ণত্ব বিধি আৰু ষত্ব বিধি: Assamese Grammar

ণত্ব বিধি আৰু ষত্ব বিধি: Assamese Grammar


ণত্ব বিধি

যি বিধি মতে দন্ত্য ন-ই মূৰ্ধন্য ণ ৰূপ লয়, তাকে ণত্ব বিধি বোলে।

ণত্ব বিধিৰ প্ৰধান নিয়মবোৰঃ-

১) একেটা পদতে ধকা ঋ আৰু ষ- ৰ পাছত দন্ত্য ন, মূৰ্ধন্য ণ হয়। যেনে- ঋণ, তৃণ, বৰ্ণ, কৰ্ণ, কৃষ্ণ, বিষ্ণু, জীৰ্ণ, বৰষুণ ইত্যাদি।

২) একেটা পদতে ধকা ঋ, ৰ, ষ আৰু ন-ৰ মাজত স্বৰবৰ্ণ, ক-বৰ্গ বা প-বৰ্গৰ কোনো বৰ্ণ বা য, ৱ, হ ব্যৱধান থাকিলেও দন্ত্য ন, মূৰ্ধন্য ণ হয়। যেনে- কৃপণ, ৰাৱণ, ৰুক্মিণী, গ্ৰহণ, পাষাণ, কৰুণ ইত্যাদি।

৩) ট-বৰ্গৰ কোনো বৰ্ণৰ লগত যোগ হ’লে দন্ত্য ন, মূৰ্ধন্য ণ হয়। যেনে- ঘন্টা, কন্টক, পিণ্ড, কণ্ঠ, বিষণ্ণ, দণ্ড ইত্যাদি।

৪) উত্তৰ, দক্ষিণ, চান্দ্ৰ, পৰা, নাৰ, ৰাম আদি শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্য ন, মূৰ্ধন্য ণ হয়। যেনে- উত্তৰায়ণ, চান্দ্ৰায়ণ, পৰায়ণ, নাৰায়ণ, ৰামায়ণ ইত্যাদি।

৫) প্ৰ, পূৰ্ব, অপৰ আদিৰ পিছত থকা অহ্ন শব্দৰ দন্ত্য ন, মূৰ্ধন্য ণ হয়। যেনে- প্ৰাহ্ণ, পূৰ্বাহ্ণ, অপৰাহ্ণ ইত্যাদি।

৬) অক্ষ শব্দৰ পিছত থকা ঊহিনী শব্দৰ দন্ত্য ন আৰু শূৰ্প শব্দৰ পিছত থকা নখ শব্দৰ দন্ত্য ন, মূৰ্ধন্য ণ হয়। যেনে-অক্ষৌহিণী, শূৰ্পণখা।

৭) কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য ণ হয়। যেনে- বাণিজ্য, বণিক, বাণী, বীণা, বেণু, বাণ, কণিকা, কংকণ, অণু, গৌণ, তৃণ, ফণা, নিপুণ, পাণি, কল্যাণ, লৱণ, মণি, মাণিক্য, কোণ, গুণ, চিকুণ, শোণিত, গণ, পণ, চাণক্য, ঘুণ, কণ, পূণ্য ইত্যাদি।


ষত্ব বিধি

যি বিধি মতে দন্ত্য স মূৰ্ধন্য ষ হয়, সেই বিধিকে ষত্ববিধি বোলে।

ষত্ব বিধিৰ প্ৰধান নিয়মবোৰঃ-

১) অ আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰ-ৰ পাছত থকা প্ৰত্যয়ৰ স মূৰ্ধন্য ষ হয়। যেনে- ঋষি, শ্ৰীচৰণেষু, মুমূৰ্ষু, ভৱিষ্য শুশ্ৰূষা।

২) ট-বৰ্গৰ বৰ্ণৰ লগত যুক্ত দন্ত্য স, মূৰ্ধন্য ষ হয়। যেনেঃ- কষ্ট, দুষ্ট, ওষ্ঠ, মিষ্ট ইত্যাদি।

৩) ই-কাৰান্ত আৰু উ-কাৰান্ত উপসৰ্গৰ পাছত ধকা স্হা, সিধ্, সিচ্, লস্, আদি ধাতুৰ দন্ত্য স মূৰ্ধন্য ষ হয়। যেনে ভূমিষ্ঠ, গোষ্ঠ, অংগুষ্ঠ, যুধিষ্ঠৰ।

৪) ভূমি, গো, অংগু শব্দৰ পিছত থকা স্হা শব্দৰ স আৰু যুধি শব্দৰ পিছত থকা স্হিৰ শব্দৰ দন্ত্য স মূৰ্ধন্য ষ হয়। যেনে- ভূমিষ্ঠ, গোষ্ঠ, অংগুষ্ঠ, যুধিষ্ঠিৰ।

৫) সু আৰু বি উপসৰ্গৰ পিছত থকা সম শব্দৰ স মূৰ্ধন্য ষ হয়। যেনে- সুষম, সুষমা, বিষম।

৬) প্ৰত্যয় যোগ হ’লে হবিস্ আৰু চাক্ষুস্ শব্দৰ দন্ত্য স মূৰ্ধন্য ষ হয়। যেনে- হবিষ্য আৰু চাক্ষুষ।

৭) কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য ষ হয়। যেনে- ভাষা, বৰ্ষা, হৰ্ষ, দোষ, বিষাণ, বিষয়, শোষণ, তোষণ, পোষণ, ভূষণ, ৰোষ, ৰোষণ, পুৰুষ, কৃষক, ঔষধ, পুষ্প, ভীষ্ম, বিশেষ, বিশেষ্য, বিশেষণ, কৰ্ষণ, বৰ্ষণ, ঘৰ্ষণ, ষোড়শ, পাষণ্ড, দোষ, বৃষ, তোষ, বিষ, পাষাণ, তৃষা, কলুষ ইত্যাদি।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।