APJ Abdul Kalam's inspirational message ॥ এ পি জে আব্দুল কালামৰ অনুপ্ৰেৰণামূলক বাণী



 ড° এ পি জে আব্দুল কালামৰ অনুপ্ৰেৰণামূলক বাণীঃ

♦️ মোৰ মৃত্যুত বন্ধ ঘোষণা নকৰিবা, বৰঞ্চ এটা দিন বেছিকৈ কাম কৰি দিবা । যদি মোক সঁচাকৈ ভালপোৱা ।

♦️ সকলো চৰায়েই বৰষুণত গছৰ ডালত আশ্ৰয় লয়, কিন্তু ঈগলে মেঘৰ ওপৰত উৰি ডাৱৰক কটাক্ষ কৰে । সমস্যা একেই, কিন্তু সমাধানৰ পন্থাই পাৰ্থক্য আনি দিয়ে ।

♦️ জীৱনত সমস্যাৰ অত্যন্ত প্ৰয়োজন, তেতিয়াহে সফলতা উপভোগ কৰিব পাৰি ।

♦️ সপোন, সপোন, সপোন । সপোনক চিন্তালৈ আৰু চিন্তাক কাৰ্যলৈ ৰূপান্তৰ কৰা । সপোন সেয়া নহয় যি শুই শুই দেখা যায়, সপোন সেয়া যি শুব নিদিয়ে ।

♦️ জীৱনৰ জটিলতা তোমাক ধ্বংস কৰিবলৈ নাহে । বৰঞ্চ ইয়াৰ দ্বাৰা তোমাৰ ধৈৰ্য আৰু শক্তিক পৰীক্ষা কৰিবলৈ এক সুযোগ দিয়ে । সেয়েহে জটিলতাক বুজাই দিয়া তুমিও যে জটিল ।

♦️ তোমাৰ কৰ্মক ভাল পাবা, কৰ্ম প্ৰতিষ্ঠানক নহয় । কাৰণ তুমি নাজানা কেতিয়া তোমাক তোমাৰ কৰ্ম প্ৰতিষ্ঠানে ভাল পাবলৈ এৰি দিয়ে ।

♦️ মই ধুনীয়া ব্যক্তি নহয়, কিন্তু মই কাৰোবাক সহায়ৰ বাবে হাত এখন আগুৱাই দিব পাৰো । সৌন্দৰ্য্য অন্তৰত থাকে, মুখমণ্ডলত নহয় ।

♦️ প্ৰথম সাফল্যৰ পিছত জিৰণি নল'বা, কাৰণ দ্বিতীয়টোত অসফল হ'লে প্ৰথমটো তোমাৰ সৌভাগ্য বুলি সকলোৱে ক'ব ।

♦️ যদি তুমি সূৰ্য্যৰ দৰে উজ্জ্বল হ'ব খোজা, তেন্তে সূৰ্য্যৰ দৰে প্ৰথমে নিজকে পুৰিব লাগিব ।

♦️ কাৰোবাক হৰুৱাবলৈ সহজ কিন্তু কাৰোবাক জয় কৰাটো অত্যন্ত কঠিন ।

♦️ এটি ভাল কিতাপ এশজন ভাল বন্ধুৰ সমান কিন্তু এজন ভাল বন্ধু এখন  লাইব্ৰেৰীৰ সমান ।

♦️ তুমি তোমাৰ ভৱিষ্যত পৰিবৰ্তন কৰিব নোৱাৰিবা কিন্তু তুমি তোমাৰ অভ্যাস পৰিবৰ্তন কৰিব পাৰিবা আৰু তোমাৰ এই অভ্যাসেই নিশ্চিত ভাৱে এদিন তোমাৰ ভৱিষ্যত পৰিবৰ্তন কৰিব ।

♦️ সফলতাৰ গল্প নপঢ়িবা কাৰণ তাৰ পৰা তুমি মাথো বাৰ্তা পাবা । ব্যৰ্থতাৰ গল্প পঢ়া তেতিয়াহলে সফল হোৱাৰ কিছু ধাৰণা পাবা ।

♦️ জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক । জীৱনে শিকাই সময়ক ভালকৈ ব্যৱহাৰ কৰিবলৈ, সময়ে শিকাই জীৱনৰ মূল্য দিবলৈ ।

♦️ জীৱন হ'ল এক জটিল খেলা । ব্যক্তিত্ব অৰ্জনৰ মাধ্যমত তুমি তাক জয়ী কৰিব পাৰা ।

♦️ জটিল কামতেই বেছি আনন্দ পোৱা যায় । সেয়ে সফলতাৰ আনন্দ লাভ কৰাৰ বাবে মানুহৰ কাম জটিল হোৱা উচিত ।

♦️ যিসকলে মনৰ পৰা কাম নকৰে, আচলতে তেওঁলোকে একোৱেই অৰ্জন কৰিব নোৱাৰে । আৰু কৰিলেও সেইটো হয় অৰ্ধেক হৃদয়ৰ সফলতা । তাত সকলো সময়তে একধৰণৰ তিক্ততা থাকি যায় ।

♦️ কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা ৷ বৰং সমস্যাকহে তোমাৰ অধীৰ কৰা আৰু নি:শেষ কৰা ৷


*সংগ্ৰহ

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।