কৰাৰ ক্ষেত্ৰত আমি যি ধৰণৰ পদ্ধতি গ্ৰহণ কৰিছিলো, পুনৰ অধ্যয়ন বা ৰিভাইছ কৰাৰ পদ্ধতিও প্ৰায় একেই, মাত্ৰ দ্ৰুতি বেছি হ’ব লাগে। সম্ভৱ হ’লে পৰীক্ষাৰ্থীসকলে এই সময়ত অধ্যয়নৰ সময় যিমান পাৰি বঢ়াই ল’ব লাগে। কোনো এটি পাঠ ৰিভাইছ কৰাৰ ক্ষেত্ৰতো পাঠটো ভালদৰে আকৌ এবাৰ মনোযোগেৰে পঢ়ি চাব লাগে আৰু পিছত দ্ৰুতভাৱে লিখি যাব লাগে। অত্যন্ত দৰকাৰী পাঠবোৰৰ বাহিৰে আনবোৰ পাঠ এইবাৰ বিস্তাৰিতভাৱে লিখি চোৱাৰ বিশেষ আৱশ্যকতা নাই। মাত্ৰ কথাখিনি মনত পেলাই যাব লাগে। অৱশ্যে আগতে উল্লেখ কৰা, বেছি মনোযোগ দিবলগীয়া কথাবোৰ সংজ্ঞা, সূত্ৰ আদি সকলো সময়তে লিখি চাব লাগে। ছবি আৰু মানচিত্ৰতো আগৰ দৰেই যথোচিত গুৰুত্ব দিব লাগে। অত্যন্ত দৰকাৰী পাঠবোৰ এইখিনি সময়ৰ ভিতৰতে বাৰে বাৰে ৰিভাইছ কৰি খুব ভলদৰে মুখস্থ কৰিবই লাগিব। পুনৰ অধ্যয়নৰ একেবাৰে শেষ পৰ্যায়ত পৰীক্ষাৰ্থীসকলে আৰু এটি অত্যন্ত দৰকাৰী কাম কৰিবলগীয়া আছে। প্ৰায় ৫ ছে.মি. বহলৰ দীঘলীয়াকৈ কিছু কাগজ কাটি লৈ প্ৰতিটো বিষয়ৰে অত্যন্ত দৰকাৰী আৰু দৰকাৰী পাঠবোৰৰ পইণ্টবোৰ সৰু সৰু আখৰেৰে লিখি পেলাব লাগে। সূত্ৰ, সংজ্ঞা, গাণিতিক প্ৰকাশ ৰাশি আদি অত্যন্ত দৰকাৰী, সহজে পাহৰি যাব পৰা কিন্তু পৰীক্ষাত যথাযথ উপস্থাপন কৰিবলগীয়া কথাবোৰ ইয়াৰ ভিতৰত থাকিবই লাগিব। এনেদৰে প্ৰস্তুত কৰা প্ৰতিটো বিষয়ৰে এই বিশেষ টোকাখিনি সকলো সময়তে জেপত লৈ ফুৰিব লাগে আৰু সকলো সময়তে মনত পেলাবলৈ যত্ন কৰি থাকিব লাগে। এই বিশেষ টোকাবোেৰ প্ৰস্তুত কৰোতেও বিভিন্ন বিষয়ৰ পাঠৰ ভিন ভিন দৰকাৰী কথাবোৰ মনত ৰখাৰ ক্ষেত্ৰত সহায়ক হয়। হঠাতে কিবা কথা মনত নপৰিলে জেপৰ পৰা এই টোকাবোৰ উলিয়াই লগে লগে চাই ল’ব লাগে। মুঠতে যিমানে পৰীক্ষা ওচৰ চাপি আহে সিমানেই দ্ৰুতভাৱে আৰু দ্ৰুতভাৱে একোটা বিষয়ৰ গোটেই পাঠ্যক্ৰমটো একোবাৰকৈ পঢ়ি ল’বলৈ যত্ন কৰিব লাগে যাতে ই সকলো সময়তে শুদ্ধভাৱে পৰীক্ষাৰ্থীসকলৰ মানসপটত ভাহি থাকে— যিকোনো প্ৰশ্নৰ সাহসেৰে সন্মুখীন হ’বলৈ তেওঁলোকৰ আত্মবিশ্বাস বঢ়াই তোলে।❏


পৰীক্ষাৰ দিনাখন

 পৰীক্ষাৰ বাবে সাজু হোৱাৰ শেষ পৰ্যায়ত পৰীক্ষাও আহি ওচৰ চাপিব। কিন্তু পৰীক্ষাৰ দিনবোৰ কোনো অসাধাৰণ দিন বুলি ভাবি আতংকিত হ’ব নালাগে। অৱশ্যে সেই দিনবোৰৰ কৰ্তব্যখিনি সম্পূৰ্ণৰূপে ভাগ্যৰ ওপৰত এৰি দি হাত সাবটি বহি থাকিবও নালাগে। ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ বাবে আতংকিত হোৱাৰ সম্ভাব্য কাৰণসমূহ বিশ্লেষণ কৰিলেই এই অসুবিধা অনায়াসে দূৰ কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাৰ বাবে আতংকিত হোৱাৰ কাৰণ হ’ল কিছুমান অমূলক সম্ভাৱনা যে, তেওঁলোকে পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা পাঠবোৰৰ ওপৰত পৰীক্ষাত প্ৰশ্ন নাহিব পাৰে, প্ৰস্তুত কৰা পাঠবোৰ মনত নপৰিব পাৰে, বেছি জটিল আৰু আওপকীয়া প্ৰশ্ন আহিব পাৰে, লিখাৰ বাবে সময়ৰ অভাৱ হ’ব পাৰে, প্ৰশ্নোত্তৰত ক্ৰম হেৰাই যাব পাৰে ইত্যাদি। কিন্তু এনেবোৰ সম্ভাৱনা দৰাচলতে অমূলক। সাধাৰণতে কোনো ক্ষেত্ৰতে নিষ্ঠাবান পৰীক্ষাৰ্থীৰ এনে নঘটে বা ঘটিলেও ই খুব কম পৰিমাণেহে পৰীক্ষাৰ ফলাফলত প্ৰভাৱ পেলাব পাৰে। আগতে উল্লেখ কৰা অনুসৰি ধৈৰ্য, শৃংখলাবদ্ধতা আৰু অধ্যৱসায়েৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলালে কোনো কাৰণেই ছাত্ৰ-ছাত্ৰীসকলক আতংকিত কৰিব নোৱাৰে।

 গতিকে পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ বাবে আতংকিত হৈ আগদিনা ৰাতি টোপনি ক্ষতি কৰাৰ কোনো প্ৰয়োজন নাই। বা বহু ৰাতিলৈ পঢ়াৰো কোনো আৱশ্যক নাই। স্বাভাৱিকভাৱেই টোপনি যাবলৈ যত্ন কৰিব লাগে। তদুপৰি পিছদিনাৰ পৰীক্ষাৰ বাবে আৱশ্যকীয় সঁজুলিবোৰৰ আগদিনা ৰাতিয়েই সাজু কৰি ৰাখিব লাগে। পৰীক্ষাত লিখিবলৈ ব্যৱহাৰ কৰিব খোজা কলম দুটাত চিয়াঁহী ভৰাই কিছুসময় লিখি চাই থৈ দিব লাগে আৰু পৰীক্ষাৰ প্ৰবেশপত্ৰ বা এডমিট কাৰ্ড, লগ তালিকা, গণকযন্ত্ৰ বা কেলকুলেটৰ, স্কেল, কাঠ পেঞ্চিল, ৰবৰ, কাঁটা-কম্পাছ, কোণমান যন্ত্ৰ ইত্যাদি সাজু কৰি ৰাখিব লাগে।

 পৰীক্ষাৰ্থীসকলে মনত ৰাখিব লাগিব যে, পৰীক্ষাৰ দিনা ৰাতিপুৱাও পৰীক্ষা থকা বিষয়ৰ টোকাবোৰ চকু ফুৰাই যাবই লাগিব।

 পৰীক্ষাৰ দিনা পৰীক্ষাৰ্থীসকল এনেভাৱে সাজু হ’ব লাগে যাতে পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰায় ১৫ মিনিটমান আগতে তেওঁলোকে পৰীক্ষাগৃহত উপস্থিত হ’ব পাৰে। পৰীক্ষাগৃহত তেওঁলোকে পোনতে নিজৰ নিজৰ বহা আসন বিচাৰি উলিয়াই ল’ব লাগে আৰু তাত বহি পৰীক্ষা লিখাৰ বাবে আৰামদায়ক হৈছেনে নাই চাব লাগে। কিবা অসুবিধা থাকিলে লগে লগে পৰীক্ষাৰ কাৰ্যাধ্যক্ষক জনাই সেইবোৰ দূৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। ডেস্ক-বেঞ্চ বা মেজ-চকী আদি ভঙা বা ফটা আছে নেকি বা লৰচৰ কৰে নেকি ভালদৰে চাব লাগে; পোহৰ, বতাহ আদি সঠিক আছেনে নাই পৰীক্ষা কৰি চাব লাগে, অন্যথা কাৰ্যাধ্যক্ষৰ লগত তৎক্ষণাৎ যোগাযোগ কৰিব লাগে। বহুতো পৰীক্ষাৰ্থীয়ে পৰীক্ষাগৃহত পঢ়াৰ বাবে কিতাপ, টোকাবহী আদি লৈ যায়। সেইবিলাক সাধাৰণতে কোনো বিশেষ কামত নাহে। পৰীক্ষাৰ আগমুহূৰ্তৰ এইখিনি সময় মগজুক জিৰণি দি পৰীক্ষাত তীব্ৰভাৱে নিয়োগ কৰিবলৈ সাজুহে কৰি তুলিব লাগে। তদুপৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষাগৃহৰ ভিতৰত অকৰ্তৃত্বশীলভাৱে অনুমতি নথকা বস্তু কিতাপ-পত্ৰ, টোকাবহী, নকলৰ টুকুৰা আদি কোনো ক্ষেত্ৰতে লগত ৰাখিব নালাগে বা প্ৰশ্নকাকত, লগ তালিকা, স্কেল, মেজ, বেঞ্চ বা জ্যামিতিৰ বাকচৰ উপৰিভাগ আদিত কোনো কথা লিখি ৰাখিব নালাগে। পৰীক্ষাগৃহৰে ভিতৰত আনৰ পৰা চোবা বা ইচ্ছাকৃতভাৱে আনক দেখুওৱা, সোধা-সুধি কৰা বা কথা পতা আদিৰ পৰা পৰীক্ষাৰ্থীসকল সম্পূৰ্ণৰূপে বিৰত থাকিব লাগে। মুঠতে পৰীক্ষাত ভাল ফলাফল আশা কৰা পৰীক্ষাৰ্থীসকলে পৰীক্ষাগৃহত পৰীক্ষা লিখাত অনুমতি নথকা কোনো কামেই কৰিবলৈ সাহস কৰা উচিত নহয়। তদুপৰি পৰীক্ষাৰ আগমুহূৰ্তৰ এই সময়ছোৱাত পৰীক্ষাৰ সম্ভাব্য প্ৰশ্ন সম্পৰ্কেও কাৰো লগত একো আলোচনা কৰা উচিত নহয়। কাৰণ বিভিন্নজনৰ বিভিন্ন মতামতে পৰীক্ষাৰ্থীসকলক হতাশ কৰি তুলিব পাৰে।

 পৰীক্ষা লিখাৰ বহীসমূহ বিতৰণ কৰাৰ লগে লগে পৰীক্ষাৰ্থীসকল সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ সাজু হ’ব লাগে। বহীসমূহৰ বাওঁপিনে প্ৰায় ৪ ছে.মি., সোঁপিনে ৪ ছে.মি. আৰু ওপৰপিনে ২ ছে.মি. মাৰ্জিন ৰাখি ভাঁজ কৰিব লাগে। অৱশ্যে সোঁপিনৰ মাৰ্জিন ৰাখোতে ভাঁজটো বাওঁপিনৰ মাৰ্জিনৰ ভাঁজৰ বিপৰীতেহে দিব লাগে যাতে ওলোটা পৃষ্ঠাত লিখোতে ই বাওঁপিনে ৰখা মাৰ্জিনৰ দৰে কাম কৰে। একোটা পৃষ্ঠাত লিখোতে সোঁপিনে মাৰ্জিন ৰখাৰ কোনো প্ৰয়োজন নাই। তদুপৰি লিখাৰ ক্ষেত্ৰত সদায় কাগজৰ দুয়ো পিঠি ব্যৱহাৰ কৰিব লাগে আৰু কাগজৰ পৃষ্ঠা ব্যৱহাৰত মিতব্যয়ী হ’ব লাগে। পাতলকৈ লিখি বা এপিঠিত লিখি বহীখন ডাঠ বা মোটা কৰিলেই নম্বৰ বেছি পোৱা বুলি বহুতৰ থকা ধাৰণা সম্পূৰ্ণ ভুল। বহীখন ভাঁজ কৰি লোৱাৰ পিছতেই ওপৰৰ নিৰ্দিষ্ট ঠাইত ৰোল নম্বৰ, বিষয়, পঞ্জীয়ন নম্বৰ আদি আৱ্যশকীয় তথ্যসমূহ স্পষ্টভাৱে লিখিব লাগে। এই ক্ষেত্ৰত প্ৰবেশপত্ৰ বা এডমিট কাৰ্ড ভালদৰে চাই ল’ব লাগে। প্ৰশ্নকাকতৰ বিভিন্ন অংশৰ বাবে কেতিয়াবা বেলেগ বেলেগ বহী দিয়া হয়। এনেক্ষেত্ৰত ‘ক’ অংশ বা ‘খ’ অংশ আদি বহীত স্পষ্টভাৱে চিহ্নিত কৰিব লাগে। উত্তৰ কৰোতেও সাৱধান হ’ব লাগে যাতে নিৰ্দিষ্ট অংশৰ প্ৰশ্নৰ উত্তৰ সেই নিৰ্দিষ্ট উত্তৰৰ বহীতহে কৰা হয়— বেলেগ অংশৰ প্ৰশ্নৰ উত্তৰ বেলেগ অংশৰ বহীত কৰা নহয়। পৰীক্ষাগৃহত মানিবলগীয়া নিয়মসমূহ কেতিয়াবা পৰীক্ষাৰ বহীৰ প্ৰথম পৃষ্ঠাতে ছপা কৰা হয়। সেইবোৰ ভালদৰে পঢ়ি চাই তাক দৃঢ়ভাৱে অনুসৰণ কৰিবলৈ সাজু হ’ব লাগে। কলম আদি উলিয়াই লৈ ডেস্ক বা মেজত থ’ব লাগে, হাতত পিন্ধা ঘড়ী খুলি সন্মুখত সময় চাব পৰাকৈ ৰাখিব লাগে আৰু সম্পূৰ্ণ শান্ত মস্তিষ্কৰে, সাহসেৰে, নিৰ্বিকাৰভাৱে প্ৰশ্নকাকত বিতৰণলৈ বাট চাব লাগে।❏

। প্ৰশ্নকাকতৰ বিভিন্ন অংশৰ বাবে কেতিয়াবা বেলেগ বেলেগ বহী দিয়া হয়। এনেক্ষেত্ৰত ‘ক’ অংশ বা ‘খ’ অংশ আদি বহীত স্পষ্টভাৱে চিহ্নিত কৰিব লাগে। উত্তৰ কৰোতেও সাৱধান হ’ব লাগে যাতে নিৰ্দিষ্ট অংশৰ প্ৰশ্নৰ উত্তৰ সেই নিৰ্দিষ্ট উত্তৰৰ বহীতহে কৰা হয়— বেলেগ অংশৰ প্ৰশ্নৰ উত্তৰ বেলেগ অংশৰ বহীত কৰা নহয়। পৰীক্ষাগৃহত মানিবলগীয়া নিয়মসমূহ কেতিয়াবা পৰীক্ষাৰ বহীৰ প্ৰথম পৃষ্ঠাতে ছপা কৰা হয়। সেইবোৰ ভালদৰে পঢ়ি চাই তাক দৃঢ়ভাৱে অনুসৰণ কৰিবলৈ সাজু হ’ব লাগে। কলম আদি উলিয়াই লৈ ডেস্ক বা মেজত থ’ব লাগে, হাতত পিন্ধা ঘড়ী খুলি সন্মুখত সময় চাব পৰাকৈ ৰাখিব লাগে আৰু সম্পূৰ্ণ শান্ত মস্তিষ্কৰে, সাহসেৰে, নিৰ্বিকাৰভাৱে প্ৰশ্নকাকত বিতৰণলৈ বাট চাব লাগে।❏



প্ৰশ্নকাকত বিতৰণৰ পাছত আৰু সামৰণি

পৰীক্ষাৰ প্ৰশ্নকাকত বিতৰণৰ লগে লগে পৰীক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায়টো আৰম্ভ হোৱা বুলি ক’ব পাৰি। নিৰ্দিষ্ট সময়ৰ ভিতৰত সুন্দৰভাৱে শুদ্ধকৈ প্ৰশ্নকাকতৰ উত্তৰসমূহ উত্তৰৰ বহীত লিপিবদ্ধ কৰাৰ দক্ষতাৰ ওপৰতেই পৰীক্ষাৰ্থীজনৰ পৰীক্ষাত সফলতা নিৰ্ভৰ কৰে। গতিকে পৰীক্ষাত উত্তৰ কৰা এই পৰ্যায়টো তেওঁলোকে অতি গুৰুত্বসহকাৰে বিবেচনা কৰিব লাগিব আৰু ইয়াত সাহসেৰে অৱতীৰ্ণ হ’ব লাগিব।

প্ৰশ্নকাকতখন পায়েই বহুতো পৰীক্ষাৰ্থী কিংকৰ্তব্যবিমূঢ় বা নাৰ্ভাছ হৈ পৰে যিটো পৰীক্ষাত আশানুৰূপ ফল নোপোৱাৰ এক প্ৰধান কাৰণ। আগৰে পৰাই সাহস গোটাই ৰাখিলে পৰীক্ষাৰ্থীসকলে সাধাৰণতে প্ৰশ্নকাকতখন বিতৰণৰ সময়তো নিৰ্বিকাৰ হৈ থাকিব পাৰে। প্ৰশ্নকাকতখন পায়েই পৰীক্ষাৰ্থীসকলে গোটেইখন খৰকৈ পঢ়ি পেলাব লাগে। প্ৰশ্নকাকতখন পঢ়োতে সময় খৰচ হোৱা বুলি ভাবিব নালাগে। কাৰণ প্ৰশ্নখন পঢ়াৰ পিছত তাৰ ওপৰত এটি ধাৰণা হয় যিয়ে সেইখনৰ উত্তৰ কৰাত পৰীক্ষাৰ্থীসকলক যথেষ্ট সহায় কৰে। প্ৰশ্নকাকতখন পঢ়াৰ ক্ষেত্ৰত প্ৰথমেই চন আৰু পৰীক্ষাৰ বিষয় ঠিক আছেনে চাই ল’ব লাগে। প্ৰথম, দ্বিতীয়, তৃতীয় আদি প্ৰশ্নকাকতৰ নম্বৰসমূহো সঠিক আছেনে চাব লাগে। অন্যথা লগে লগে পৰীক্ষাৰ পৰিচালকমণ্ডলীৰ দৃষ্টিগোচৰ কৰিব লাগে। প্ৰশ্নকাকতখনৰ উত্তৰ কৰিবলৈ দিয়া নিৰ্দিষ্ট সময়, বিভিন্ন গ্ৰুপ, প্ৰতিটো গ্ৰুপৰ উত্তৰ কৰিবলগীয়া প্ৰশ্নৰ সংখ্যা, বাধ্যতামূলক প্ৰশ্ন আদি প্ৰশ্নখনৰ আন কিছুমান মন কৰিবলগীয়া কথা। আন এক গুৰুত্বপূৰ্ণ কথা হ’ল এই যে, প্ৰশ্নৰ গাঁথনি কেতিয়াবা সলনিও হ’ব পাৰে। আগৰ গাঁথনিমতেই প্ৰশ্নোত্তৰ কৰিবলৈ গৈ পৰীক্ষাৰ্থীয়ে কেতিয়াবা ঠগ খোৱাৰ সম্ভাৱনাও থাকে। গতিকে প্ৰশ্নকাকতখন প্ৰথমৰ পৰাই এবাৰ মনোযোগেৰে কিন্তু খৰকৈ পঢ়ি লোৱাটো তেওঁলোকৰ একান্ত কৰ্তব্য। প্ৰথম দৃষ্টিত প্ৰশ্নকাকতখন বহুতৰে বাবে আচহুৱা যেন লাগিব পাৰে। কিন্তু শান্ত মস্তিষ্কৰে পঢ়ি ল’লে সাধাৰণতে দেখা যায় যে, প্ৰায়বোৰ প্ৰশ্নৰ লগতে পৰীক্ষাৰ্থীসকল প্ৰত্যক্ষ বা পৰোক্ষভাৱে পৰিচিত আৰু ইয়ে তেওঁলোকক উত্তৰ কৰাৰ বাবে আত্মবিশ্বাস বঢ়াই তোলে।

প্ৰশ্নকাকতখন পঢ়াৰ লগে লগে নিৰ্দিষ্ট সময়ৰ ভিতৰত উত্তৰ কৰিব পৰাকৈ ইয়াৰ পৰিকল্পনাৰ এটি ধাৰণা মনতে কৰি ল’ব লাগে। দীঘলীয়া প্ৰশ্নবোৰৰ ক্ষেত্ৰত কিমান সময় উত্তৰৰ বাবে দিব পাৰি তাকো পৰিকল্পনা কৰি ল’ব লাগে। অৱশ্যে মুঠ সময়ৰ প্ৰায় ১০ শতাংশ সময় পুনৰ নিৰীক্ষণ বা ৰিভাইছ কৰাৰ বাবে ৰাখিবই লাগিব। চুটি বা অতি চুটি প্ৰশ্নবোৰৰ বাবে সময়ৰ পৰিকল্পনা কৰাৰ বিশেষ আৱশ্যকতা নাই, কাৰণ সাধাৰণতে সেইবোৰ অতি কম সময়ৰ ভিতৰতে কৰিব পাৰি। কেতিয়াবা অতি কম সময়ৰ ভিতৰতে কেইবাটাও দীঘলীয়া প্ৰশ্ন কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ’ব পাৰে। এনে ক্ষেত্ৰত খুব ভালকৈ কমসংখ্যক প্ৰশ্নোত্তৰ কৰাতকৈ অলপ চুটি চুটিকৈ হ’লেও কৰিবলগীয়া আটাইকেইটা প্ৰশ্নোত্তৰ কৰিলে কিছু বেছি নম্বৰ পোৱাৰ সম্ভাৱনা থাকে। এনে ক্ষেত্ৰত প্ৰশ্নোত্তৰবোৰৰ ব্যাখ্যাত্মক কথাবোৰ বাদ দি কেৱল মূলকথা বা পইণ্টবোৰ লিখি ইয়াত চুটি কৰিব পাৰি। ৰসায়ন বিজ্ঞানৰ প্ৰশ্নোত্তৰৰ ক্ষেত্ৰত ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণবোৰ দিলেই হ’ল। অংকৰ ক্ষেত্ৰত চিহ্ন ব্যৱহাৰ কৰিব লাগে। বিজ্ঞানত ছবি আঁকিব লাগে। ‘কেৱল উত্তৰ দিয়া’ ধৰণৰ প্ৰশ্নত শব্দেৰেই উত্তৰ দিব পাৰিলে বাক্য লিখি উত্তৰ দীঘল কৰিব নালাগে। ‘খালী ঠাই পূৰণ কৰা’ ধৰণৰ প্ৰশ্নত কেৱল খালী ঠাইত বহুৱাবলগা শব্দবোৰ লিখিলেই হ’ল। ‘শুদ্ধ উত্তৰটো বাছি উলিওৱা’ প্ৰশ্নত শুদ্ধ উত্তৰৰ নম্বৰটো দিলেই হ’ব। অত্যন্ত আৱশ্যক হ’লেহে ৰিভাইছৰ বাবে ৰখা আছুতীয়া সময়ৰ কিছু অংশ উত্তৰ লিখাত খৰচ কৰিব লাগে। আনহাতে সময় যথেষ্ট, কিন্তু কৰিব পৰা প্ৰশ্নৰ সংখ্যা বহুখিনি কম হ’লেও— অৰ্থাৎ প্ৰশ্নকাকতৰ প্ৰশ্ন ‘কমন’ নপৰিলেও পৰীক্ষাৰ্থীসকল নাৰ্ভাছ হ’ব নালাগে। অত্যন্ত বেয়া অৱস্থাৰ পৰাও নিজস্ব ধৈৰ্য আৰু বুদ্ধিমত্তাৰে সৰ্বাধিক লাভ আহৰণ কৰাতেই পৰীক্ষাৰ্থীসকলৰ কৃতিত্ব নিৰ্ভৰ কৰে। এনে ক্ষেত্ৰত জনা প্ৰশ্নোত্তৰবোৰ বেছ ভালদৰে দীঘলীয়াকৈ লিখিব লাগে। কিবা প্ৰশ্ন সামান্যতম উত্তৰো জনা থাকিলে তাক ব্যাখ্যা কৰি লিখিব লাগে। ছবি, গ্ৰাফ আদি অপ্ৰাসংগিক নহ’লে বেছি পৰিমাণে ব্যৱহাৰ কৰিব লাগে। সম্পূৰ্ণ উত্তৰ কৰা নহ’লেও কোনো প্ৰশ্নোত্তৰ কাটি থৈ আহিব নালাগে। অসম্পূৰ্ণ উত্তৰৰ বাবেও কিছু নম্বৰ পোৱা যায়। কেতিয়াবা প্ৰশ্নতো ভুল থাকিব পাৰে বা পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্নও থাকিব পাৰে। এনে ক্ষেত্ৰত তেনে বিতৰ্কিত প্ৰশ্ন বাদ দিব লাগে। কিন্তু তেনে প্ৰশ্ন বাধ্যতামূলক হ’লে নিজে জনা ধৰণেৰে উত্তৰ কৰি আহিব লাগে। উত্তৰ কৰাৰ ক্ষেত্ৰত বাওঁফালৰ মাৰ্জিনত প্ৰশ্নৰ নম্বৰ দিব লাগে। প্ৰশ্নোত্তৰ শেষ হ’লেও এটি শেষ চিন দিব লাগে। সাধাৰণতে আটাইতকৈ উজু বা ‘কমন’ পৰা প্ৰশ্নোত্তৰেৰেই উত্তৰ লিখা আৰম্ভ কৰা উচিত। কাৰণ কিছু নম্বৰৰ উত্তৰ কৰাৰ পিছত পৰীক্ষাৰ্থীসকলৰ আত্মবিশ্বাস স্বাভাৱিকভাৱেই বৃদ্ধি হয় যিয়ে পিছত কঠিন প্ৰশ্নবোৰৰ উত্তৰ কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। যিমান পাৰি প্ৰশ্নত সোধা ধৰণেৰে বা টু-দি-পইন্ট উত্তৰ কৰিবলৈ যত্ন কৰিব লাগে। বেছি নম্বৰৰ বাবে উত্তৰ দীঘলীয়াকৈ আৰু কম নম্বৰৰ বাবে চুটিকৈ কৰিবলৈ যত্ন কৰিব লাগে। প্ৰশ্নোত্তৰবোৰ কৰোতে এনেদৰে কৰিব লাগে যাতে প্ৰদত্ত সময়খিনিৰ সুব্যৱহাৰ হয়। অৰ্থাৎ সময়ৰ নাটনিও নহয় বা অযথা সময় ৰাহি হৈও নাথাকে। প্ৰশ্নোত্তৰ কৰাৰ পিছত উত্তৰবহীৰ পুনৰ নিৰীক্ষণ বা ৰিভাইছ কৰাটো পৰীক্ষাত ভাল ফলাফল আশা কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পৰ্যায়। ৰিভাইছ কৰোতে লক্ষ্য কৰিবলগীয়া বিষয়বোৰ হ’ল— উত্তৰবহীৰ প্ৰথম পৃষ্ঠাত ৰোল নম্বৰ, পঞ্জীয়ন নম্বৰ, বিষয়, প্ৰশ্নকাকতৰ নম্বৰ আদি লিখা হৈছেনে নাই, প্ৰশ্নোত্তৰৰ আৰম্ভণিতে প্ৰশ্নৰ নম্বৰ দিয়া হৈছেনে নাই, প্ৰশ্ন অনুযায়ী উত্তৰ কৰা হৈছেনে নাই, উত্তৰবহীত অতিৰিক্তভাৱে যোগ দিয়া পৃষ্ঠাবোৰৰ নিৰ্দিষ্ট ঠাইত ৰোল নম্বৰ, পঞ্জীয়ন নম্বৰ আদি লিখা হৈছেনে নাই, সেইবোৰ মূলবহীৰ লগত ভালদৰে গাঁঠি লোৱা হৈছেনে নাই, গণিতৰ আৰম্ভণি আৰু শেষ শুদ্ধ হৈছেনে, ছবিবোৰ চিহ্নিত বা লেবেলিং কৰা হৈছেনে নাই ইত্যাদি। তথাপি সময় থাকিলে দুই- এটা প্ৰশ্নোত্তৰ প্ৰথমৰ পৰা শেষলৈকে পঢ়িও চাব লাগে। মুঠতে পৰীক্ষা লিখাৰ বাবে প্ৰদত্ত আটাইখিনি সময় খৰচ নোহোৱালৈকে বাৰে বাৰে ৰিভাইছ কৰি থাকিব লাগে আৰু পৰীক্ষাৰ অন্তিম ঘণ্টাৰ পিছতহে পৰীক্ষাগৃহত বহী জমা দি লগত নিয়া কলম, প্ৰবেশ-পত্ৰ, ঘড়ী, জ্যামিতি বাকচ, লগ তালিকা, গণকযন্ত্ৰ আদি সামৰি পৰীক্ষাগৃহ ত্যাগ কৰিব লাগে।

বেছিভাগ পৰীক্ষাৰ্থীয়ে পৰীক্ষা হৈ যোৱাৰ পিছত উত্তৰ শুদ্ধাশুদ্ধ হোৱা সম্পৰ্কে পৰস্পৰে ব্যাপকভাৱে আলোচনা চলোৱা দেখা যায়। পৰৱৰ্তী বিষয়ৰ পৰীক্ষাৰ বাবে ই বহুখিনি ক্ষতিকাৰক। বিগত পৰীক্ষাত কৰি অহা উত্তৰসমূহ ভুল হ’লে এনে আলোচনাই পৰীক্ষাৰ্থীসকলক মানসিকভাৱে আঘাতহে দিয়ে।

তদুপৰি পৰীক্ষা শেষ হোৱাৰ পিছতেই জিৰণিৰ বাবে বেছিভাগ পৰীক্ষাৰ্থীয়েই চিনেমা, থিয়েটাৰ আদি উপভোগ কৰিবলৈ দৌৰ মাৰে। পৰীক্ষা লিখোতে চকু আৰু মগজুৰ প্ৰচুৰ ব্যৱহাৰ হয় আৰু ফলত ইয়াৰ ওপৰত যথেষ্ট জোৰ পৰে। চিনেমা, থিয়েটাৰ আদিয়ে পৰীক্ষাৰ্থীক জিৰণি দিয়াৰ সলনি বেছি ভাগৰুৱা কৰিহে তোলে। গতিকে পৰৱৰ্তী পৰীক্ষাৰ বাবে অধ্যয়নৰ কাৰণে সাজু হ’বলৈ শৰীৰ তথা মন পুনৰ সতেজ কৰি তুলিবলৈ পৰীক্ষাৰ্থীসকলে পৰীক্ষাগৃহৰ পৰা পোনে পোনে ঘৰলৈ গৈ শুবলৈহে যত্ন কৰিব লাগে। প্ৰায় এঘণ্টামানৰ গভীৰ টোপনিয়েই তেওঁলোকৰ মগজুৰ জিৰণিৰ বাবে যথেষ্ট। বিগত পৰীক্ষাৰ কথা কাৰো লগতেই আলোচনা নকৰি, পৰৱৰ্তী পৰীক্ষাৰ বাবে আঁচনি প্ৰস্তুত কৰি, অলপো সময় নষ্ট নকৰি পুনৰ অধ্যয়নত ব্যস্ত হ’ব লাগে। লগে লগে প্ৰথম দিনৰ পৰীক্ষাৰ দৰেই একে পদ্ধতি প্ৰয়োগ কৰি সেই বিষয়ৰ পৰীক্ষাৰ বাবে সাজু হ’ব লাগে আৰু আগৰ দৰেই সাহসেৰে পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে।

মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। এইলানি দীঘলীয়া প্ৰবন্ধত, কোনো এটি পাঠ্যক্ৰমৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে সাজু হোৱাৰ ক্ষেত্ৰত প্ৰাৰম্ভিক পৰিকল্পনাৰ পৰা টোকা প্ৰস্তুত, অধ্যয়নৰ পদ্ধতি আদি আলোচনাৰ যোগেদি অৱশেষত পৰীক্ষা লিখাৰ ক্ষেত্ৰত সৰ্বাধিক সুবিধা গ্ৰহণ কৰা প্ৰণালীৰ ওপৰত বিস্তৃত আলোচনা কৰিলো। গোটেইলানি প্ৰবন্ধত নিজস্ব প্ৰচেষ্টাৰ ওপৰতে যদিও প্ৰধানকৈ গুৰুত্ব আৰোপ কৰা হৈছিল, তথাপি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী অথবা অভিভাৱকসকলৰ ভূমিকা মুঠেই অপ্ৰাসংগিক বা কম গুৰুত্বপূৰ্ণ নহয়। বৰঞ্চ বিদ্যালয়ৰ শিক্ষা, শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰচেষ্টা তথা অভিভাৱকসকলৰ দায়বদ্ধতাৰ লগতে নিজস্ব অধ্যৱসায়ৰ পৰিপূৰক হিচাপেহে ‘স্বাগতম পৰীক্ষা’ প্ৰবন্ধলানি ব্যৱহাৰ কৰিলে ছাত্ৰ-ছাত্ৰী, পৰীক্ষাৰ্থীসকল পৰীক্ষাত আশাতীতভাৱে সফল হ’ব বুলি আমি নিশ্চিত।

|| সমাপ্ত ||


'স্বাগতম পৰীক্ষা’ৰ লেখক ড° জয়ন্ত কুমাৰ শৰ্মা সম্প্ৰতি তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ ৰীডাৰ। এসময়ৰ কৃতী ছাত্ৰ ড° শৰ্মাই উচ্চমাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থান লাভ কৰাৰ উপৰিও স্নাতকোত্তৰ পৰীক্ষাত স্বৰ্ণপদক লাভ কৰিছিল। অসমৰ প্ৰথিতযশা বিজ্ঞানী ড° দিলীপ কুমাৰ চৌধুৰীৰ অধীনত ‘হেড্ৰন কণিকাৰ গঠন’ সম্পৰ্কে তাত্ত্বিক গৱেষণা কৰি ডক্টৰেট উপাধি লাভ কৰা ড° শৰ্মাই সম্প্ৰতি তেজপুৰ বিশ্ববিদ্যালয়তো একে বিষয়তে গবেষণা চলাই আছে। ড° শৰ্মা বৰ্তমান অসম বিজ্ঞান সমিতিৰ আলোচনী ‘বিজ্ঞান জেউতি’ আৰু জিজ্ঞাস প্ৰকাশনৰ আলোচনী ‘জিলিঙনি’ৰ সম্পাদক।

Download PDF

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।