Star Trail মানেনো কি? What is Star Trail?

আমি প্ৰায়ে ফটোত দেখি থকা Star Trail মানে হৈছে তৰাবোৰৰ এক নিৰন্তৰ পথ, যিটো পথেৰে আগবঢ়া সকলো তৰাৰ গতি কেমেৰাৰ লং এক্সপ'জাৰ (Long exposure) ছেটিংগছৰ সহায়ত একেলগে আৱদ্ধ কৰা হয়। নিশাৰ আকাশত দেখি থকা সকলোবোৰ গ্ৰহ-নক্ষত্ৰৰ নিজস্ব এটা পথ থাকে। যেনেকৈ সূৰ্য পূবৰ ফালে উদয় হয় আৰু পশ্চিমে মাৰ যায়, ঠিক তেনেকৈ মহাকাশত বিস্তৃত হৈ থকা প্ৰতিটো গ্ৰহ আৰু নক্ষত্ৰ পৃথিৱীৰ ঘূৰণৰ ফলত পূবৰ পৰা পশ্চিমলৈ ধাৱমান হোৱা দেখা যায়। এই গতিপথটোকেই কেমেৰাত লং এক্সপ'জাৰ চেটিংগছৰ সহায়ত কেইবাখনো ফটো তুলি একেলগ কৰি দিয়া হয়। তাৰ ফলস্বৰূপে আমি দেখা পাওঁ অগণন তৰাৰ নিজস্ব পথসমূহ।


What is Star Trail (in Assamese)?

  তলৰ ফটো খনত দেখা পোৱা তৰাবোৰৰ ৰিংটোৰ একদম কেন্দ্ৰত থকা তৰাটো হৈছে Polaries অথবা North Star অথবা Pole Star।

ফটো: Priyangshu Sarma


ই হৈছে মহাকাশৰ এক উজ্জ্বল তৰাবোৰৰ ভিতৰত দেখা পোৱা ৪৬তম উজ্জ্বল নক্ষত্ৰ। ইয়াৰ দূৰত্ব হৈছে আমাৰ পৃথিৱীৰ পৰা প্ৰায় ৪৩৩ আলোকবৰ্ষ। Pole Star ৰ অৱস্থান আমাৰ পৃথিৱীৰ উত্তৰ দিশে। সেয়েহে লং এক্সপ'জাৰত যেতিয়া ফটো খন তোলো, তেতিয়া পৃথিৱীৰ ঘূৰণৰ ফলত অন্য তৰাবোৰৰ অৱস্থান আমি ফটোত দেখা পোৱা ৰিঙটোৰ দৰে ঘূৰণীয়া হৈ যায়। কিন্তু পৃথিৱীৰ উত্তৰ মেৰুৰ পৰা ৯০ ডিগ্ৰী কোণত Polaries তৰা অৱস্থিত বাবে ইয়াৰ গতিৰ অৱস্থানটো আমি একেটা স্থানতে ৰৈ থকা যেন পাওঁ। নিশাৰ ফৰকাল আকাশখনত উত্তৰ ফালে মুখ কৰি আমি যদি চাই ৰওঁ, তেন্তে এই তৰাটো আমাৰ চকুত অতি সহজে দৃশ্যগোচৰ হয়।

   -Priyangshu Sarma

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।