ভাৰতৰ টকাত মহাত্মা গান্ধীৰ ছবি কেনেকৈ সন্নিবিষ্ট হ'বলৈ পালে?

ভাৰতীয় টকা সমূহত থকা মহাত্মা গান্ধীৰ ছবি কেতিয়া ক'ত তোলা হৈছিল আৰু এই ছবিখন প্ৰথম কোন চনত কিয় ছপা কৰিছিল ?

আজি আমি এই সম্পৰ্কে জানো আহক :-


ভাৰতৰ টকাত মহাত্মা গান্ধীৰ ছবি কেনেকৈ সন্নিবিষ্ট হ'বলৈ পালে?


কিছুবছৰৰ পৰা ভাৰতীয় টকা সমূহ বহুতো সলনি হ'ল বা পৰিৱৰ্তন ঘটিল, কিন্তু সলনি হোৱা নাই গান্ধীৰ ছবি। ১৯৩৫ পৰা ১৯৫৯ চনৰ লৈকে ভাৰতীয় নোটত "king george" ছবি আছিল। ইয়াৰ পিছত ১৯৫৯ পৰা ১৯৬৯ লৈ ভাৰতৰ নোটসমূহত অশোকস্তম্ভ আছিল। পোনপ্ৰথমবাৰ ভাৰতীয় টকাত গান্ধীৰ ছবি ১৯৬৯ চনত ছপোৱা হৈছিল উক্ত বছৰটো গান্ধীজীৰ জন্ম জয়ন্তীত উপলক্ষে। সেই সময়ত ভাৰতীয় ৫ টকীয়া আৰু ১০ টকীয়া নোটত গান্ধীজীৰ ছবি ছপোৱা হৈছিল। যিটো বছৰত ভাৰতীয় নোটত গান্ধীজীৰ ছবি ছপোৱা হৈছিল সেই সময়ত ভাৰতীয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আছিল আৰু  L. K. Jha আছিল ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ ।

Assamese GK


গান্ধীজীৰ এই ছবিখন ১৯৪৬ চনত লোৱা হৈছিল যেতিয়া ব্ৰমা ( মিয়ানমাৰ ) আৰু ভাৰতৰ ব্ৰিটিছ চেক্ৰেটেৰী ৰূপে "Pethick-Lawrence" আছিল আৰু ফটোকপি সংগ্ৰহ কৰা স্থান আছিল পূৰ্বৰ "Viceroy House" বৰ্তমান ৰাষ্ট্ৰপতি ভৱন হিচাপে জনা যায় ,সেই স্থানে মহাত্মা গান্ধী আৰু "Pethick-Lawrence" দুয়ো একেলগে আছিল ।


মহাত্মা গান্ধীৰ এই ছবিখন স্থায়ীভাৱে ১৯৯৬ চনৰ পৰা ভাৰতীয় নোট সমূহত RBI দ্বাৰা ছপা কৰিব ললে আৰু সেই তেতিয়াৰ পৰা বৰ্তমানলৈকে আমি নোট সমূহত মহাত্মা গান্ধীৰ সেই একেখন ফটোকে দেখি আহিছোঁ ।


৫০০+ অসমীয়া কিতাপৰ PDF DOWNLOAD >> Click here


গান্ধীজীৰ ছবিৰ নোটসমূহত ছপোৱা বাবে ১৯৯৫ চনৰ ১৩ জুলাই তাৰিখে "ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই" ভাৰত চৰকাৰৰ পৰা অনুমতি বিচাৰিছিল ।

আৰু ১৯৯৬ চনৰ পৰা RBI দ্বাৰা ভাৰতীয় মুদ্ৰা সমূহ নোটলৈ পৰিৱৰ্তন কৰিছিল আৰু  আগতে থকা অশোক স্তম্ভৰ ঠাইত মহাত্মা গান্ধীৰ ছবি স্থায়ীভাৱে ছপা কৰিব ললে ।


তথ্য সংগ্ৰহ: https://www.facebook.com/100003790861231/posts/1606180666184947


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।