টকা-পইচাৰ আৱিষ্কাৰ আৰু শ্বেয়াৰ বজাৰ প্ৰচলন: Share Market in Assamese

আপুনি জানেনে বিশ্বত টকা-পইচা কেনেকৈ আৱিষ্কাৰ হ'ল? বৰ্তমান সময়ত বিশ্বত কিমান ধন মজুত আছে? পৃথিৱীত আটাইতকৈ ধনী ব্যক্তিজন কোন আছিল ? শ্বেয়াৰ বজাৰ (Share Market in Assamese) কেতিয়া আৰু ক'ৰ পৰা আৰম্ভ হৈছিল? এই সকলোবোৰ তথ্য আজি আমি জানো আহক-

Share Market in Assamese Language


বিশ্বত টকা-পইচা কেনেকৈ আবিষ্কাৰ হ'ল?

বৰ্তমান সময়ত বিশ্বত ৮% পইচাহে ভৌতিক অৰ্থাৎ বাস্তবিক ৰূপে আদান প্ৰদান কৰা হয় কিয়নো বৰ্তমান সময়ত প্ৰায় সমূহ পইচা ডিজিটেল ৰূপত আদান প্ৰদান কৰা হয় যেনে এটিএম, নেট বেংকিং আদি দ্বাৰা লেনদেন কৰা হয়।


বৰ্তমান সময়ত বিশ্বত কিমান ধন মজুত আছে?

বৰ্তমান সময়ত বিশ্বত সৰ্বমুঠ money $80 ট্ৰিলিয়ন ডলাৰ আছে আৰু ইয়াৰ লগত যদি সোণ, ৰূপ, সম্পত্তি আদি যোগ কৰা হয় তেতিয়া পৃথিৱীত সৰ্বমুঠ $317 ট্ৰিলিয়ন ডলাৰ হ'ব। কিন্তু এই সমূহৰ ৮% হে বাস্তৱিক লেনদেন হয়।


বিশ্বৰ আটাইতকৈ পুৰণি মুদ্ৰা

বিশ্বৰ আটাইতকৈ পুৰণি মুদ্ৰা হৈছে ব্ৰিটিছ পাউণ্ড যিটো বৰ্তমানেও ব্যৱহাৰ হৈ আছে, এই ব্ৰিটিছ পাউণ্ড প্ৰায় ১২০০ বছৰ পুৰণি । আপোনালোকে নিশ্চয় জানে যে উন্নত মানৱ ইতিহাসৰ আৰম্ভণিতে বিনিময় প্ৰথা প্ৰচলিত আছিল। যেনে এজনে কিবা এটা দিয়াৰ বাবদ আনজনে অন্য কিবা এটা দিছিল তেনেদৰে।

ইয়াৰ পাছত সোণ ৰূপৰ ধাতুৰ প্ৰচলন হয়, ইয়াৰ পাছত এই সমূহ মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হয়, কিন্তু সেই সময়ত এই ধাতুৰ মুদ্ৰা সমূহ এঠাই পৰা অন্য ঠাইলৈ লৈ ফুৰিব অসুবিধা হৈছিল সেইবাবে পাছত কাগজৰ মুদ্ৰা প্ৰচলন আৰম্ভ হয়। কাগজৰ মুদ্ৰা প্ৰথমে ৭ শতিকাত চীনৰ টাঙ্গ ৰাজবংশৰ পৰা আৰম্ভ হয় ।ভাৰতত প্ৰথমে মৌৰ্য সাম্ৰাজ্য সময়ৰ পৰা সোণ, ৰূপ, তাম, চিচাৰ মোহৰ সমূহ মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিছিল, সেই সময়ত ৰূপৰ মোহৰ ৰূপ্যৰূপ, সোণৰ মোহৰ সুৱৰ্ণৰূপ আৰু সীহৰ মোহৰ সীহৰূপ বুলি কোৱা হৈছিল। ৫ শতিকাত এইসমূহক পূৰণ বা পাণ বুলি কোৱা হৈছিল। ১৫৪০-১৫৪৫ পৰা ৰূপৰ মুদ্ৰাসমূহক ৰূপিয়া হিচাপে প্ৰচলন কৰিছিল।


পৃথিৱীৰ ইতিহাসত আটাইতকৈ ধনী মানুহ কোন?

আমাৰ এই পৃথিৱীত হাজাৰ বছৰ পূৰ্ব ইতিহাসৰ পৰা কিছুমান লোক ধনী আৰু কিছুমান লোক দুখীয়া হৈ চলি আহিছে , কিন্তু আপুনি জানেনে এই পৃথিৱীৰ ইতিহাসত আটাইতকৈ ধনী মানুহ কোন হ'ব পাৰে? হয় তেওঁ হৈছে  "Mansa Musa" এই মানচা মুচা হৈছে পৃথিৱীৰ ইতিহাসৰ আটাইতকৈ ধনী ব্যক্তি তেওঁ আছিল ১৩ শতিকাৰ আফ্ৰিকাৰ সম্ৰাজ্যৰ ৰজা।
Mansa Musa পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি টকা সম্পত্তি থকা ব্যক্তি, কিন্তু কেনেকৈ তেওঁ ইমান ধনী হ'বলৈ পালে?
ধৰি লওক বৰ্তমান সময়ত বিল গেটসে মাইক্ৰচফ্ট পৰা পৃথিৱীৰ ধনী ব্যক্তি হ'ব পাৰিছে, যেনেদৰে জেফ বেজোসে এমাজন ই কমাৰ্চ দ্বাৰা পৃথিৱীৰ ধনী ব্যক্তি হ'ব পাৰিছে ঠিক তেনেদৰে সেই সময়ত এই Mansa Musa ৰ সোণ আৰু লোণ (নিমখৰ) ব্যৱসায় আছিল।
বৰ্তমান সময়ত পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি বিল গেটসৰ টকা সম্পত্তি ৯৬.৫ বিলিয়ন আছে আৰু জেফ বেজোসৰ ১৩১ বিলিয়ন সম্পত্তি আছে কিন্তু ১৩ শতিকাতে Mansa Musa ৰ ৪০০ বিলিয়ন সম্পত্তি আছিল বৰ্তমানে তেওঁৰ সম্পত্তি তুলনাত কোনো নাই ।


শ্বেয়াৰ বজাৰ কেতিয়া আৰু ক'ৰ পৰা আৰম্ভ হৈছিল? [Share Market in Assamese]

আৰু এটা কথা আপোনালোকে জানেনে ২০০২ চনৰ পৰা নেডাৰলেণ্ড পইচাত হিন্দু ভগৱান "ৰামৰ" ছবি ছপা কৰি আহিছে আৰু ১৬ শতিকাৰ পৰা এই নেডাৰলেণ্ডৰ পৰাই বিশ্বত প্ৰথম শ্বেয়াৰ বজাৰ আৰম্ভ হয় আৰু বৰ্তমান সময় প্ৰতিখন দেশতে শ্বেয়াৰ বজাৰ প্ৰচলন আছে বুলি ক'ব পাৰি।


Information source: 
https://www.facebook.com/100003790861231/posts/1599199480216399/

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।