এলিয়েন (ALIENS) মানে কি আৰু এলিয়েন সঁচাকৈ আছেনে ?

এলিয়েন (ALIENS) মানে কি আৰু এলিয়েন সঁচাকৈ আছেনে ?

ALIENS অৰ্থ হৈছে Life in another word অৰ্থাৎ পৃথিৱীৰ বাহিৰ পৰগ্ৰহী যিকোনো প্ৰাণীকে এলিয়েন বুলি কোৱা হয়।
কিন্তু বৰ্তমান সময়ত প্ৰায় সংখ্যক মানুহে এলিয়েন বুলি ক'লে কেৱল মানুহৰ দৰে চলন ফুৰণ কৰা, মানুহৰ দৰে চকু,কাম,নাক,হাত,ভৰি 👽 থকা প্ৰাণীকে এলিয়েন বুলি ধাৰণা কৰে, কিন্তু দৰাচলতে তেনে নহয়।

এনে কোনো কথা নাই যে প্ৰাণীটো মানুহৰ দৰে হ'লেহে এলিয়েন হ'ব, অন্য গ্ৰহৰ পৰা পৃথিৱীলৈ লাগিলে এটা পৰুৱাই আহক বা এটা হাতীয়েই আহক সিও এলিয়েনেই হ'ব। কিন্তু এলিয়েন বুলিলে আমি ইন্টাৰনেট, টিভি আদিত দেখোৱা 👽 👈 এইটো দৃশ্য দৰে মনলৈ আহে, নহয়নে? কিন্তু এটা কথা দেখাত 👽 এনেকুৱাও যে নহ'ব পাৰে তাকো দাবী কৰিব নোৱাৰি হয়তো এনেকুৱাও হ'ব পাৰে।

Gk in Assamese Language


পৃথিৱীত বহুজন ব্যক্তিয়ে দাবী কৰে যে তেওঁলোকে এলিয়েন দেখিছে কিন্তু ইয়াৰ বিজ্ঞানসন্মত ভাবে কোনোধৰণৰ প্ৰমাণ নাই আৰু তাৰ বাবেই কোনেও প্ৰমাণ কৰিব পৰা নাই যে এলিয়েন প্ৰকৃততে দেখাত এনেকুৱা হয় বা হ'ব পাৰে।

যদি এলিয়েন দেখাত মানুহৰ দৰে হয় তেন্তে এলিয়েন থকা বহিগ্ৰহৰ পৰিবেশ বাতাবৰণো (environmental) আমাৰ পৃথিৱীৰ দৰে হ'ব লাগিব।

পৃথিৱীৰ বিখ্যাত বিজ্ঞান সংস্থা NASA কে ধৰি বিভিন্ন সময়ত বিভিন্নজন বিজ্ঞানীকে ধাৰণা কৰি আহিছে যে ব্ৰহ্মাণ্ডত পৃথিৱীৰ দৰে অন্য গ্ৰহও আছে য'ত পৰিবেশ বাতাবৰণ আমাৰ পৃথিৱীৰ দৰে আৰু তাত পৃথিৱীৰ দৰে জীৱ-জন্তুৱে বসবাস কৰে।
ব্ৰহ্মাণ্ডৰ অন্য গ্ৰহত কেনেদৰে জীৱ থকা সম্ভৱ হ'ব পাৰে তাক জানিবলৈ প্ৰথমে আমি আমাৰ পৃথিৱীৰ প্ৰথম জীৱ সৃষ্টিৰ বিষয়ে জানিব লাগিব।

প্ৰকৃতাৰ্থত ব্ৰহ্মাণ্ডত বা পৃথিৱীত জীৱ কেনেকৈ সৃষ্টি হৈছিল ইয়াক আজি পৰ্যন্ত বিজ্ঞানে ১০০% প্ৰমাণ কৰিব পৰা নাই। কিন্তু বহুজন বিজ্ঞানীকে বিভিন্ন তত্ব দাঙি ধৰিছে, তাৰে ভিতৰত কিছুমান গুৰুত্বপূৰ্ণ তত্ব হ'ল যে, প্ৰথমে জীৱ সৃষ্টি পৃথিৱীতে হৈছিল। পৃথিৱী সৃষ্টি  হোৱাৰ পাছত কেমিকেল  এমিন'এচিদ আছিল আৰু এই এমিন'এচিদ মৌলিকুল NH2+COOH আৰু পানীৰ মৌল H2O মাজত বহু লাখ বছৰ ধৰি ঘৰ্ষণ সৃষ্টি হৈছিল যিহেতু জীৱ উত্তপতি হ'বলৈ মিশ্ৰণ (combination) প্ৰয়োজন এনেদৰে হোৱাৰ পাছত এদিন দিন এটা সময়ত কিবা কাৰণত অগতানুগতিক (coincidence) ভাবে এক জীৱন্ত মৌল সৃষ্টি হয়। এনেদৰে পৃথিৱীত জীৱ সৃষ্টি হৈছিল বুলি এক তত্ব দ্বাৰা ধাৰণা কৰা হয়। অবশ্যে এই তত্ব সমূহ বিতংকৈ বুজাব গ'লে আৰু বহু দীঘল হ'ব প্ৰয়োজন হ'ল মই অন্য এটা লিখনিত জীৱ সৃষ্টি সম্পৰ্কে বুজায় লিখিম কিন্তু এই পষ্টোত আচলতে মই আপোনালোকক এলিয়েন তত্ব কথাহে ক'ব গৈ আছোঁ তাৰ বাবে জীৱ সৃষ্টি তত্ব বিষয়ে বিশেষ বহলাই লিখা নাই।

পৃথিৱীত জীৱ সৃষ্টিৰ আন এক তত্ত্ব হৈছে PANSPERMIA : এই তত্ব অনুসৰি ক'ব বিছাৰে যে, প্ৰথম জীৱ সৃষ্টি অন্য গ্ৰহত হৈছিল। পৃথিৱীৰ বাহিৰ অন্য গ্ৰহৰ পৰা উল্কাপিণ্ড, ধুমকেতু (asteroids, planetoids, comet) সমূহ পৃথিৱীত আহি পৰেহি আৰু এই উল্কাপিণ্ড বা ধুমকেতু সমূহ লগত (চিঙ্গল চেল সুক্ষ্ম জীৱ) সৰু সৰু অণু জীৱাণু লাগি আহিছিল আৰু ইয়াৰ পৰাই পৃথিৱীত জীৱ সৃষ্টি হয় বুলি কিছুমান বিজ্ঞানীকে ধাৰণা কৰে। যদি সঁচাকৈ এনেদৰেই জীৱ সৃষ্টি হৈছিল তেন্তে এই উল্কাপিণ্ড, ধুমকেতু সমূহতো অন্যান্য গ্ৰহতো প্ৰবেশ কৰে তেন্তে পৃথিৱীৰ দৰে অন্য গ্ৰহতো এনেদৰে জীৱ সৃষ্টি হ'ব পাৰে । হয়তো পৃথিৱীৰ দৰে ব্ৰহ্মাণ্ডত অন্য কোনোবা নহয় কোনোবা গ্ৰহতো পৃথিৱীৰ দৰে জীৱ থাকিব পাৰে।


যদি অন্য গ্ৰহত থকা এলিয়েন বা জীৱবোৰ পৃথিৱীত থকা জীৱশ্ৰেষ্ঠ মানুহতকৈ ও যদি বেছি জ্ঞানী বুদ্ধিমান হয়, তেতিয়া কি হ'ব ?


এবাৰ বিজ্ঞানী সকলে এইবিষয়ে ষ্টিফেন হকিং লগত আলোচনা কৰিছিল আৰু তেওঁলোকে কৈছিল যে পৃথিৱীৰ বাহিৰ বহু আলোকবৰ্ষ দূৰলৈ ৰেডিঅ' চিগনেল প্ৰেৰণ কৰা হ'ব যদি ব্ৰহ্মাণ্ডত আমাতকৈ বুদ্ধিমান জীৱ আছে তেন্তে সেই জীৱই আমাৰ চিগনেল লাভ কৰিব আৰু পৃথিৱীৰ সন্ধানত আহিব কিন্তু ষ্টিফেন হকিং এ এই ক্ষেত্ৰত মানা কৰিছিল তেওঁ কৈছিল যে, যদি পৃথিৱীৰ মানুহতকৈ সিহঁত বেছি জ্ঞানী বুদ্ধিমান হয় তেন্তে সিহঁতৰ ওচৰত পৃথিৱীৰ মানুহত কৈ অধিক শক্তিশালী বিজ্ঞান প্ৰযুক্তিবিদ্যা আধুনিক উন্নত অস্ত্ৰ-শস্ত্ৰ থাকিব পাৰে আৰু যদি সিহঁতবোৰ আহি মানুহৰ ওপৰত আক্ৰমণ কৰা আৰম্ভ কৰে তেতিয়া পৃথিৱীৰ মানুহবোৰ ক'ত যাব ? এনেবোৰ কাৰণে ষ্টিফেন হকিং এ সিদ্ধান্ত মানি লোৱা নাছিল। কিন্তু তথাপিও বিজ্ঞানী সকলে বৰ্তমানেও এলিয়েনৰ অনুসন্ধানৰ গবেষণা কাম কৰি আছে। যদি এলিয়েন কোনো অস্তিত্ব নথকা হ'লে বিজ্ঞানী সকলে ১৯৭৭ চনত voyager 1 লগত পৃথিৱীৰ অস্তিত্ব সম্পৰ্কে DVD ডিচ , পৃথিৱীৰ ইতিহাস প্ৰসিদ্ধ লিখা কিতাপ, আমেৰিকাৰ ৰাষ্ট্ৰপতি তেপ-ৰেকৰ্ড আদি প্ৰেৰণ নকৰিলে হয়। চীনেও বিশ্বৰ আটাইতকৈ ডাঙৰ "China Sky Eye" টেলিস্কোপ দ্বাৰা বহিগ্ৰহ চিগনেল অনুসন্ধান কৰি আহিছে।

গতিকে বিজ্ঞানী সকলেও এই বিষয়ে গৱেষণা কৰি আছে যে, পৃথিৱীৰ দৰে ব্ৰহ্মাণ্ডৰ অন্য কোনোবা নহয় কোনোবা গ্ৰহত হয়তো জীৱ থাকিব পাৰে। আৰু বহুজনে অন্য গ্ৰহৰ প্ৰাণী পৃথিৱীলৈ আহি থাকে বুলিও কিছুমান UFO, মানুহৰ সদৃশ জীৱ বিভিন্ন ফটো,ভিডিঅ' আদি দ্বাৰা প্ৰমাণ কৰিব বিচাৰে কিন্তু এইবোৰ বৰ্তমান ধাৰণা কৰা দৰে হৈ আছে, বিজ্ঞান ভাবে ১০০% কোনো প্ৰমাণ হোৱা নাই এতিয়ালৈ।


তথ্য সংগ্ৰহ: https://m.facebook.com/story.php?story_fbid=1968193519983658&id=100003790861231

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।