বিভক্তি: Assamese Grammar

 বিভক্তি: Assamese Grammar


অসমীয়াত বিভক্তি দুবিধ-

১) শব্দ বিভক্তি: যিবিলাক প্ৰত্যয় শব্দৰ প্ৰকৃতিত যোগ হৈ বাক্যৰ ভিতৰত তাৰ স্থান নিৰূপণ কৰে তাকে শব্দ বিভক্তি বোলা হয়।

২) ক্ৰিয়া বিভক্তি: যিবোৰ প্ৰত্যয় ক্ৰিয়াত যোগ হৈ তাৰ কাল আৰু পুৰুষ নিৰ্ধাৰণ কৰে তাকে ক্ৰিয়া বিভক্তি বোলা হয়।


১) শব্দ বিভক্তি:

অসমীয়াত শব্দ বিভক্তি সাতবিধ। সেইবোৰ হ’ল প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী আৰু সপ্তমী বিভক্তি।


বিভক্তি যোগ কৰি কাৰক সিদ্ধি কৰা হয়। বিভক্তিৰ পাছত অনুসৰ্গ প্ৰয়োগ কৰিও কাৰক সিদ্ধ কৰা হয়। শব্দ বিভক্তিৰ অনুসৰ্গবোৰ হ’ল-

  • প্ৰথমা- এ, ই
  • দ্বিতীয়া- অক
  • তৃতীয়া- ৰে, দি, দ্বাৰা
  • চতুৰ্থী- লৈ
  • পঞ্চমী- পৰা
  • যষ্ঠী- ৰ
  • সপ্তমী- ত


  1. প্ৰথমা বিভক্তি কৰ্তাকাৰকত যোগ হয়। যেনে- অকণে ভাত খালে।
  2. দ্বিতীয়া বিভক্তি কৰ্মকাৰকত যোগ হয়। যেনে- ৰামে তাক মাতিছে।
  3. তৃতীয়া বিভক্তি কৰণকাৰকত যোগ হয়। যেনে- তৰোৱালেৰে যুদ্ধ কৰে।
  4. চতুৰ্থী বিভক্তি নিমিত্ত অৰ্থত সম্ৰদানকাৰনত যোগ হয়। যেনে- ই স্কুললৈ গ’ল।
  5. পঞ্চমী বিভক্তি অপদানকাৰকত বিভক্তিৰ পৰিৱৰ্তে পৰসৰ্গ যোগ হৈ সিদ্ধ হয়। যেনে- গছৰ পৰা আমটো সৰিল।
  6. ষষ্ঠী বিভক্তি সম্বন্ধবাচক শব্দত যোগ হয়। কাৰকৰ পৰিৱৰ্তে ইয়াত সম্বন্ধ পদহে ব্যৱহাৰ হয়। যেনে- মোৰ ঘৰ।
  7. সপ্তমী বিভক্তি অধিকৰণকাৰকত সিদ্ধ হয়। যেনে- পুখুৰীত মাছ থাকে।


খ) ক্ৰিয়া বিভক্তি:

ধাতুত ক্ৰিয়া বিভক্তি যোগ দিয়া হয়। প্ৰত্যয় যোগ হোৱাৰ পিছত ই কাল আৰু পুৰুষ নিৰ্ধাৰণ কৰে। অসমীয়াত কালবোৰ হ’ল –

নিত্য বৰ্তমান কাল: এই কালৰ প্ৰথম পুৰুষৰ বিভক্তি ও, (তুচ্ছাৰ্থত) অ, (আদৰ অৰ্থত) আ। তৃতীয় পুৰুষত এ হয়।

স্বৰূপ বৰ্তমান কাল: ইয়াত প্ৰথম পুৰুষত ইছো, দ্বিতীয় পুৰুষত ইছ(তুচ্ছাৰ্থত), ইছা(আদৰ অৰ্থত) আৰু তৃতীয় পুৰুষত ইছে ব্যৱহাৰ হয়।

স্বৰূপ ভূত কাল: এই কালত প্ৰথম পুৰুষত ইলো, দ্বিতীয় পুৰুষত ইলি(তুচ্ছাৰ্থত), ইলা(আদৰ অৰ্থত), তৃতীয় পুৰুষত ইলে ব্যৱহাৰ হয়।

অপূৰ্ণ ভূত কাল: ইয়াত যোগ হোৱা বিভক্তিৰ অনুসৰ্গবোৰ এনেধৰণৰ: প্ৰথম পুৰুষ- ইছিলো, দ্বিতীয় পুৰুষ- ইছিলি(তুচ্ছাৰ্থত), ইছিলা (আদৰ অৰ্থত) আৰু তৃতীয় পুৰুষত ইছিল।

সাম্ভাৱ্য ভূত কাল: ইয়াত যোগ হোৱা বিভক্তিবোৰ হ’ল- প্ৰথম পুৰুষত ইলোহেঁতেন, দ্বিতীয় পুৰুষত ইলিহেঁতেন (তুচ্ছাৰ্থত), ইলোহেঁতেন(মান্যাৰ্থত), তৃতীয় পুৰুষত ইলেহেঁতেন।

ভৱিষ্যৎ কাল: ইয়াত যোগ হোৱা বিভক্তিবোৰ এনেধৰণৰ প্ৰথম পুৰুষত ইম, দ্বিতীয় পুৰুষত ইবি(তুচ্ছাৰ্থত), ইবা(মান্যাৰ্থত), তৃতীয় পুৰুষত ইব ব্যৱহাৰ হয়।

ইয়াৰ উপৰি আদেশ বা অনুৰোধ বুজাবলৈ হয়। অনুজ্ঞাৰ পুৰুষ দুটা- দ্বিতী্য পুৰুষ আৰু তৃতীয় পুৰুষ। কালো দুবিধ- নিত্য বৰ্তমান কাল আৰু ভৱিষ্যত কাল। নিত্য বৰ্তমান কালৰ অনুজ্ঞাত দ্বিতীয় পুৰুষত অ(তুচ্ছাৰ্থত), আ(আদৰ অৰ্থত), তৃতীয় পুৰুষত অক আৰু ওক ব্যৱহাৰ হয়। ভৱিষ্যৎ কালৰ অনুজ্ঞাৰ অৰ্থত দ্বিতীয় পুৰুষত ইবি(তুচ্ছাৰ্থত), ইবা(আদৰ অৰ্থত), আৰু তৃতীয় পুৰুষত ইব ব্যৱহাৰ হয়।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।