এওঁ হয় কোন? কি কৰে? (Rakesh Jhunjhunwala)

যিসকলে তেওঁক চিনি পায় তেওঁলোকক কোৱাৰ হয়তো আৱশ্যক নাই যে তেওঁ হয় কোন? কিন্তু যি সকলে তেওঁক চিনি নাপায় তেওঁলোকৰ  বাবেই এই লেখনিতো আগবঢ়ালোঁ।


প্ৰথমে তেওঁৰ বিষয়ে কেইটামান তথ্য আগবঢ়ালোঁ।

● ১৯৮৬ চনতে শ্বেয়াৰ বজাৰত তেওঁৰ প্ৰথমতো ডাঙৰ লাভ অৰ্জন কৰিছিল।

● তেওঁ প্ৰথম শ্বেয়াৰ বজাৰত তেওঁৰ মূলধন হিচাপে ৫০০০ টকাৰ বিনিয়োগ কৰিছিল।

● তেওঁৰ ফিলেনট্ৰফিষ্ট পৰ্টফলিয়ৰ ভিতৰত আছে পুষ্টি আৰু শিক্ষা।

● প্ৰতি ঘণ্টাত ৩৫ লাখ টকাৰ উপাৰ্জন।

● ৫০০০ টকাৰ বিনিয়োগৰ পৰা ৫০০০ কোটি টকা উপাৰ্জন।


এতিয়া হয়তো এওঁৰ বিষয়ে আপোনালোকৰ জানিবলৈ মন গৈছে। ভাবিছে এওঁ হয় কোন? কি কৰে? কেনেদৰে ইমান ডাঙৰ সম্পত্তিৰ মালিক হল?


এই যে ফটোখনত প্ৰধানমন্ত্ৰীৰ লগত দেখিছে সোতোৰা-মোতোৰা কাপোৰ পিন্ধা মানুহজনেই হল ৰাকেশ ঝুনঝুনৱালা আৰু লগত তেওঁৰ পত্নী ৰেখা ঝুনঝুনৱালা।


ভাৰতৰ "ৱাৰেন বাফেট" ৰূপে জনাজাত ৰাকেশ ঝুনঝুনৱালাই এটা মধ্যবিত্ত মাৰোৱাৰী পৰিয়ালত ৫ জুলাই ১৯৬০ চনত জন্ম গ্ৰহণ কৰি পাছলৈ শ্বেয়াৰ বজাৰৰ এজন সফল বিশেষজ্ঞ হয়।

তেওঁ পেশাত এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট, লগতে ভাৰতীয় শ্বেয়াৰ বজাৰৰ এজন কোটিপতি বিনিয়োগকাৰী আৰু ব্যৱসায়ী। তেওঁক ভাৰতীয় শ্বেয়াৰ বজাৰৰ "বিগ বুল" বুলিও জনা যায়। তেওঁক শ্বেয়াৰ মাৰ্কেটৰ ফিনিক্স আৰু ডালাল ষ্ট্ৰীটৰ সম্ৰাট বুলিও জনা যায়।


ৰাকেশ ঝুনঝুনৱালাই মাত্ৰ ৫০০০ টকাৰে শ্বেয়াৰ বজাৰত কৰ্মজীৱন আৰম্ভ কৰিছিল। ৰাকেশ ঝুনঝুনৱালাই তেওঁৰ প্ৰথম গুৰুত্বপূৰ্ণ লাভ অৰ্জন কৰিছিল যেতিয়া তেওঁ ১৯৮৬ চনত টাটা টিৰ শ্বেয়াৰ ৪৩ টকাত ক্ৰয় কৰি তিনি মাহৰ ভিতৰত সেই শ্বেয়াৰ ১৪৩ টকাত বিক্ৰী কৰিছিল। টাটা টিৰ শ্বেয়াৰ ক্ৰয় কৰি বিক্ৰী কৰি তিনিগুণতকৈও অধিক লাভ উপাৰ্জন কৰিছিল। তাৰ লগতে তেওঁ বাটা, চেছা গোৱা, এপোলো হস্পিটেল আৰু ভাৰত ইলেক্ট্ৰনিকছতো বিনিয়োগ কৰিছিল। পৰৱৰ্তী তিনি বছৰত ঝুনঝুনৱালাই ২০-২৫ লাখ টকা উপাৰ্জন কৰিছিল। 


ফৰ্বছ আলোচনী অনুসৰি, ৰাকেশ ঝুনঝুনৱালা হৈছে ২০২১ চনলৈকে ৪.৬ বিলিয়ন ডলাৰ (৩৪৩৮৭ কোটি টকা) মুঠ সম্পত্তিৰ সৈতে ভাৰতৰ ৪৩ তম ধনী ব্যক্তি। ঝুনঝুনৱালাৰ এটা সাক্ষাৎকাৰত কোৱা মতে, দেউতাকৰ কথা শুনিয়েই তেওঁ শ্বেয়াৰ বজাৰৰ প্ৰতি আগ্ৰহ গঢ়ি উঠিছিল। তেওঁ কেৰিয়াৰৰ আৰম্ভণিৰ পৰাই শ্বেয়াৰ বজাৰত ৰিস্ক লবলৈ আৰম্ভ কৰিছিল।


ৰাকেশ ঝুনঝুনৱালাৰ বিষয়ে ইয়াত কিছু আকৰ্ষণীয় তথ্য আগবঢ়াইছো।


● প্ৰাৰম্ভিক জীৱন:

ৰাকেশ ঝুনঝুনৱালাৰ জন্ম ১৯৬০ চনৰ ৫ জুলাইত মুম্বাইত হৈছিল। তেওঁৰ দেউতাক এজন আয়কৰ বিষয়া আছিল। তেওঁৰ দেউতাকৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠানত নাম ভৰ্তি কৰে। তেওঁ কলেজত পঢ়ি থাকোতেই শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা আৰম্ভ কৰিছিল। কলেজ শেষ কৰি তেওঁ দালাল ষ্ট্ৰীটতে নিজৰ জীৱনৰ ভাগ্য পৰীক্ষা কৰিবলৈ সিদ্ধান্ত লৈছিল। জীৱনৰ প্ৰথম মূলধন হিচাপে ৫০০০ টকা, শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিছিল।


● ভাৰতৰ ৱাৰেন বাফেট:

শ্বেয়াৰ বজাৰত যি টকা লগায় তেওঁ ৱাৰেন বাফেটৰ কথা নুশুনাকৈ থকা নাই ছাগৈ। ৱাৰেন বাফেট হল পৃথিৱী বিখ্যাত শ্বেয়াৰ বজাৰৰ বিশ্লেষক, বিনিয়োগকাৰী, ব্যৱসায়ী। "অৰেকল অফ ওমাহা" বুলি জনাজাত ৱাৰেন বাফেট হৈছে সৰ্বকালৰ আটাইতকৈ সফল বিনিয়োগকাৰীসকলৰ ভিতৰত এজন। ঠিক একেদৰেই ৰাকেশ ঝুনঝুনৱালা হল ভাৰতবৰ্ষৰে এজন লেখত লবলগীয়া শ্বেয়াৰ বজাৰৰ বিশ্লেষক আৰু ভাৰতীয় শ্বেয়াৰ বজাৰৰ জ্ঞানৰ বাবেই তেওঁ ভাৰতৰ ৱাৰেন বাফেট হিচাপে জনাজাত।


● পৰোপকাৰী, সমাজৰ বাবে কাম কৰা ব্যক্তি:

তেওঁ সমাজৰ হিতৰ বাবে বহুতো কাম কৰিছে তাৰ ভিতৰত আছে পুষ্টি আৰু শিক্ষা। ঝুনঝুনৱালাই তেওঁৰ উপাৰ্জনৰ ২৫ শতাংশ কিছুমান সংস্থাক দিয়ে যি সমাজত অভাৱগ্ৰস্ত, আশ্ৰয়হীন লোকৰ বাবে কাম কৰে। তথ্য মতে ২০২০ চনত, তেওঁৰ উপাৰ্জনৰ ২৫ শতাংশ তেওঁ দান-বৰঙণি ৰূপে আগবঢ়ায়। তেওঁ আগাষ্টিয়া ইণ্টাৰনেচনেল ফাউণ্ডেচনে পৰিচালনা কৰা কৰ্কট ৰোগত আক্ৰান্ত শিশুসকলৰ আশ্ৰয় স্থল ছেইণ্ট জুডলৈ আৰু অৰ্পন নামৰ এক সংস্থালৈ অৱদান আগবঢ়ায়, যি যৌন শোষণৰ বিষয়ে শিশুসকলৰ মাজত সজাগতা সৃষ্টি কৰাত সহায় কৰে। লগতে তেওঁ অশোক বিশ্ববিদ্যালয়, ফ্ৰেণ্ডছ অফ ট্ৰাইবেলছ ছচাইটি আৰু অলিম্পিক গোল্ড কোৱেষ্টকো সমৰ্থন আৰু সহায় আগবঢ়াই। তেওঁ নৱী মুম্বাইত এখন চকু চিকিৎসালয় নিৰ্মাণৰ কামো কৰি আছে, যি বিনামূলীয়াকৈ ১৫০০০ চকুৰ অস্ত্ৰোপচাৰ কৰিব।


● বলীউডৰ প্ৰতি আগ্ৰহ:

ৰাকেশ ঝুনঝুনৱালা বলীউডৰ চলচ্চিত্ৰৰ প্ৰতি থকা প্ৰেমৰ বাবে সুপৰিচিত। তেওঁ হিন্দী চলচ্চিত্ৰ 'ইংলিছ ভিংলিছ' প্ৰযোজনা কৰিছিল।


● খাদ্য প্ৰিয় ব্যক্তি:

ৰাকেশ ঝুনঝুনৱালা এজন ভোজনবিলাসী মানুহ যি ৰন্ধন শ্ব' উপভোগ কৰি ভাল পায়। তেওঁ বিশেষকৈ চীনা খাদ্য আৰু ৰাস্তাৰ কাষৰ সৰু দোকানত তৈয়াৰী দোচা খায় ভাল পায়।


● ৰেয়াৰ এণ্টাৰপ্ৰাইজ কোম্পানী:

ৰাকেশ ঝুঝুনৱালাই ১৯৮৭ চনত ৰেখা ঝুনঝুনৱালাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। ৰেখাও এগৰাকী শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰী আছিল। ২০০৩ চনত, দম্পতীহালে ৰেয়াৰ এণ্টাৰপ্ৰাইজেছ নামৰ তেওঁলোকৰ নিজা ষ্টক ট্ৰেডিং ফাৰ্ম স্থাপন কৰে। এই নামটো তেওঁ আৰু তেওঁৰ পত্নীৰ প্ৰথম দুটা আদ্যক্ষৰৰ পৰা উদ্ভৱ হৈছে।


● মেগা ষ্টকহোল্ডাৰ:

৩১ মাৰ্চ, ২০২১ তাৰিখলৈকে, ৰাকেশ ঝুনঝুনৱালাই বজাৰত ৩৭ টা ষ্টক ৰাখিছে যাৰ মুঠ মূল্য হব অনুমানিক ২২৮২৫.৯ কোটি টকাৰ অধিক। তেওঁ বেংকিং খণ্ড অত্যন্ত ভাল পায়। যত লাভ প্ৰচুৰ পৰিমাণে পোৱা যায়। হৰ্ষদ মেহতাৰ দিনত তেওঁক ভালুক বোলা হৈছিল আৰু ১৯৯২ চনত চিকিউৰিটি স্কেমৰ পাছত শ্বেয়াৰ বজাৰৰ ষ্টকত টকা লগায় যথেষ্ট ধন উপাৰ্জন কৰিছিল। ভালুক বা বীয়াৰ তেওঁলোকক কোৱা হয় যি শ্বেয়াৰ বজাৰত শ্বেয়াৰৰ মূল্য নিজৰ মতে উঠা-নমা কৰাব পাৰিছিল।


● প্ৰতি ঘণ্টাত ৩৫ লাখ টকাৰ উপাৰ্জন:

তথ্য মতে ৰাকেশ ঝুনঝুনৱালাৰ মুঠ শ্বেয়াৰৰ মূল্য প্ৰতি সপ্তাহত প্ৰায় ৬০ কোটি টকা চোৱে আৰু প্ৰতি মাহে ২৪০ কোটি টকাৰ হাৰত বৃদ্ধি পায়। যদি আমি ইয়াক আৰু অধিক বহলাই কওঁ, তেন্তে তেওঁ শ্বেয়াৰ বজাৰত প্ৰতি ঘণ্টাত প্ৰায় ৩৫ লাখ টকাকৈ উপাৰ্জন কৰে।


● ৩০ বছৰত হাজাৰ হাজাৰ কোটিৰ উপাৰ্জন:

ৰাকেশ ঝুনঝুনৱালাই মাত্ৰ ৩০ বছৰৰ ভিতৰত ৫০০০ টকাৰ বিনিয়োগৰ পৰা ৫০০০ কোটি টকা উপাৰ্জন কৰিছে।


ঝুনঝুনৱালা এপটেক লিমিটেড আৰু হাঙ্গামা ডিজিটেল মিডিয়া এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ আৰু প্ৰাইম ফ'কাচ লিমিটেড, জিঅ'জিট ফাইনেন্সিয়েল চাৰ্ভিচেছ, বিলকেয়াৰ লিমিটেড, প্ৰজ ইণ্ডাষ্ট্ৰিজ লিমিটেড, প্ৰভগ ইণ্ডিয়া লিমিটেড, কনকৰ্ড বায়োটেক লিমিটেড, ইনোভাচিন্থ টেকন'লজিছ (আই) লিমিটেড, মিড ডে মাল্টিমিডিয়া কোম্পানী, ভাইচৰয় হোটেল আৰু টপৰয় চিকিউৰিটি লিমিটেডৰ পৰিচালক মণ্ডলীৰ সদস্য। তেওঁক জনপ্ৰিয়ভাৱে "কিং অফ বুল মাৰ্কেট" বুলিও কোৱা হয়।


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।