অসমৰ জিলাসমূহ: Districts of Assam in Assamese

ভাৰতবৰ্ষৰ জিলাৰ সংজ্ঞা হ'ল - জিলা উপায়ুক্তৰ দ্বাৰা শাসিত এক প্ৰশাসনিক ভৌগোলিক অঞ্চল, আইন শৃংখলা অটুট ৰখা দ্বায়িত্ব বহন কৰা জিলা ন্যায়াধীশৰ কাৰ্যালয় সমূহ আৰু ৰাজহ সংগ্ৰহৰ দ্বায়িত্বত থকা ৰাজহ বিষয়া সকলৰ সমন্বয় ৰক্ষা কৰা।

অসমৰ জিলাসমূহ: Districts of Assam in Assamese
Image: Wikipedia

অসমৰ জিলাসমূহ: Districts of Assam in Assamese

সাধাৰণতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকল জিলা উপায়ুক্ত হয় যদিও কেতিয়াবা অসম প্ৰশাসনিক সেৱাৰ বিষয়া সকলকো এই পদত নিযুক্তি দিয়া হয়। জিলা উপায়ুক্তক সহায় কৰিবলৈ যথেষ্ট সংখ্যক বিভিন্ন অতিৰিক্ত প্ৰশাসিনক বিষয়া থাকে। আইন শৃংখলা আৰু তেনে ধৰণৰ বিষয় সমূহ নিয়াৰিকৈ চলোৱাৰ দ্বায়িত্বত এজন ভাৰতীয় পুলিচ সেৱাৰ বিষয়া এজন আৰক্ষী অধীক্ষক ৰূপে থাকে। বৰ্তমান অসমত ৩৪খন জিলা আছে। ২০১৫ চনৰ ১৫ আগষ্টত তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পাঁচখন নতুন জিলা গঠন কৰাৰ কথা ঘোষণা কৰে।পুনৰ ২৬ জানুৱাৰী ২০১৬ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আৰু দুখন জিলা ক্ৰমে পূব কামৰূপ আৰু দক্ষিণ কামৰূপ ঘোষণা কৰে, যদিও পৰ্যাপ্ত প্ৰশাসনিক আন্তঃগাঁঠনি নথকাৰ বাবে ৭ অক্টোবৰ ২০১৬ তাৰিখে এক কেবিনেট সভাত সাময়িকভাৱে স্থগিত ৰখা হয়। ২৭ জুন ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰিল আৰু অসমৰ মুঠ জিলাৰ সংখ্যা ৩৩ হ’ল। ২০২০ চনৰ ৮ আগষ্ট তাৰিখে অসম কেবিনেটে বৰপেটা জিলাৰ বজালী মহকুমাক জিলালৈ উন্নীত কৰা প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত অসমৰ মুঠ জিলাৰ সংখ্যা ৩৪ খন হ'ল।


অসমৰ জিলাসমূহ

অসমৰ ৩৪খন জিলা হ'ল:
কোডজিলাসদৰজনসংখ্যা (২০১১)মাটিকালি (বৰ্গ কিমি)ঘনত্ব (প্ৰতি বৰ্গ কিমি)
UDওদালগুৰি#ওদালগুৰি৮৩২,৭৬৯১,৬৭৬৪৯৭
CAকাছাৰশিলচৰ১,৭৩৬,৩১৯৩,৭৮৬৩৮১
KUকামৰূপআমিনগাঁও১,৫১৭,২০২৩,১০৫৫২০
KMকামৰূপ মহানগৰগুৱাহাটী১,২৬০,৪১৯৯৫৫৮২০
KGকাৰ্বি আংলংডিফু৯৬৫,২৮০৭,৩৯৯৭৮
KJকোকৰাঝাৰ#কোকৰাঝাৰ৯৩০,৪০৪৩,১২৯২৯৭
KRকৰিমগঞ্জকৰিমগঞ্জ১,২১৭,০০২১,৮০৯৫৫৫
GGগোলাঘাটগোলাঘাট১,০৫৮,৬৭৪৩,৫০২২৭০
GPগোৱালপাৰাগোৱালপাৰা১,০০৮,৯৫৯১,৮২৪৪৫১
CHচিৰাং#কাজলগাঁও৪৮১,৮১৮১,৪৬৮৩২৮
CDচৰাইদেউসোণাৰি৯৩৯
DIডিব্ৰুগড়ডিব্ৰুগড়১,৩২৭,৭৪৮৩,৩৮১৩৪৭
DHডিমা হাছাওহাফলং২১৩,৫২৯৪,৮৯০৪৪
TIতিনিচুকীয়াতিনিচুকীয়া১,৩১৬,৯৪৮৩,৭৯০৩০৩
SMদক্ষিণ শালমাৰা-মানকাচৰহাটশিঙিমাৰি৫৫৫,১১৪৫৬৮৯৮০
DRদৰংমঙ্গলদৈ৯০৮,০৯০৩,৪৮১৪৩২
DUধুবুৰীধুবুৰী১,৯৪৮,৬৩২২,৮৩৮৫৭৬
DMধেমাজিধেমাজি৬৮৮,০৭৭৩,২৩৭১৭৬
NNনগাঁওনগাঁও২,৮২৬,০০৭৩,৮৩১৬০৪
NBনলবাৰীনলবাৰী৭৬৯,৯১৯২,২৫৭৫০৪
WKপশ্চিম কাৰ্বি আংলংহামৰেণ২,০০,০০০৩,০৩৫
BOবঙাইগাঁওবঙাইগাঁও২,০৬০,৫৫০১,৭২৪৪২৫
BKবাক্সা#মুছলপুৰ৯৫৩,৭৭৩২,৪০০৩৯৮
BSবিশ্বনাথবিশ্বনাথ চাৰিআলি৫,৮০,০০০৩,০০০৫৩০
BPবৰপেটাবৰপেটা১,৬৯৩,১৯০৩,২৪৫৫০৬
-বজালীপাঠশালা---
MJমাজুলীগড়মূৰ১৬৭,৩০৪৮৮০৩০০
MAমৰিগাঁওমৰিগাঁও৯৫৭,৮৫৩১,৭০৪৪৫৫
JOযোৰহাটযোৰহাট১,০৯১,২৯৫২,৮৫১৩৫৪
LAলখিমপুৰউত্তৰ লখিমপুৰ১,০৪০,৬৪৪২,২৭৭৩৯১
SVশিৱসাগৰশিৱসাগৰ১,১৫০,২৫৩২,৬৬৮৩৯৫
STশোণিতপুৰতেজপুৰ১,৯২৫,৯৭৫৫,৩২৪৩১৫
HAহাইলাকান্দিহাইলাকান্দি৬৫৯,২৬০১,৩২৭৪০৯
HJহোজাইহোজাই৯৩১,২১৮

# - চিহ্ন দিয়া জিলাকেইখন বড়োলেণ্ড স্বায়ত্ত্বশাসিত এলেকাৰ অধীনত পৰে

তথ্য সংগ্ৰহ: as.wikipedia.org
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।