ডিম্পু বৰুৱাৰ বিষযে কিছু কথা ॥ Dimpu Baruah Biography

 



 হেই দৌস্তৌ আহক আজি বেলেগকৈ আৰম্ভ কৰোঁ। মানে মানে মানে আজি তেওঁৰ বিষয়েই কওঁ।শেষলৈকে পঢ়িব নাপাহৰিব

 বেলেগতকৈ অলপ বেলেগকৈ।

 দিম্পু বৰুৱা আমাৰ সকলোৰে পৰিচিত নাম। হেই দৌস্ত বুলি আৰম্ভ কৰা সহজ সৰল মানুহজনেই দিম্পু বৰুৱা।অলপ বেলেগতকৈ বেলেগ ভবা মানুহজন।

বহুতো ঘাট-প্ৰতিঘাটৰ মাজত ডাঙৰ হোৱা মানুহজন। সফলতা সহজে পোৱা বস্তু নহয় নাইবা বজাৰত কিনা,সফলতা কষ্টৰ ফলত পোৱা যায় আৰু অধ্যয়ন।

 আপোনাৰ পৰিচিত সেই ব্যক্তিজনেও বহুতো কষ্ট কৰি আজি এইখিনি পাইছেহি আহকচোন তেওঁৰ বিষয়ে অলপ জানি লওঁ।

 ১৯৯৫ চনৰ ৬ আগষ্ট তাৰিখে পিতৃ পিতাম্বৰ বৰুৱাৰ ঘৰত মাতৃ লটিকা বৰুৱাৰ ঘৰত জন্ম গ্ৰহণ কৰিছিল দিম্পু বৰুৱাই। প্ৰায় এবছৰ বয়সৰ পৰাই পাঠশালাৰ মোমায়েকৰ ঘৰত থাকিছিল দিম্পু বৰুৱাই।

 ইয়াতেই 

  পাঠশালা বাৰশ বাৰ নং মধ্যনাং বিদ্যালয়ত শিক্ষা আৰম্ভ হৈছিল।  তাৰপাছত পাঠশালাত থকা চৌখুটি হাইস্কুলত নামভৰ্তি কৰে আৰু তাত সপ্তম শ্ৰেণীলৈকে পঢ়িছিল।

 সপ্তম শ্ৰেণীতে শেষ হৈছিল তেওঁৰ পাঠশালাৰ জীৱন। ইয়াৰ পাছত তেওঁ উভটি আহিছিল নিজৰ ঘৰলৈ। বহুদিনৰ মূৰত নিজ ঘৰত আনন্দিত হৈ পৰিছিল তেওঁ। সৰু জীৱন সৰু সৰু সুখবোৰেই উদযাপন কৰোঁ। তাতে নিজৰ ঘৰখনক আহিব পোৱাটো কিমান আনন্দৰ হব। কিন্তু নিজৰ বাল্য বন্ধু আৰু মোমায়েকৰ ঘৰ খনক এৰি অহাও দুখৰ নহয় জানো।

 ঘৰলৈ আহি ব্ৰজলক্ষ্মী বিদ্যালয়ত সপ্তম শ্ৰেণীত নামভৰ্তি কৰে বৰুৱাই।  তাৰপাছত দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অষ্টম শ্ৰেণীত নামভৰ্তি কৰে আৰু তাৰ পৰাই মেট্ৰিক দ্বিতীয় বিভাগত পাছ কৰে।

পৰীক্ষাৰ পাছ কৰাৰ আনন্দ আৰু নতুন কলেজত যোৱাৰ আনন্দকণো যে কিমান ভাল লাগে নহয় জানোঁ।তেওঁৰো একেই লাগিছিল।


ইয়াৰ পাছত ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমী জুনিয়ৰ কলেজৰ পৰা প্ৰথম বিভাগত হায়াৰ ছেকেণ্ডাৰী পাছ কৰে।


তাৰপাছত কলেজীয়া শিক্ষা নলবাৰী কলেজৰ পৰা আৰম্ভ কৰে আৰু ইংৰাজী বিষয়ত মেজৰ লৈ প্ৰথম বিভাগত পাছ কৰে।


ইয়াৰ পাছত দুইবছৰীয়া পাঠ্যক্ৰম D.el,ed( diploma elementary education) পাছ কৰে।

 ইয়াৰ পাছত বৰ্তমান দিম্পু বৰুৱাই  মুক্ত বিশ্ববিদ্যালয়ৰ পৰা M.A কৰি আছে।

 দিম্পু বৰুৱা এগৰাকী সুদক্ষ শিক্ষক হিচাপে আমাৰ মাজত পৰিচিত

তেওঁ স্কুলৰ সৰু ল'ৰা ছোৱালীবোৰক ইংৰাজী বিষয়ৰ পাঠদান কৰে।

 দিম্পু বৰুৱাই এটা জিঅ' ফোন কিনে আৰু তাতে যিকোনো ভিডিঅ' বনাই ইউটিউবত আপলোদ কৰে। এইয়াই আৰম্ভণি তেওঁৰ। যদিও ভিডিঅ'বোৰত কোনো সৰহ সংখ্যক সঁহাৰি পোৱা নাছিল তথাপিও ভিডিঅ' আপলোদ কৰি আছিল। আৰু এনেদৰেই তেওঁ ওচৰৰে স্কুল এখন গৰ্ডন স্কুলৰ জৰাজীৰ্ণ অৱস্থা ভিডিঅ' এটা বনাই আপলোদ কৰিছিল।

 লাহে লাহে ভিডিঅ' টোৱে সঁহাৰি পাইছিল আৰু ভিডিঅ'টো কেইবাটাও নিউজ চেনেলত ঠাই পাইছিল সেয়ে তেওঁ ভিডিঅ' বনাবলৈ দুগুণ উৎসাহ পাইছিল আৰু আৰম্ভ হৈছিল তেওঁৰ ইউটিউবৰ জীৱন।

বৰ্তমান প্ৰায় তেওঁৰ দুইটা চেনেলত 6 লাখ পঞ্চাশ হাজাৰ চাবচক্ৰাইবাৰ। এজন সফল অসমীয়া ইউটিউবাৰ।

তাৰপাছতো তেওঁ বহুতো ভিডিঅ' বনাই আপলোদ কৰিছিল। কিন্তু ইমান সঁহাৰি পোৱা নাছিল। এনেদৰেই তেওঁ কষ্ট কৰি গৈছিল। কথা এষাৰ আছে নহয় বোলে লাগি থাকিলে মাগি নাখায় ইয়াৰ উদাহৰণ যেন দিম্পু বৰুৱা। হয়োত তেওঁক সহজে অপমান কৰে কিছু লোকে,হয়োতো বহুতে বেয়া পায় কিন্তু লক্ষ লক্ষ লোকে আদৰি লৈছে তেওঁক। বেলেগতকৈ বেলেগ ভবা তেওঁ কাকো টো আমনি কৰা নাই মাত্ৰ কৰি গৈছে কষ্ট দি গৈছে আপোনাক আনন্দ।

আজি পুখুৰীত গা ধুইছে,কাইলৈ লণ্ডনত ডিনাৰ কৰি দেখাইছে, আজি আপোনাক আনন্দ দিছে,কাইলে মেকানিকেল কিবা শিকাইছে। এইয়াই যেন তেওঁৰ জীৱন।

মানে মানে মানে আজি এনদৰেই আৰম্ভ কৰিলো। কথাখিনি শেষলৈকে পঢ়িবলৈ নাপাহৰিব।

এনেদৰেই এদিন তেওঁ জিঅ' চিমৰ ভিডিঅ এটা বনাই আপলোদ কৰিছিল। আৰু সেই ভিডিঅ'টো বহু সংখ্যক সঁহাৰি পোৱাৰ পাছৰে পৰা আজিলৈকে তেওঁৰ যাত্ৰা। মাথো কষ্ট। বহুজনে তেওঁৰ ভিডিঅ' দি তেওঁৰ ভিউচ বঢ়াব বিচাৰে কিন্তু সেইয়া কৰি তেওঁক হতাশ নকৰিব। কাৰণ তেওঁ কাকো কপি নকৰে বেলেগতকৈ বেলেগ ভাবে,বেলেগ কৰে।

তেওঁৱেই দিম্পু বৰুৱা। সকলোৰে পৰিচিত এটি নাম।

" ভাগি নপৰা মানুহজন

কষ্ট থাকিলেও মুখত হাঁহিটি লৈ কয়

হেই দৌস্ত,

ঘৰৰ কোঠাৰ পৰা আৰম্ভ

দেশৰ বাহিৰলৈকে

যুদ্ধ তেওঁৰ দৈনন্দিন কাম

জীৱনে হৰুৱাব নোৱাৰা

তেওঁৱেই নলবাৰীৰ দিম্পু বৰুৱা"

এইদৰেই ধাৱিত তেওঁৰ যাত্ৰা। লক্ষ লক্ষ অনুৰাগী।

তেওঁ হৰা নাছিল,নাহাৰে কোনোদিন। তেওঁ মাথো যুঁজিব শিকিছে।

হেই দৌস্তৰ পৰা আৰম্ভ তেওঁৰ যাত্ৰা এতিয় সকলোৰে মুখে মুখে।

মানে মানে আহক চোন চেনেলটো চাব্ক্ৰাইব কৰোঁ লগতে ঘন্টা বুটামটো টিপিবলৈ নাপাহৰিব।

অপমান তেওঁ পাইছিল

হৰা নাই কোনোদিন

লাজ তেওঁকো দিছিল

তেওঁ গুৰুত্ব দিয়া নাছিল

পাছফালৰ পৰা তেওঁকো টানিছিল

পাছলৈ গুছি যোৱা নাছিল।

জীৱন, হাঁহি, সকলো কাঢ়িব বিচাৰে বহুজনে

তেওঁ সেইসকলৰ কথা শুনা নাছিল

লক্ষ্য স্থিৰ, কৰ্ম কৰ্তব্য

আশাৰ পম খেদি

সপোনৰ পাছ লৈ

সৃষ্টি হৈছিল

তেওঁৱেই দিম্পু বৰুৱা।।।


(ডেভিদ কংকণৰ পৰা সংগ্ৰহ)

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।