সাধাৰণ জ্ঞান || General Knowledge in Assamese

India Political GK in Assamese Language PDF

GK in Assamese Language

সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক


ভাৰতৰ সংবিধান:-

ক) ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰতীয় সংবিধান কাৰ্যকৰী হয় 

খ) গণতন্ত্ৰ দিৱস- ২৬ জানুৱাৰী। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনাৰ পৰাই পালন কৰি আহিছে।


সংবিধানখন কেনেকৈ প্ৰস্তুত কৰা হ'ল?

  • ১৯৪৬ চনত এখন সংবিধান সভা গঠন কৰা হৈছিল।
  • ইয়াৰ সভাপতি আছিল ড° ৰাজেন্দ্ৰ প্ৰসাদ।
  • সভাৰ সদস্য: সৰোজিনী নাইডু, মৌলানা আবুল কালাম আজাদ, জৱাহৰলাল নেহৰু,বিজয়লক্ষ্মী পণ্ডিত, চৰ্দাৰ বল্লভভাই পেটেল।
  • ১৯৪৭ চনৰ ২৯ আগষ্টত ড° ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত সংবিধানখন লিখি উলিয়াবলৈ সাতজন সদস্যক লৈ এখন সংবিধান খচৰা কমিটি গঠন কৰি লোৱা হৈছিল।এই কমিটিৰ ছৈয়দ মহম্মদ ছাদুল্লা অসমৰ প্ৰতিনিধি আছিল।
  • সংবিধানখন ৰচনা কৰি উলিয়াবলৈ তিনি বছৰ লাগিছিল।
  • ১৯৪৯ চনৰ ২৬ নবেম্বৰ তাৰিখে ড° ৰাজেন্দ্ৰ প্ৰসাদে চহী কৰে আৰু সংবিধানখন গৃহীত হয়
  • ভাৰতীয় সংবিধানখন পৃথিৱীৰ ভিতৰতে আটাইতকৈ দীঘল সংবিধান।


ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা:-

প্ৰস্তাৱনাত গুৰুত্ব দিয়া দিশসমূহ-

  1. ভাৰতবৰ্ষ এখন সাৰ্বভৌম, গণতান্ত্ৰিক গণৰাজ্য
  2. আইনৰ চকুত সকলো নাগৰিক সমান।জাতি,বৰ্ণ,ধৰ্ম,লিংগ, ভাষা আদিক লৈ কোনো বৈষম্য নাথাকিব
  3. দেশত বাস কৰা সকলো শ্ৰেণীৰ লোকে যাতে জীৱনধাৰণৰ নূন্যতম সা-সুবিধাৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰখা হ'ব।
  4. ভাৰতীয় নাগৰিকসকলক সমান সুযোগ দি তেওঁলোকৰ মাজত ভাতৃত্বভাব জগাই তুলিব।


মৌলিক অধিকাৰ ৬ বিধ

  1. স্বাধীনতাৰ অধিকাৰ
  2. সমতাৰ অধিকাৰ
  3. ধৰ্মীয় অধিকাৰ
  4. সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ
  5. শিক্ষা আৰু সাংস্কৃতিৰ অধিকাৰ।
  6. শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ


২০০৯ চনৰ পৰা "শিক্ষাৰ অধিকাৰ আইন" মতে ৬-১৪ বছৰ বয়সলৈ বাধ্যতামূলক আৰু বিনামূলীয়া প্ৰাথমিক শিক্ষা প্ৰতিগৰাকী শিশুৰ মৌলিক অধিকাৰ


মৌলিক কৰ্তব্যসমূহ

১) সংবিধান মানি চলা আৰু জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদান কৰা;

২) স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা, মহান আদৰ্শ সমুহ পোষণ আৰু অনুসৰণ কৰা;

৩) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু সংহতি ৰক্ষা কৰা;

৪) দেশখন ৰক্ষা কৰা আৰু যেতিয়াই আহ্বান কৰা হয় তেতিয়াই দেশৰ প্ৰতি সেৱা আগবঢ়োৱা;

৫) ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বাস কৰা বিভিন্ন ধৰ্ম আৰু ভাষা-ভাষী মানুহৰ মাজত ভ্ৰাতৃভাৱৰ সৃষ্টি কৰা আৰু মহিলা সকলৰ প্ৰতি মৰ্যাদা হানিকৰ আচৰণ ত্যাগ কৰা;

৬) ভাৰতৰ মূল্যৱান ঐতিহ্যক মূল্য দিয়া আৰু তাক সংৰক্ষণ কৰা;

৭) বনানি, হ্ৰ্দ, নদ-নদী, বন্য জন্তু আদিকে ধৰি প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা আৰু সকলো জীৱিত প্ৰাণীৰ প্ৰতি দয়াপৰৱশ হোৱা;

৮) বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ সাধন কৰা, মানৱতাবোধ ভাৱৰ সৃষ্টি কৰা আৰু অনুসন্ধিৎসু তথা সংস্কাৰ মনোভাৱৰ বিকাশ সাধন কৰা;

৯) ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাৰ মনোভাৱ পৰিত্যাগ কৰা; আৰু

১০) ব্যক্তিগত আৰু সামূহিক সকলো কাম-কাজৰ ক্ষেত্ৰ্ত উৎকৰ্ষ সাধনৰ চেষ্টা কৰা আৰু ৰাষ্ট্ৰই যাতে প্ৰগতিৰ পথত আগুৱাই যাব পাৰে তাৰ ব্যৱস্থা কৰা;

১১) ২০০২ চনৰ ৮৬ তম সংশোধনী আইন অনুসৰি নতুনকৈ সংযোজিত কৰ্তব্যটো হ’ল “ছয়ৰ পৰা চৈধ্য বছৰ বয়সৰ প্ৰত্যেক শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগিব|” এইটো হ’ল পিতৃ-মাতৃ বা অভিভাৱকৰ মৌলিক কৰ্তব্য|


নিৰ্দেশনাত্মক নীতি 

  • অৰ্থনৈতিক নীতি:- পুৰুষ মহিলা উভয়কে সমান কামৰ কাৰণে সমান মজুৰি দিয়া,মাতৃ আৰু শিশুৰ মংগলৰ বাবে ব্যৱস্থা কৰা ইত্যাদি
  • গান্ধীবাদী নীতি:- পঞ্চায়তীৰাজ ব্যৱস্থা কৰা, কুটীৰ শিল্পৰ সম্প্ৰসাৰণ,বনজ সম্পদ সংৰক্ষণ,গো-পালন ইত্যাদি
  • আন্তঃৰাষ্ট্ৰীয় নীতি:- আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰা ইত্যাদি
  • অন্যান্য:- ঐতিহাসিক তাৎপৰ্যপূৰ্ণ ঠাইবোৰ সংৰক্ষণৰ ব্যৱস্থা কৰা ইত্যাদি

Post a Comment

0 Comments