দৃষ্টিহীন লোকে টকাৰ নোটসমূহ কেনেকৈ চিনাক্ত কৰে: How can blind people recognize money notes

আপুনি বাৰু ভাৰতৰ টকাৰ নোটসমূহৰ দুটা মুৰ কাষত এনেদৰে //// চিহ্ন সমূহ লক্ষ্য কৰিছেনে? নোটসমূহত এই চিহ্ন সমূহ কিয় থাকে জানেনে?

সাধাৰণতে নোটসমূহত থকা কোনো এটা চিহ্ন দেখিব ভাল লাগিবলৈ নিদিয়ে, প্ৰতিটো চিহ্ন কিবা নহয় কিবা এটা কাৰণতহে দিয়া থাকে। আজি আমি জানো আহক নোটসমূহৰ কাষত ///// এনেকুৱা চিহ্ন কিয় দিয়া থাকে।


How can blind people recognize money notes

দৰাচলতে এই চিহ্ন সমূহ চকুৰে প্ৰত্যক্ষ কৰি নোটসমূহ চিনাক্ত কৰিব পৰা লোকৰ বাবে নহয়। এই চিহ্ন সমূহ দৃষ্টিহীন (অন্ধ) লোকৰ বাবে দিয়া হয় তেওঁলোকৰ এই চিহ্ন দ্বাৰা নোটসমূহ চিনাক্ত কৰাত সহায় কৰে। আপুনি দৃষ্টিহীন লোকক লক্ষ্য কৰিবচোন তেওঁলোকক নোটসমূহ দিলে তেওঁলোকে লওতে পথালি কৰি দুখন হতে দুটা মুৰত চুই চাই।


Image: Internet


বৰ্তমান ভাৰতৰ নতুন নোট সমূহত এনেদৰে দিয়া থাকে :

২০০০ টকীয়া নোটত এনেদৰে ৭ ডাল আঁচ থাকে / // / // /

৫০০ টকীয়া নোটত এনেদৰে ৫ ডাল আঁচ থাকে // / //

২০০ টকীয়া নোটত এনেদৰে ২ ডাল, ২ ডালৰ মাজত দুটা ষ্টাৰ থাকে // ** // 

১০০ টকীয়া নোটত এনেদৰে ৪ ডাল আঁচ থাকে // //

কিন্তু পুৰণি নোটসমূহত চিহ্ন বেলেগ আছিল।


info: Facebook

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।