ডি এল এড পাঠ্যক্ৰম কি? D El Ed মানে কি? What is the D El Ed in Assamese?

ডি এল এড (D.El.Ed) ৰ সম্পূৰ্ণ নাম Diploma in Elementary Education. এই পাঠ্যক্ৰমৰ সময়সীমা দুবছৰ হয়। দুবছৰত চাৰিটা পৰীক্ষা চেমিষ্টাৰ হিচাপে অনুষ্ঠিত হয়।


What is the D El Ed [in Assamese language]

ডি এল এড ৰ নামভৰ্তিৰ বাবে শিক্ষাগত অৰ্হতা

  1. প্ৰাৰ্থীজন নাইবা প্ৰাৰ্থীগৰাকী যিকোনো মান্যতাপ্ৰাপ্ত বোৰ্ডৰ দ্বাৰা যিকোনো শাখাৰ পৰা দ্বাদশ শ্ৰেণী বা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ উত্তীৰ্ণ হ'ব লাগিব।
  2. দ্বাদশ শ্ৰেণী বা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত ৫০% নম্বৰৰে পাছ কৰা হ'ব লাগিব।
  3. পিছপৰা জাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৪৫% নম্বৰ থকাটো বাঞ্চনীয়।


ডি এল এড পাঠ্যক্ৰমত নামভৰ্তি কেনেকৈ হয়?

  • অসমৰ নেতৃস্থানীয় বাতৰি কাকতত প্ৰত্যেক বছৰে মাৰ্চ মাহত দুবছৰীয়া ডি.এল.এড. পাঠ্যক্ৰমৰ নামভৰ্তিৰ বিজ্ঞাপন প্ৰকাশিত হয়।
  • প্ৰত্যেক বছৰে এপ্ৰিল/মে মাহত ডি.এল.এডৰ দুবছৰীয়া পাঠ্যক্ৰমত নামভৰ্তিৰ কাৰণে এক প্ৰি-এণ্ট্ৰী পৰীক্ষা অনুষ্ঠিত হয়।
  • প্ৰত্যেক বছৰে জুন মাহত নামভৰ্তি হয়।
  • প্ৰত্যেক বছৰে ১ জুলাইৰ পৰা পাঠ্যক্ৰম আৰম্ভ হয়।


D El Ed পাঠ্যক্ৰমৰ সময় সীমা কিমান?

ডি এল এড (D El Ed) তথা প্ৰাথমিক শিক্ষাৰ ডিপ্লোমা পাঠ্যক্ৰমৰ সময় সীমা দুই বছৰ হয়। এই  দুই বছৰত চাৰিটা পৰীক্ষা অনুষ্ঠিত হয়।

D El Ed পাঠ্যক্ৰমৰ বাবে খৰচ কিমান হয়?

এই পাঠ্যক্ৰমৰ খৰচ ছাত্ৰ এজন নাইবা ছাত্ৰী এগৰাকীৰ পাঁচ হাজাৰৰ পৰা এক লাখ টকালৈ হয়। নামভৰ্তিৰ জৰিমনা চাবলৈ গ'লে চৰকাৰী আৰু বেচৰকাৰী কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বেলেগ বেলেগ হয়। বেচৰকাৰী কলেজতকৈ চৰকাৰী কলেজৰ খৰচ কম হয়।

D El Ed কৰিলে কি কি সুবিধা হয়?

ডি এল এড পাঠ্যক্ৰম তথা প্ৰাথমিক শিক্ষাৰ ডিপ্লোমা পাঠ্যক্ৰম কৰিলে আপুনি এজন ভাল শিক্ষক হোৱা সম্ভাৱনা থাকে।
এই ডি এল এড (D El Ed) পাঠ্যক্ৰম সম্পূৰ্ণ কৰা পিছত আপুনি কেন্দ্ৰীয় শিক্ষক যোগ্যতা পৰীক্ষা (CTET) নাইবা ৰাজ্য চৰকাৰৰ শিক্ষক যোগ্যতা পৰীক্ষা (JTET, UTET, CGTET) ত যোগ হ'ব লাগিব। আৰু এই যোগ্যতা পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছতহে আপুনি এজন শিক্ষক হৈ যিকোনো এখন বিদ্যালয়ৰ কৰ্মকৰ্তা হিচাপে যোগদান লাভ কৰিব পাৰে।


সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক


ডি.এল.এড.(মুক্ত আৰু দূৰ শিক্ষণ  প্ৰথা)ৰ অৱলোকন:

            আমাৰ গণতন্ত্ৰৰ আৰম্ভণিৰ পিছৰ পৰাই সাৰ্বজনীন প্ৰাথমিক শিক্ষাত শিক্ষকৰ ভূমিকাক স্বীকাৰ কৰা হৈছে। শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ আইন,২০০৯ৰ ২১-A ধাৰাই আনুষঙ্গিক ব্যৱস্থাপনা প্ৰতিনিধিত্ব কৰে যাৰ অৰ্থ হল সকলো শিশুৰেই সন্তোষজনক আৰু যথাযথভাৱে অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ নিয়োগ প্ৰদান কৰা হয়।


            শিক্ষক শিক্ষা হৈছে শিক্ষক শিকন সংস্থাৰ বিষয়, যি শিক্ষকসকলক ছাত্ৰ-ছাত্ৰী সঞ্চালিত শ্ৰেণীকোঠাত পাঠদান কৰিব পৰাকৈ প্ৰস্তুত কৰি উলিয়ায়। আগৰ শতাব্দীৰ তুলনাত আজিৰ দিনত শিক্ষক শিক্ষা অতি গুৰুত্বপূৰ্ণ। এছ.চি.আৰ.টিয়ে আৰম্ভণিৰ পৰাই ৰাজ্যখনৰ গুণগত প্ৰাথমিক বিদ্যালয় শিক্ষা আৰু শিক্ষক শিক্ষাৰ উন্নতি লগত জড়িত হৈ আছে।


এছ.চি.আৰ.টিয়ে নিয়মিত/মুখামুখি  প্ৰথাৰ মাধ্যমেৰে শিক্ষকক পেছাদাৰীভাৱে সক্ষম কৰি আৰু শিক্ষাৰ গুণগত মান বৃদ্ধি কৰাৰ বাবে দুবছৰীয়া ডি.এল.এড. পাঠ্যক্ৰমৰ সঞ্চালন কৰি আহিছে।


এই পাঠ্যক্ৰমৰ প্ৰধান বৈশিষ্ট্যসমূহ হল –

  1. অসমত কৰ্মৰত অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা।
  2. কাৰ্যকৰী শিক্ষক হিচাপে গঢ়ি তুলিবলৈ তেওঁলোকৰ মাজত জ্ঞান, দক্ষতা, ক্ষমতা আৰু পেছাদাৰিত্বৰ বিকাশ সাধন কৰিব লাগে।
  3. তেওঁলোকে শিকাৰ সহায়কাৰী উপাদানসমূহ আৰু শিশুৰ বিকাশৰ কাৰকসমূহ উপলব্ধি কৰিব লাগে।
  4. তেওঁলোকৰ মাজত বিদ্যালয়ৰ পাঠ্যক্ৰম আৰু পাঠ্য তালিকাৰ বিকাশ বিকশিত কৰিব লাগে।
  5. শিক্ষণ শিকন প্ৰক্ৰিয়াত উদ্ভাৱনী পৰিৱৰ্তন আৰু বিকাশৰ লগত তেওঁলোকক পৰিচিত কৰি দিব লাগে।
  6. সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিপ্ৰেক্ষিতত শিক্ষকসকলৰ ভূমিকা আৰু দায়িত্বৰ লগত তেওঁলোকক পৰিচিত কৰা দিব লাগে।
  7. প্ৰশিক্ষণ প্ৰাৰ্থীসকলৰ মাজত কাৰ্যকৰী পেছাদাৰিত্বৰ বিকাশ ঘটোৱা।


  • অসমৰ নেতৃস্থানীয় বাতৰি কাকতত প্ৰত্যেক বছৰে মাৰ্চ মাহত দুবছৰীয়া ডি.এল.এড. পাঠ্যক্ৰমৰ নামভৰ্তিৰ বিজ্ঞাপন প্ৰকাশিত হয়।
  • প্ৰত্যেক বছৰে এপ্ৰিল/মে মাহত ডি.এল.এডৰ দুবছৰীয়া পাঠ্যক্ৰমত নামভৰ্তিৰ কাৰণে এক প্ৰি-এণ্ট্ৰী পৰীক্ষা অনুষ্ঠিত হয়।
  • প্ৰত্যেক বছৰে জুন মাহত নামভৰ্তি হয়।
  • প্ৰত্যেক বছৰে ১ জুলাইৰ পৰা পাঠ্যক্ৰম আৰম্ভ হয়।
  • পাঠ্যক্ৰমৰ বিৱৰণ (যোগ্যতা/নামভৰ্তি আৰু অন্য মাচুল/চেমিষ্টাৰ আদি) অনুষ্ঠান-পত্ৰ উপলব্ধ।
  • দুবছৰীয়া ডি.এল.এড. পাঠ্যক্ৰম পৰিচালনা কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষণ সংস্থাৰ কিছু সংখ্যক স্বীকৃতি লাভ কৰিছে।

 

ডি.এল.এড.- দূৰ শিক্ষণ  প্ৰথা-

এছ.চি.আৰ.টিয়ে মুক্ত আৰু দূৰ শিক্ষণ (ODL)  প্ৰথাৰ মাধ্যমেৰে শিক্ষকক পেছাদাৰীভাৱে সক্ষম কৰি আৰু শিক্ষাৰ গুণগত মান বৃদ্ধি কৰাৰ বাবে দুবছৰীয়া ডি.এল.এড. পাঠ্যক্ৰমৰ সঞ্চালন কৰে।

-*-*-

*তথ্য সমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। ইয়াত কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনাক লেখকক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।