ব্লাড বেংক এটা কেনেকৈ চলে? How blood bank works? [in Assamese]

লেখাটো অলপ গুৰুত্বপূৰ্ণ।  অলপ গুৰুত্ব সহকাৰে পঢ়িব। ফেচবুক, হোৱাটচএপ আদি চছিয়েল মিডিয়াত প্ৰায়ে কিছুমান বাৰ্তা শ্বেয়াৰ হৈ থাকে যে অমূকক অমূক হস্পিতালত জৰুৰীকালীন ভাৱে ২ ইউনিট O+ তেজৰ প্ৰয়োজন। বাৰ্তাটো ইমান জৰুৰীকালীন যে ৰোগী হস্পিতালত মৃত্যুৰ সৈতে যুঁজি আছে আৰু ইয়াত ঘৰৰ মানুহে ৰক্ত যোগাৰ হোৱাৰ দূৰৰ কথা ৰক্তদান কৰাৰ মানুহ বিচাৰি আছে।

How blood banks works [in Assamese Language]


How blood banks works [in Assamese Language]

ব্লাড বেংক আৰু ব্লাড ট্ৰেন্সফিউজন (Blood Transfusion) বিভাগটো আচলতে হিন্দী চিনেমাত দেখুৱাৰ দৰে বিভাগ নহয় যে এজনে ইফালে তেজ দি আছে আৰু তেজৰ প্ৰয়োজন হোৱা ৰোগীজনে সিফালে শৰীৰত তেজ লৈ আছে। এই ব্লাড ট্ৰেন্সফিউজন প্ৰক্ৰিয়াটো এটা দীঘল প্ৰক্ৰিয়া। এই বিভাগটো কেনেকৈ পৰিচালিত হয় আমি জনা উচিত। জৰুৰীকালীন অৱস্থাত আপুনি ৰক্তদান কৰাৰ লগে লগেই সেইখিনি তেজ লগে লগে ৰোগীৰ শৰীৰত দি দিব নোৱাৰে। এতিয়া প্ৰশ্ন হয় কিয় নোৱাৰে!


সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক


কোনজন ব্যক্তিয়ে ৰক্তদান কৰিব পাৰিব?

এজন সুস্থ ব্যক্তিয়ে ৰক্তদান কৰিবলৈ গ'লে তেওঁৰ ওজন, বয়স, হিমগ্লবিন, ব্লাড প্ৰেচাৰ, পালছ, কিবা মাৰাত্মক অসুখ আছে নেকি, আগতে তেওঁৰ অস্ত্ৰোপচাৰ হৈছে নেকি, হৈছে যদি কেতিয়া আৰু কি অস্ত্ৰোপচাৰ হৈছে, ২৪ ঘণ্টাৰ ভিতৰত সুৰা সেৱন কৰিছে নেকি, ৰক্তদান কৰাৰ আগত ভালকৈ খাদ্য খাই আহিছেনে নাই আদি পৰীক্ষা কৰিহে তেওঁৰ ৰক্ত লোৱা হয়। 


ব্লাড বেংকত ৰক্তখিনি লোৱাৰ পাছত সেই ৰক্তৰ ৫ টা টেষ্ট কৰা হয় সেইকেইটা হৈছে-

  1. HIV (Human Immunodeficiency Virus)
  2. Anti HCV (Hepatitis C Virus)
  3. HBsAg ((Hepatitis B surface antigen)
  4. Malaria আৰু
  5. VDRL


এই ৫ টা টেষ্টৰ ৰিজাল্ট নিগেটিভ আহিলেহে তেজখিনি ব্লাড বেংকে গ্ৰহণ কৰে, তাৰে এটাও যদি পজিটিভ আহে তেতিয়া সেইখিনি তেজ নষ্ট কৰি পেলোৱা হয়।


ৰক্তদাতায়ে দান দিয়া গোটেইখিনি তেজক একেলগে Whole Blood (WB) বুলি কোৱা হয়। Whole Blood খুব কমেই ৰোগীক দিয়া হয়। এই Whole Blood ক ব্লাড বেংকত তিনিটা ভাগত ভগাই পেলোৱা হয়। 


  • PRBC (Packed Red Blood Cells)
  • FFP (Fresh Frozen Plasma) আৰু
  • RDP (Random Doner Platelets)।


একেখিনি তেজৰ এই তিনিটা ভাগৰে আয়ুস বেলেগ বেলেগ। PRBC ৰ আয়ুস ৪২ দিন, FFP ৰ অৰ্থাৎ প্লাজমাৰ ১ বছৰ আৰু RDP ৰ অৰ্থাৎ প্লেটিলেটছৰ মাত্ৰ ৫ দিন। আয়ুস উকলি যোৱাৰ লগে লগে তেজৰ এই তিনিওটা ভাগ ৰোগীক দিয়া নহয় নষ্ট কৰি পেলোৱা হয়।


Whole Blood ক এই তিনিওটা ভাগলৈ সলনি কৰিবলৈ কেইবা ঘণ্টাৰো সময় প্ৰয়োজন হয়।

লগতে দান কৰা তেজখিনিৰ Blood Group কি সেইটোও আকৌ পৰীক্ষা কৰা হয়।


আপুনি ৰক্তদান কৰাৰ লগে লগেই সেইখিনি তেজ ৰোগীয়ে পাই নে!

এতিয়া ধৰা হওঁক হৰেনৰ অসুখ হস্পিতালত চিকিৎসাধীন হৈ আছে আৰু জৰুৰীকালীন ভাৱে ডক্টৰে ক'লে ২ ইউনিট (2 PRBC) A+ve তেজৰ প্ৰয়োজন। হৰেনৰ ব্লাড গ্ৰুপ A+ve.  হৰেনৰ বন্ধু যদু আৰু মধু আহিল ৰক্তদান কৰিবলৈ। তেওঁলোকৰ দুয়োৰে A+ve ব্লাড গ্ৰুপ। তেওঁলোকে দুয়োয়ে সফলতাৰে হৰেনৰ বাবে ৰক্তদান কৰি গ'ল।


এতিয়া কথা হ'ল হৰেনৰ বাবে তেজ দিলেই যেতিয়া সেই ২ ইউনিট তেজ চিধা হৰেনৰ শৰীৰত প্ৰবাহিত কৰি দিবনে?


নিদিয়ে। কোনো কাৰণতে তেনেকৈ প্ৰবাহিত কৰিব নোৱাৰে। সেই ২ ইউনিট Whole Blood ক প্ৰথমে মই ওপৰত কোৱা ৫ টা টেষ্ট কৰিব। তাৰ পাছত যিহেতু হৰেনক 2 PRBC A+ve হে লাগে Whole Blood বা FFP, RDP নালাগে সেইবাবে সেই Whole Blood ক PRBC, FFP আৰু RDP ত ভাগ কৰিব। তাৰ পিছতহে হৰেনৰ বাবে 2 PRBC A+ve তেজ সাজু হ'ল।


এতিয়া হৰেন আৰু হৰেনৰ পৰিয়াল চিন্তামুক্ত হ'লনে? এতিয়া পাৰিব নে সেই 2 PRBC A+ve হৰেনৰ শৰীৰত প্ৰবাহিত কৰিব?

নোৱাৰে, হয় এতিয়াও নোৱাৰে। এতিয়াও সম্পূৰ্ণ হোৱা নাই প্ৰক্ৰিয়া।


হৰেনৰ শৰীৰত 2 PRBC A+ve প্ৰবাহিত কৰাৰ আগতেই ব্লাড বেংকত ৰক্তদাতা (Doner) আৰু ৰক্ত গ্ৰহণ কৰোঁতা (Recipient) অৰ্থাৎ যদু-মধুৰ তেজৰ নমুনা (Sample) আৰু হৰেনৰ তেজৰ নমুনাৰ তেজ মিলেনে নাই, কিবা প্ৰতিক্ৰিয়া হৈছে নেকি তাৰ পৰীক্ষা কৰা হয়। যাক Cross match বুলি কোৱা হয়।


ৰক্তদাতা (Doner) আৰু ৰক্ত গ্ৰহণ কৰোঁতা  (Recipient) দুয়োৰে তেজৰ নমুনাৰ মাজত যদি Reaction হোৱা নাই তেতিয়াহে সেই তেজ ৰক্ত গ্ৰহণ কৰোঁতা (Recipient) অৰ্থাৎ হৰেনৰ শৰীৰত প্ৰবাহিত কৰিব পৰা যাব। যদি Reaction হৈছে তেতিয়া সেই তেজ প্ৰবাহিত কৰিব নোৱাৰিব, আকৌ বেলেগ তেজ বিচাৰিব লাগিব।


প্ৰকৃততে ব্লাড বেংক আৰু ব্লাড ট্ৰেন্সফিউজন (Blood Transfusion) বিভাগটো এনেকুৱাহে হিন্দী চিনেমাত দেখুৱাৰ দৰে নহয়। আপুনি ইফালে ৰক্তদান কৰিছে আৰু সিফালে ৰোগীক সেই তেজ দি দিব নোৱাৰে।


প্ৰায়বোৰ ব্লাড বেংকত তেওঁলোকে আগতীয়াকৈ সকলো গ্ৰুপৰ তেজ সকলো পৰীক্ষা কৰি জমা কৰি থয় সেইবাবে জৰুৰীকালীন অৱস্থাত ৰক্তদান কৰি হোৱাৰ লগে লগে আগৰ জমা সেই তেজ ৰোগীজনৰ তেজৰ লগত Cross match কৰি জৰুৰীকালীন ভাবে ৰোগীজনক প্ৰবাহিত কৰিবলৈ দি দিয়ে। আৰু নতুনকৈ লোৱা তেজখিনি পৰীক্ষা আদি কৰিবলৈ জমা লৈ লয়। এনেকৈ ব্লাড বেংকত তেজৰ Replacement হৈ থাকে। এই Replacement হৈ নাথাকিলে জৰুৰীকালীন অৱস্থাত ৰোগীক বচোৱা অসম্ভৱ হৈ পৰিব লগতে ব্লাড বেংক খালী হৈ যাব।


কিন্তু সকলো ব্লাড বেংকত সকলো সময়ত তেজ জমা নাথাকিব পাৰে, তেতিয়া তেওঁলোকে ৰক্ত দাতাৰ পৰা তেজ লৈ ওপৰত উল্লেখ কৰা সকলো প্ৰক্ৰিয়া আৰু পৰীক্ষা কৰিহে তেজ ৰোগীক দিব পাৰিব। সেইবাবে কেতিয়াও ব্লাড বেংকৰ ওপৰত নিৰ্ভৰ কৰি থকা উচিত নহয় জৰুৰীকালীন অৱস্থাত।


পজিটিভ ব্লাড গ্রুপৰ তুলনাতকৈ নিগেটিভ ব্লাড গ্রুপৰ মানুহ বহুত কম। দৰকাৰ হ'লে নিগেটিভ ব্লাড গ্ৰুপৰ মানুহ বিচাৰি পোৱা বহু ক্ষেত্ৰত কঠিন হৈ পৰে।


জৰুৰীকালীন অৱস্থাৰ পৰা বাচিবলৈ এতিয়া আপোনাৰ কৰণীয় কি?

আপুনি নিজৰ লগতে আপোনাৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰ ব্লাড গ্রুপ কি সেইটো জনা দৰকাৰ। এই তথ্য এখন সকলোৱে জনা দেখা ঠাইত সেই কথা লিখি ৰাখক।

আৰু প্ৰত্যেকজন সদস্যৰ বাবে তেওঁৰ সৈতে একই ব্লাড গ্ৰুপৰ আন দুজন ব্যক্তিক আগতীয়াকৈ চিনাক্ত কৰি থওঁক। চিনাক্ত কৰা ব্যক্তিদুজনৰ ঠিকনা, যোগাযোগ নম্বৰ লগত লিখি ৰাখিব।

এই গোটেইবোৰ তথ্য অকল আপুনি অকলে জানিলে নহ'ব কাইলৈ ভগৱানে নকৰক আপুনি যদি নিজে চিকিৎসাধীন হ'লে সেই তথ্য হেৰাই যাব। 

সেইবাবে এই তথ্যৰ কথা পৰিয়ালৰ সকলোকে জনাই থব।


জৰুৰীকালীন অৱস্থাত যদি আপোনাৰ পৰিয়ালৰ কাৰোবাৰ তেজৰ প্ৰয়োজন হয় তেন্তে ফেচবুক, হোৱাটচএপ পোষ্ট দি মানুহ বিচাৰি থাকিব নালাগে তেতিয়া। চিধা তেওঁৰ নামৰ সন্মুখত থকা মানুহ দুজনক যোগাযোগ কৰক আৰু হস্পিতাল লৈ যাওঁক তেজ দিবলৈ।


জৰুৰী নহয় যে জৰুৰীকালীন অৱস্থাতহে তেজৰ প্ৰয়োজন। বৰ্তমান যিকোনো পৰিকল্পিত অস্ত্ৰোপচাৰ, হস্পিতালত হোৱা প্ৰসৱ আদিত চিকিৎসকে তেজ বিচাৰিবয়ে তাৰ বাবে সদায় সাজু হৈ থাকিব।


কথাতে কয় বোলে "সাৱধানৰ মৰণ নাই।"


ৰক্তদান কৰিলে কিবা সমস্যা হয় নেকি?

ৰক্তদান কৰিলে শৰীৰত কোনো ধৰণৰ সমস্যা নহয় বা শৰীৰত তেজ কমি নাযায়। বৰঞ্চ ৰক্তদান কৰাৰ পাছত ২৪ ঘন্টাৰ ভিতৰত শৰীৰে নতুন আৰু সতেজ তেজ (RBC) নিজে বনাই লয়। ৰক্তদান কৰাৰ পাছত একো বিশেষ খাদ্য খোৱাৰ প্ৰয়োজন নাই। ফলৰ ৰস যদি ফলৰ ৰস নাই পৰ্যাপ্ত পানী আৰু আৰু সদায় খোৱা খাদ্য খালেই হ'ল। খালী ৰক্তদান কৰাৰ পাছত দুই-তিনি কঠিন শাৰীৰিক পৰিশ্ৰম, দৌৰা, ব্যায়াম, দূৰলৈ গাড়ী চলোৱা আদি কাম কৰিব নালাগে। লগতে সেই দুদিনমান মদ্যপান, ধঁপাত আদি সেৱন কৰিব নালাগে।

কোৱা হয় দুটা বস্তু দান কৰিলে কেতিয়াও নকমে। সদায় বাঢ়েহে।

সেইটো দুটা হ'ল 'জ্ঞান' আৰু 'ৰক্ত'।


ব্লাড বেংক কেনেকৈ খোলা হয়?

লগতে জনাই থওঁ সকলো হস্পিতাল বা নাৰ্ছিং হোমে মন গ'লেই ব্লাড বেংক খুলি লব নোৱাৰে। গাড়ী-মটৰ যেনেকৈ লাইচেন্স নহ'লে চলাব নোৱাৰি তেনেকৈ ব্লাড বেংকো লাইচেন্স নহ'লে চলাব নোৱাৰি। ব্লাড বেংকক লাইচেন্স অৰ্থাৎ অনুমতি পত্ৰ দিয়ে FDA (Food and Drug Administration) য়ে। FDA ৰ কিছুমান নীতি-নিৰ্দেশনা আছে সেইবোৰ পালন কৰিব পাৰিলেহে ব্লাড বেংক খোলাৰ লাইচেন্স অৰ্থাৎ অনুমতি পত্ৰ দিয়া হয়। লাইচেন্সৰ ম্যাদ উকলি গ'লে আকৌ আবেদন কৰিব লাগে। আকৌ লাইচেন্স দিয়াৰ আগত তেওঁলোকে নিজে আহি সকলো নিৰীক্ষণ কৰি ঠিক-থাক পালেহে পুনৰ লাইচেন্স দিয়ে।


(অনুমতি অবিহনে শ্বেয়াৰ কৰিব পাৰে)

- লক্ষ্য জ্যোতি নাথ

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।