স্বৰবৰ্ণ আৰু ব্যঞ্জণ বৰ্ণ কাক বোলে? Assamese Grammar

অসমীয়া ভাষা ত বৰ্তমান ৫২ টা বৰ্ণ আছে। উচ্চাৰণৰ পাৰ্থক্য অনুসৰি বৰ্ণমালাক দুটা ভাগত ভাগ কৰা হৈছে: স্বৰবৰ্ণ আৰু ব্যঞ্জণ বৰ্ণ


স্বৰবৰ্ণ: Assamese Grammar


যিবোৰ বৰ্ণ উচ্চাৰণৰ সময়ত বাহিৰলৈ ওলাই যোৱা স্বাস বায়ু মুখৰ ভিতৰত কোনোভাৱে বাধাপ্ৰাপ্ত নহয় সেইবোৰক স্বৰবৰ্ণ বোলে। বৰ্তমান অসমীয়া ভাষাত প্ৰচলিত স্বৰবৰ্ণ ১১টা ৷


উচ্চাৰণৰ পাৰ্থক্য অনুসৰি স্বৰবৰ্ণক হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ দুটা ভাগত ভাগ কৰা হৈছে ৷

হ্ৰস্ব স্বৰ: অ ই উ ঋ এ ও এই ছটা বৰ্ণৰ উচচাৰণ চুটি বাবে ইহঁতক হ্ৰস্ব স্বৰ বোলে ৷উচ্চাৰণৰ পাৰ্থক্য অনুসৰি স্বৰবৰ্ণক হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ দুটা ভাগত ভাগ কৰা হৈছে ৷

দীৰ্ঘ স্বৰ: আ ঈ ঊ ঐ ঔ এই পাঁচটা বৰ্ণৰ উচচাৰণ দীঘলীয়া বাবে ইহঁতক দীৰ্ঘ স্বৰ বোলে ৷



ব্যঞ্জনবৰ্ণ: Assamese Grammar


যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে বায়ু প্ৰৱাহ মুখবিৱৰত বাধাপ্ৰাপ্ত হৈ উচ্চাৰিত হয় সেইবোৰক ব্যঞ্জণ বৰ্ণ বোলে ৷ ব্যঞ্জণ বৰ্ণ সদায় স্বৰাশ্ৰয়ী ৷ অসমীয়া ভাষাত ব্যঞ্জণ বৰ্ণ ৪১টা ৷



উচ্চাৰণৰ পাৰ্থক্য অনুসৰি ব্যঞ্জণ বৰ্ণক (১)স্পৰ্শ বৰ্ণ(২)উষ্ম বৰ্ণ আৰু (৩)অন্ত বৰ্ণ এই তিনিটা ভাগত ভাগ কৰা হৈছে ৷

(১)স্পৰ্শ বৰ্ণ: ক-ৰপৰা ম-লৈ এই পঁচিশটা বৰ্ণৰ ধ্বনিসমূহ উচ্চাৰণ কৰোঁতে জিভাই মুখৰ একো একো অংশত স্পৰ্শ কৰে, সেইবাবে এই পঁচিশটা বৰ্ণক স্পৰ্শ বৰ্ণ বোলে ৷ স্পৰ্শ বৰ্ণক পাঁচটা বৰ্ণৰে একোটা ভাগত ভাগ কৰি প্ৰতিটো বৰ্গৰ আৰম্ভণি আখৰটোৰ নাম দিয়া হৈছে ৷ সেয়ে স্পৰ্শ বৰ্ণক বৰ্গীয় বৰ্ণও বোলা হয় ৷

ক বৰ্গ - ক খ গ ঘ ঙ
চ বৰ্গ - চ ছ জ ঝ ঞ
ট বৰ্গ - ট ঠ ড ঢ ণ
ত বৰ্গ - ত থ দ ধ ন
প বৰ্গ - প ফ ব ভ ম

এই বৰ্গীয় বৰ্ণবোৰক অল্পপ্ৰাণ বৰ্ণ আৰু মহাপ্ৰাণ বৰ্ণ নামে দুটা ভাগত ভাগ কৰা হৈছে ৷

অল্পপ্ৰাণ বৰ্ণ: বৰ্গীয় বৰ্ণৰ প্ৰথম, তৃতীয়, আৰু পঞ্চম বৰ্ণসমূহৰ ধ্বনি উচ্চাৰণৰ সময়ত বায়ু প্ৰৱাহত জোৰ নপৰে ৷ফলত উচ্চাৰণ কোমল হয় । সেয়ে ইহঁতক অল্পপ্ৰাণ বৰ্ণ বোলা হয় ৷

প্ৰথম - ক চ ট ত প
তৃতীয় - গ জ ড দ ব
পঞ্চম - ঙ ঞ ণ ন ম

মহাপ্ৰাণ বৰ্ণ: প্ৰত্যেক বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণ দুটা উচ্চাৰণৰ সময়ত বায়ু প্ৰৱাহ অধিক আৰু প্ৰৱল হয় ৷ ইহঁতৰ উচ্চাৰণ কঠিন হোৱা বাবে ইহঁতক মহাপ্ৰাণ ৰ্ণ বোলা হয় ৷

দ্বিতীয় - খ ছ ঠ থ ফ
চতুৰ্থ - ঘ ঝ ঢ ধ ভ

(২)উষ্ম বৰ্ণ: শ ষ স আৰু হ এই চাৰিটা বৰ্ণৰ ধ্বনি উচ্চাৰণ হওঁতে মুখৰ বায়ু তপত হয় বাবে ইহঁতক উষ্ম বৰ্ণ বোলা হয় ৷

(৩)অন্ত বৰ্ণ: য ৰ ল ৱ এই চাৰিটা বৰ্ণ স্পৰ্শ বৰ্ণ আৰু উষ্ম বৰ্ণৰ মাজত থকা বাবে ইহঁতক অন্ত বৰ্ণ বা অন্তঃস্থ বৰ্ণ বোলে ৷

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।