ৱিকিপিডিয়া (Wikipedia) কি? ৱিকিপিডিয়াত আপুনি কেনেকৈ লিখিব?

ৱিকিপিডিয়া কি?

ৱিকিপিডিয়া  (Wikipedia) এখন মুক্ত বিশ্বকোষ। সাধাৰণতে ৱিকিপিডিয়া ব্যৱহাৰ কৰা পাঠকসকলৰ নিচিনা সাধাৰণ মানুহেই পৰস্পৰে পৰস্পৰৰ লগত সহযোগিতা কৰি ৱিকিপিডিয়া লিখি উলিয়াইছে। এনেকৈ লিখাকে সহযোগিতামূলক সংকলন (Collaborative editing) বোলে।

IMAGE - pixabay.com


ৱিকিপিডিয়াৰ ৱেবছাইটটোত এনে কৰাৰ বিশেষ সুবিধা প্ৰদান কৰা হৈছে, যাতে পৃথিৱীৰ যিকোনো স্থানৰে পৰা কৰিব পৰা সহস্ৰাধিক সম্পাদনাকাৰ্যও সকলোৱে একেলগে কৰি থাকিব পাৰে। এনে ৱেবছাইটক "ৱিকি" বোলা হয়। সম্পাদনাৰ ৰেকৰ্ডসমূহ যিকোনো পৃষ্ঠাৰ "ইতিহাস চাওক" "টেব"ৰ পৰা বা শেহতীয়া সালসলনিসমূহ পৃষ্ঠাৰ পৰা চাব পাৰি। 

Wikipedia, free Internet-based encyclopedia, started in 2001, that operates under an open-source management style. It is overseen by the nonprofit Wikimedia Foundation. Wikipedia uses a collaborative software known as wiki that facilitates the creation and development of articles.


Wikipedia ত আপুনি কেনেকৈ লিখিব?

প্ৰথম কথা: লিখিবলৈ ভয় নকৰিব - যি কোনো ব্যক্তিয়ে ৱিকিপিডিয়াৰ প্ৰায় সকলো পৃষ্ঠাতে লিখিব পাৰে, আৰু আমি তেওঁলোকক সাহসী হ'বলৈ উৎসাহ যোগাইছোঁ! অন্য কামো কৰিব পাৰে - যেনে: বানান, ব্যাকৰণ আদি চাই দিয়া, কোনো এটা প্ৰবন্ধ উন্নত বা সুখপাঠ্য কৰা, নতুন কিবা সংযোগ-বিয়োগ কৰা ইত্যাদি। নতুন তথ্য যদি যোগ কৰিব খুজিছে তেন্তে অনুগ্ৰহ কৰি উপযুক্ত প্ৰসংগ সূত্ৰ যোগ কৰে যেন যাতে প্ৰয়োজন অনুসৰি মিলাই চাব পৰা যায়। (উত্‍সৰ উল্লেখ আৰু প্ৰামাণ্যতা চাই লওক।) প্ৰাসংগিক তথ্য প্ৰবন্ধৰ আলোচনা পৃষ্ঠাতো লিখিব পাৰে। বিতৰ্ক সৃষ্টি হ'ব পৰা বিষয়ে এনেকৈ আলোচনা কৰি লিখাই ভাল।

ভয় নকৰিব, ৱিকিপিডিয়া আপুনি লিখা কাৰণে "বেয়া" হ'ব নোৱাৰে, কিবা হ'লে ইয়াক সহজতে আগৰ নিচিনা কৰিব পৰা যায়, বা আপোনাক কোনেও গালিও নিদিয়ে। লিখা-মেলাত ভুল হ'লেও পাচত কোনোবাই নিশ্চয় শুধৰাই লিখিব।



আপুনি যদি এজন পঢ়ুৱৈ

আপুনি বিভিন্ন উপায়েৰে ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সোৱাদ ল'ব পাৰে।

নিৰ্দিষ্ট কোনো বিষয়ৰ অনুসন্ধান

আপুনি বিচৰা কোনো নিৰ্দিষ্ট শব্দ বা বাক্যাংশ সম্বলিত প্ৰবন্ধ চাবলৈ ৱিকিপিডিয়াৰ যিকোনো পৃষ্ঠাৰ ওপৰত থকা অনুসন্ধান ঘৰটোত সেয়া লিখি "Enter" টিপক। মনত ৰাখিব মাজে সময়ে চাৰ্ভাৰৰ ওপৰত অতিৰিক্ত চাপ পৰিলে ৱিকিপিডিয়াৰ নিজস্ব অনুসন্ধান প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ কৰি ৰখা হয়। তেতিয়া আপোনাক স্বয়ংক্ৰিয়ভাৱে গুগলৰ (Google) অনুসন্ধান পৃষ্ঠালৈ লৈ যোৱা হ'ব। নিশ্চিতভাৱে নাম জনা কোনো বিষয় বিচাৰিবলৈও একে প্ৰক্ৰিয়া অৱলম্বন কৰক।

অনিৰ্দিষ্ট যিকোনো প্ৰবন্ধ

অ-পূৰ্বনিৰ্ধাৰিতভাৱে কোনো প্ৰবন্ধ চাব খুজিলে ৱিকিপিডিয়াৰ পৃষ্ঠাৰ বাওঁফালে থকা যিকোনো প্ৰবন্ধ সংযোগটোত ক্লিক কৰক।


বিষয়শ্ৰেণী অনুযায়ী অনুসন্ধান

নিৰ্দিষ্ট বিষয়বস্তু বা বিভাগৰ প্ৰবন্ধ চাব খুজিলে বেটুপাতৰ বিষয়সূচীলৈ যাওক।


মন্তব্য কৰিবলৈ

যদি আপুনি কোনো প্ৰবন্ধত ভুল তথ্য দেখিছে বা সেইটো উন্নত কৰিবলৈ পৰামৰ্শ আগবঢ়াব খুজিছে, তেন্তে প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠালৈ গৈ "সম্পাদনা" বা "বিষয় যোগ" টিপক আৰু খোল খোৱা পৃষ্ঠাত আপোনাৰ গঠনমূলক পৰামৰ্শ লিখক।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।